Ripunjay Bordoloi

জ্ঞান অৰ্জনত শিশুৰ অক্ষমতা

– published on Satsari, April, 2015

কোৱা হয় সকলো শিশুৱে জন্মতে এক সুস্থ আৰু সবল মস্তিষ্ক লৈ জন্মগ্ৰহণ কৰে৷ অৰ্থাৎ কোনোৱেই বেছি বা কম বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালী হিচাপে জন্ম নহয়৷
কথাটো সম্পূৰ্ণ সত্য নহয়৷
বহুত ল’ৰা-ছোৱালী এনে আছে যি নেকি জন্মৰ পিছৰে পৰা কিছুমান কথা নিজৰ আয়ত্তলৈ আনিব নোৱাৰে বা সহজে বোধগম্য নহয়৷
যেনে ধৰক, কিছুমান ল’ৰা-ছোৱালীয়ে শুনা, ভবা, কথা কোৱা, পঢ়া বা লিখা কামবোৰত বৰ অসুবিধা পায়৷ যাৰ বাবে তেওঁলোক আনমনা হৈ থাকে, বৰকৈ কথা নাপাতে আৰু লগৰ আন ল’ৰা-ছোৱালীৰ পৰা দূৰত থাকিবলৈ বিচাৰে৷
বহুত ল’ৰা-ছোৱালীয়ে কাক কেনেদৰে ব্যৱহাৰ কৰিব, কোনবোৰ কথাত খং কৰিব লাগে, শোক কৰিব লাগে– সেইবোৰৰ প্ৰতি অজ্ঞতা প্ৰকাশ কৰে৷
শিশুৱে জ্ঞান অৰ্জনৰ ক্ষেত্ৰত অক্ষমতা প্ৰকাশ কৰিলেও সেই শিশু কিন্তু মূৰ্খ বা মানসিক পংগু বা অপৈণত নহয়৷
আনহাতে কিছুসংখ্যক শিশুৱে লিখা আৰু পঢ়াত অক্ষমতা প্ৰকাশ কৰিলেও কিন্তু সংগীত বা খেলাধূলাত আচৰিত ধৰণে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷
এই বিচিত্ৰতানো শিশুৰ মাজত কিয় হয় তাকে আজি এই লেখাৰ জৰিয়তে পঢ়ুৱৈ সমাজক জনাবলৈ বিচৰা হৈছে৷
জ্ঞান আহৰণত সৃষ্টি কৰা বাধাসমূহ ঃ
ডিছলেক্সিয়া [Dyslexia] ঃ এইক্ষেত্ৰত শিশুৱে ভাষাৰ ব্যৱহাৰ আৰু বোধগম্যতাত সাংঘাতিকভাবে কষ্ট কৰিবলগীয়া হয়৷ ডাইলেক্সিয়াত ভোগা শিশুৱে কোনো কথা ভবা, কোৱা, শুনা, পঢ়া আৰু লিখাত সমস্যাৰ সন্মুখীন হয়৷
কিন্তু এনে শিশুসমূহৰ অতিমাত্ৰাত এক সৃষ্টিশীল মন থাকে৷
বহু প্ৰখ্যাত বিজ্ঞানী যি স্কুলীয়া জীৱনত বুৰ্বক, মূৰ্খ, অকৰ্মণ্য হিচাপে বিবেচিত হৈছিল; পিছৰকালত স্কুলীয়া শিক্ষা নোহোৱাকৈয়ে বহুতো বস্তু আৱিষ্কাৰ কৰি মানৱ জাতিক উপহাৰ দি থৈ গৈছে৷
ডিছন’মিয়া [Dysnomia] ঃ এইক্ষেত্ৰত অলপ আগতে শিকোৱা জীৱ-জন্তু বা অন্য কিহবাৰ নাম পিছমুহূৰ্ততে দুনাই সুধিলে শিশুটিৰ হয় মনত নাথাকে বা থাকিলেও স্পষ্ট ৰূপত নামবোৰ উচ্চাৰণ কৰিব নোৱাৰে৷
