Ripunjay Bordoloi

ভোট জলকীয়া

– published on Natun Rangmela, September, 2015

ভোট জলকীয়াক বেংগলীত মৰিছ বা বিষ ঝাল বুলি কয়৷ তাৰোপৰি ইউ মৰক বা ৰঙা নগা জলকীয়া বুলি কোৱা ভোট জলকীয়াই বিশ্বৰ আটাইতকৈ বেছি জ্বলা গুণসম্পন্ন জলকীয়াৰ খিতাপ এটা সময়ত পাইছিল বুলি আমি সকলোৱে জানো৷
বৰ্তমানে মহিলাৰ সুৰক্ষাৰ বাবে ভোট জলকীয়াৰে বনোৱা স্প্ৰে বজাৰত উপলব্ধ হৈছে৷ ভোট জলকীয়াৰে তৈয়াৰী মলমৰ [oinment] ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ মাংসপেশীৰ বিষ নিৰাময় কৰিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে৷
জলকীয়াৰ গৰম বা জ্বলা গুণটো জুখিবলৈ ‘স্ক’ভাইল’ নামৰ স্কেল ব্যৱহাৰ কৰা হয়৷ পৃথিৱীৰ ভিতৰত আটাইতকৈ গৰম জলকীয়াৰ খিতাপ পোৱা ভোট জলকীয়াৰ জ্বলা স্ক’ভাইল স্কেলত 1041427 SHU হয়৷
এই জলকীয়াৰ খেতি সাধাৰণতে ভাৰত আৰু বাংলাদেশত কৰা হয়৷ ভাৰতৰ বিশেষকৈ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, অসম আৰু মণিপুৰত ভোট জলকীয়াৰ খেতি কৰা হয়৷ ভোট জলকীয়া ‘কেপচিকাম চাইনেনছ’ [capsicum chinense] আৰু ‘কেপচিকাম ফ্ৰাণ্টেচিনচ’ [capsicum fruntescens] নামৰ জিন দুটাৰ অন্তঃপ্ৰজাতিৰ সংকৰণৰ ফলত জন্ম হৈছে৷
২০০৭ চনত গ্ৰীনিছ বুক অৱ ৱল্ডেৰ্ ভোট জলকীয়াক পৃথিৱীৰ আটাইতকৈ বেছি গৰম অথবা জ্বলা জলকীয়া বুলি স্বীকৃতি প্ৰদান কৰিছিল৷ ইয়াৰ আগতে ‘টেবাস্ক’ চ’চ’ৰ [Tabasco sauce] নামৰ জলকীয়াৰ গৰমক সবাটোকৈ বেছি বুলি গণ্য কৰা হৈছিল৷ কিন্তু ভোট জলকীয়াৰ গৰম ‘টেবাস্ক’ চ’চ’[Tabasco sauce] 401.7 গুণে বেছি হয়৷ ‘টেবাস্ক’ চ’চ’ ৰ [Tabasco sauce] স্ক’ভাইল স্কেলত গৰম 2500 ৰ পৰা 7000 SHU (Scoville heat units)৷
২০১১ চনত ভোট জলকীয়াৰ এই স্বীকৃতি নগা ভাইপাৰ জলকীয়াই কাঢ়ি নিয়ে৷ এই জলকীয়াবিধৰ গৰম ৰ,৩৮২,১১৮ SHU৷ ইয়াক ইংলেণ্ডৰ ‘কুমব্ৰিয়’ৰ [Cumbria] ‘কাৰ্ক’ত [Cark] থকা ‘চিলি পেপাৰ উদ্যোগ’ ৰ [Chilli pepper Company] খেতিয়ক গেৰাল্ড ফ’লাৰয়ে [Gerald Fowler] এই বীজ অংকুৰণ কৰিছিল৷
ইয়াক ভোট জলকীয়া, নগা জালুক [Naga Marich] আৰু ট্ৰিনিদাদ স্ক’ৰপিয়ান [Trinidad Scorpion] সংকৰণ কৰি উৎপন্ন কৰিছিল৷ সংকৰণ চৰিত্ৰৰ বাবে ইয়াৰ পিছৰ প্ৰজন্ম সম্ভৱ নাছিল৷
তাৰ পিছতে ২০১২ চনত ট্ৰিনিদাদ ম’ৰুগা স্ক’ৰপিয়নে [Tinidad moruga scorpion] এই স্বীকৃতি পায়৷ এইবিধ জলকীয়াৰ স্ক’ভাইল স্কেল গড়ে 1,200,000 SHU হ’লেও ই বাঢ়ি গৈ 2,000,000 SHU পৰ্যন্ত হয়৷ এই জলকীয়া ট্ৰিনিদাদ আৰু টাবাগ’ দেশৰ ম’ৰুগা জিলাত উৎপত্তি হৈছিল৷
যদিও 2013 চনৰ 26 ডিচেম্বৰ তাৰিখে ‘ট্ৰিনিদাদ ম’ৰুগা স্ক’ৰপিয়নৰ’ ঠাইত ‘কেৰ’লিনা ৰিপাৰক’হে [Carolina Reaper] এই স্বীকৃতি প্ৰদান কৰা হয়৷ এইবিধ জলকীয়াৰ স্ক’ভাইল স্কেলত গৰম 1,150,000SHUৰ পৰা ২,২০০,০০০ SHU লৈ হয়৷ ইয়াৰ মূল উৎস হ’ল ‘কেপচিকাম চাইনেনছ’ [capsicum chinense] নামৰ প্ৰজাতিৰ জিন৷ যাক মূলত ‘HP২২BNH’ বুলি জনা যায়৷