ডিছগ্ৰফিয়া [Dysgraphia] ঃ এই প্ৰকাৰত শিশুসকলে লিখামেলা কৰাত অসুবিধা পোৱা দেখা যায়৷
ডিছকেলকুলিয়া [Dyscalculia] ঃ এই প্ৰকাৰত দেখা যায় যে শিশুটিয়ে প্ৰাথমিক গণিতীয় দক্ষতা [যেনে ঃ 1 ৰ পিছত 2 হয় বা 1+1=2] আদিৰ জ্ঞান অৰ্জনত বাধাৰ সৃষ্টি হয়৷
উপৰিউক্ত সকলোবোৰ অক্ষমতাৰ ভিতৰত ডিছলেক্সিয়া জ্ঞান অৰ্জনত অক্ষমতা দেখুওৱা প্ৰায় ৮০ শতাংশ শিশুৰ ক্ষেত্ৰত দেখা যায়৷
ডিছলেক্সিয়া এনে এবিধ অক্ষমতা যি নেকি শিশুটিৰ সম্পূৰ্ণ জীৱনকালতে ইয়াৰ প্ৰভাৱ দেখা পোৱা যায়৷
অক্ষমতাৰ মূল কাৰণ ঃ
জ্ঞান অৰ্জনৰ অক্ষমতাৰ মূল কাৰণ দুটিৰ উৎস হ’ল সিৰাসমূহৰ জৈৱিক গাঁথনি আৰু বংশগতি বুলি ধৰা হয়৷
* বংশগতি ঃ জ্ঞান অৰ্জনৰ অক্ষমতা পৰিয়ালকেন্দ্ৰিক হয়৷ এইক্ষেত্ৰত কিছুমান জিনক দায়ী কৰা হয়৷
* ARXজিন ঃ এই জিনবিধৰ X ক্ৰম’ছ’মে জ্ঞান অৰ্জনৰ অক্ষমতাৰ চৰিত্ৰ বহন কৰে৷ পুৰুষবোৰে এই ARX জিন কঢ়িয়াই ফুৰে, সেইবাবে বংশ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এই অক্ষমতাৰ এটা সংযোগ স্থাপন হৈ পৰে৷ মহিলাতকৈ পুৰুষ এই অক্ষমতাত বেছিকৈ ভোগে৷
হ্ৰস্ব-দৈৰ্ঘ্যৰ ক্ৰ’ম’ছম ১৮ আৰু ক্ৰ’ম’ছম ৬ ঃ
ডিছলেক্সিয়া অক্ষমতাত ভোগা প্ৰায় ২০০ পৰিয়ালৰ শিশুসকলৰ ওপৰত পৰ্যবেক্ষণ কৰি দেখা গৈছে যে আমাৰ দেহত থকা ২৩ যোৰ ক্ৰ’ম’ছমৰ ভিতৰত ক্ৰ’ম’ছম ১৮ আন ক্ৰ’ম’ছমৰ তুলনাত চুটি৷ যাৰফলত শিশুটিয়ে এই অক্ষমতাত ভুগিব লগা হয়৷ ইয়াৰ উপৰি ক্ৰ’ম’ছম ৬ , ক্ৰ’ম’ছম ২ আৰু ১৫ ৰ আকাৰৰ তাৰতম্য ঘটিলে ডিছলেক্সিয়া ৰ দৰে জ্ঞান অৰ্জনৰ অক্ষমতাত শিশুসকলক ভোগা দেখা পোৱা যায়৷ কেনেদৰে এই জিনসমূহে শিশুৰ প্ৰাকৃতিক বিকাশত বাধাৰ সৃষ্টি কৰে তাক বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ 

সিৰা জৈৱিক কাৰণ ঃ
গৱেষণাত দেখা গৈছে যে কিছুমান জৈৱিক কাৰণৰ বাবেও ডিছলেক্সিয়া অক্ষমতাত ভোগে৷ এই অক্ষমতাত ভোগা শিশুৰ আৰু সুস্থ শিশুৰ সিৰাসমূহৰ গঠন আৰু কামৰ পাৰ্থক্য স্পষ্টভাৱে ধৰিব পাৰি৷
আমাৰ মগজু দুটা ভাগত বিভক্ত, যাক প্লেনাম টেমপ’ৰেল [Planum Temporale] বোলা হয়৷ ডিছলেক্সিয়াত ভোগা শিশুৰ প্লেনাম টেমপ’ৰেল দুটা প্ৰায় সমান জোখৰ হয়, কিন্তু সুস্থ শিশুৰ প্লেনাম টেমপ’ৰেলৰ বাওঁকাষটো দৃষ্টিকটুভাৱে সোঁকাষটোতকৈ ডাঙৰ হয়৷ কিছুসংখ্যক বিজ্ঞানীয়ে মগজুৰ গঠনৰ এই পাৰ্থক্যক ডাইলেক্সিয়া অক্ষমতাৰ কাৰণ বুলি দাবী কৰে৷
শিশুটিৰ অক্ষমতাত মাতৃৰ কিছুমান অভ্যাসে কাৰক হিচাপে দেখা দিয়ে৷
* গৰ্ভত থকা সময়ত, কিছুসময়ৰ বাবে নাড়ী বা নাভি ৰজ্জু পাক খাই পৰিলে ভ্ৰণটিলৈ অক্সিজেন যোৱা বন্ধহৈ পৰে৷ তেনেক্ষেত্ৰত মগজুৰ কিছুমান গঠনৰ খেলিমেলি কৰি পেলায়৷
* গৰ্ভৱতী নাৰীয়ে ধূমপান কৰিলে শিশুটিৰ ওজন ২.২ কিলোগ্ৰামতকৈ কম হোৱাৰ আশংকা থাকে৷ যাৰ ফলত শিশুটিৰ দৈহিক বিকাশত জ্ঞান অৰ্জনৰ লগতে বিভিন্ন বাধাৰ সৃষ্টি কৰে৷
* গৰ্ভৱতী নাৰীয়ে মদ্যপান কৰাটো এক মাৰাত্মক কথা৷ মদ্যপানে হ’ বলগীয়া শিশুটিৰ মগজুৰ বিকাশত গুৰুতৰ বাধাৰ সৃষ্টি কৰে৷ এলকহলে গৰ্ভাৱস্থাত থকা ভ্ৰুণটিৰ স্নায়ুসমূহৰ বিকাশ বন্ধ কৰে৷ তদুপৰি জন্ম ল’বলগীয়া শিশুটিৰ ওজন হ্ৰাস কৰাৰ লগতে হাইপাৰ এক্টিভিটি আৰু বিভিন্ন দৈহিক দুৰ্বলতাৰ সৃষ্টি কৰিব পাৰে৷ যিয়ে শিশুটিৰ শুনা, মনোযোগ দিয়া, মনত ৰখা বা লিখামেলা গুণবোৰত অক্ষমতাৰ সৃষ্টি কৰে৷
* গৰ্ভৱতী অৱস্থাত ড্ৰাগ্‌ছ সেৱন কৰিলে মগজুৰ সংগ্ৰাহকবোৰৰ বিকাশত বাধা দিয়ে৷ আমাৰ বাহ্যিক জগতৰ বিভিন্ন দৈহিক প্ৰভাৱসমূহ চকু, কাণ, নাক, ছাল আদি ইন্দ্ৰিয়ই পঠিওৱা সংকেতসমূহ সংগ্ৰাহকবোৰে সংগ্ৰহ কৰি মগজুক উপযুক্ত ব্যৱস্থা ল’বলৈ নিদেৰ্শ দিয়ে৷ কিন্তু ড্ৰাগ্‌ছ গ্ৰহণৰ ফলত সংগ্ৰাহকৰ বিকাশ বাধাগ্ৰস্ত হোৱাত শিশুটিয়ে বাহ্যিক জগতৰ শব্দ, মাত, কথা আদি বুজিব নোৱাৰে৷
নিৰূপণ ঃ ‘‘লোকৰ ল’ৰাই পৰীক্ষাত ৯০ শতাংশ নম্বৰ পায়, তই কিয় নাপালি?’’ বুলি অভিভাৱকে শিশুটিক গালি পাৰোঁতে কিছু কথা চিন্তা কৰিব লাগিব৷ ঘৰ বা পৰিয়ালৰ ব্যক্তিয়ে শিশুটিৰ অক্ষমতা দেখা নাপায়৷ কিন্তু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে শিশুটিৰ মাজত থকা পাৰ্থক্য সহজে উপলদ্ধি কৰিব পাৰে৷ গতিকে অভিভাৱকে পৰীক্ষাৰ ৰিজাল্টলৈ অপেক্ষা নকৰি শিক্ষকসকলক লগ ধৰি তেওঁৰ শিশুটিৰ পঢ়াশুনাৰ অগ্ৰগতিৰ খতিয়ান লোৱাটো প্ৰয়োজন৷ অন্যথা প্ৰকৃত কাৰণ ধৰা নপৰিলে শিশুটিৰ লগতে ঘৰখনতো অশান্তিৰ সৃষ্টি হ’ব৷
চিকিৎসা ঃ প্ৰায় ছয় দশক ধৰি বিভিন্ন অক্ষমতাত ভোগা শিশুক ঔষধৰ দ্বাৰা চিকিৎসা কৰি সফলতা লাভ কৰিব পৰা গৈছে৷ ৰিটালিন মিথাইলফেনিডেট [Ritalin methylphenidate], ডিক্সিড্ৰাইন ডেক্সট্ৰ’মফিটামিন [Dexedrine Dextroamphetemine] আৰু কাইলাৰ্ট পেমালিন [Cylert pemaline] নামৰ তিনিবিধ ঔষধ ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে৷ এই ঔষধবোৰে শিশুটিৰ বিভিন্ন ধৰণৰ অক্ষমতা দূৰ কৰাৰ লগতে শিশুটিৰ কিছুমান আচৰিত ধৰণৰ অতিসক্ৰিয় [Hyperactive] ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে৷
খোৱা বোৱাত বাধা
জ্ঞান অৰ্জনৰ অক্ষমতাত ভোগা শিশুটিৰ; মিঠাই, কেন্দি, শীতল পানীয় [যেনে- ক’কাক’লা, পেপ্‌ছি, ফাণ্টা আদি], চক্‌লেট, নুড’লছ [যেনে ঃ মেগি, চাও চাও আদি], চুপ [soups], কৃত্ৰিম সুস্বাদু খাদ্য, কফি আদি খাদ্য তালিকাৰ পৰা বাহিৰত ৰাখিব লাগে৷ সেইসকল শিশুৱে ঘেঁহুৰ ব্ৰেড [wheat bread], মাংস, মাছ, সতেজ ফলমূল, শাক-পাচলি, কণী, শুদ্ধ গাখীৰৰ পনিৰ [পাউডাৰ গাখীৰ নহয়] আৰু বহুত পৰিমাণে পৰিষ্কাৰ পানী খাব লাগে৷
বলিউডৰ ‘‘তাৰে জমীন পৰ’’ [Tare Zamen Par] নামৰ আমীৰ খান অভিনীত ছবিখনৰ মূল কাহিনীভাগ এই অক্ষমতাৰ ওপৰতে নিৰ্ভৰশীল৷ ছবিখনৰ শিশু চৰিত্ৰটিয়ে আন শিশুৰ দৰে লিখাপঢ়া কৰিবলৈ অক্ষম যদিও ছবি অঁকাত অত্যন্ত পাকৈত৷ তেনে ধৰণৰ অক্ষমতাত ভোগা শিশুক কেনেদৰে ডাঙৰ-দীঘল কৰিব লাগে, জ্ঞান অৰ্জন কৰাব লাগে সকলোবোৰ ছবিখনত সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছে৷
গতিকে আপোনাৰ শিশুটিক ভালদৰে লক্ষ্য কৰি তাক তাৰ চৰিত্ৰৰ লগত খাপ খোৱা কৰ্মৰাজিৰে সফল ব্যক্তি হিচাপে ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰক৷ ল’ৰা-ছোৱালী স্কুলত পঢ়িলে বুলিয়েই যে ডাক্তৰ, ইঞ্জিনীয়াৰ হ’বই লাগিব সেই মনোভাৱ পৰিত্যাগ কৰক৷ শিশুটিয়ে নিজে গঢ়িব নিজৰ ভৱিষ্যত, কেৱল আপুনি শুদ্ধ পথটিৰে সহপাঠীৰ দৰে আগুৱাই নিয়ক৷
[সাতসৰী, এপ্ৰিল- ২০১৫]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!