এই জলকীয়াৰ গুটি অংকুৰণ কৰাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াৰ ফৰ্ট মিলত থকা ‘পাকাৰ বাট জলকীয়া উদ্যোগ’ত [Pucker Butt Pepper Company] কাম কৰা ‘ইড কুৰি’ [Ed Currie] নামৰ কৃষি বিশেষজ্ঞ গৰাকীয়ে৷
এইবিধ জলকীয়া ভোট জলকীয়া আৰু ‘ৰঙা হেবেনৰু জলকীয়া’ [Red Habanero Pepper] নামৰ দুবিধ জলকীয়াৰ মাজত সংকৰণ ঘটাই উৎপন্ন কৰা হৈছে৷
কিন্তু ‘নিউ মেস্কিক’ ষ্টেট ইউনিভাৰ্চিটি’ৰ [New Maxico State University] ‘চিলি পেপাৰ প্ৰতিষ্ঠানে’ [Chili Pepper Institute]ৰ মতে ‘কেৰ’লিনা ৰিপাৰ’ আৰু ‘ট্ৰিনিদাদ ম’ৰুগা স্ক’ৰপিয়ন’ৰ মাজত কোনো বিশেষ পাৰ্থক্য নাই বুলি অভিমত দিছে৷
চাৰিত্ৰিক বৈশিষ্ট্য ঃ ভোট জলকীয়া দীঘলে ৬০ ৰ পৰা ৮৫ মিমি আৰু বহলে ২৫ ৰ পৰা ৩০ মিমি হয়৷ ইহঁতৰ বৰণ সাধাৰণতে ৰঙা, হালধীয়া, কমলা অথৱা চকলেট ৰঙৰ হয়৷
ভোট জলকীয়াৰ চৰিত্ৰ আন সাধাৰণ জলকীয়াৰ দৰেই৷ ইহতৰ ছালখন পাতল হয়৷ ভোট জলকীয়া দুই প্ৰকাৰৰ থাকে৷ এবিধৰ ফলৰ ছাল খহটা আৰু আনবিধৰ সমৃণ হয়৷ খহটা ফলৰ গছবোৰ ওখ আৰু বেছি জোপোহা হয়৷ কিন্তু মসৃণ ফলৰ গছবোৰ চাপৰ, কম গা-গছৰ হলেও ইহঁতৰ উৎপাদন ক্ষমতা অতি বেছি হয়৷ গছজোপাৰ উচ্ছতা ৪৫ ছেমিৰ পৰা ১২০ ছেমি আৰু গা-গছ সেউজীয়া হয়৷ পাতৰ ৰঙো সেউজীয়া হয়৷ পাতৰ দৈৰ্ঘ্য ১০.৬৫ ছেমিৰ পৰা ১৪.২৫ ছেমি আৰু প্ৰস্থ 5.4 ৰ পৰা 7.5 ছেমি হয়৷
ফলৰ আকাৰ কিছুমান প্ৰায় শংকুআকৃতিৰ [subconical] আৰু আন কিছুমান শংকুআকৃতিৰ [conical] হয়৷ ইহত বহলে 2.5 ছে:ি হয়৷ ওজনত 6.95 গ্ৰামৰ পৰা 8.97 গ্ৰাম পৰ্যন্ত হয়৷ 1000 টা ভোট জলকীয়া গুটিৰ ওজন 4.1 ৰ পৰা 7.2 গ্ৰাম হয়৷ এটা জলকীয়াত ১৯ ৰ পৰা ৩৫ টালৈকে গুটি থাকে৷
ভোট জলকীয়া কলিৰ পৰা পূৰঠ ফল হ’বলৈ ১৬০ দিন লাগে৷ ইয়াৰ বীজ 8 ৰ পৰা 10 সপ্তাহলৈকে 70 Degree Feranhite উষ্ণতাত ৰাখিলে তাৰ পৰা গঁজালি ওলায়৷
ভোট জলকীয়া খাদ্যৰ মচলা হিচাপে ব্যৱহাৰ কৰা হয়৷ ইয়াক কেঁচা আৰু শুকান দুই ধৰণে আমি ব্যৱহাৰ কৰি আহিছোঁ৷ ভোট জলকীয়া অকল খাদ্যত জ্বলা পাবলৈ ব্যৱহাৰ কৰাতকৈ চালাদ, চাটনি, আচাৰ, আঞ্জা আদিত ইয়াৰ অনন্য গোন্ধ আৰু সোৱাদৰ কাৰণেহে বেছিকৈ ব্যৱহাৰ কৰা হয়৷ বিভিন্ন মাংস আৰু মাছ শুকানে সংৰক্ষণ কৰি ৰাখিবলৈ ভোট জলকীয়া অতীৱ প্ৰয়োজনীয়৷
উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলে ভোট জলকীয়াৰে খাদ্য সংৰক্ষণ অতীজৰে পৰা কৰি আহিছে৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বাচিবলৈ স্থানীয়ভাৱে নিৰ্মিত বোমাতো ভোট জলকীয়া ব্যৱহাৰ কৰা হয়৷
সুৰক্ষাৰ আহিলা ঃ ২০০৯ চনত সামৰিক গৱেষণা আৰু উন্নয়ন সংস্থা [DRDO, Defence Research & Development Organisation]য়ে ভোট জলকীয়াক হস্ত গ্ৰেণেডত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়৷ এই গ্ৰেণেডৰ সহায়ত প্ৰতিবাদী সমদল, আন্দোলন, ধৰ্মঘট আদিক নিয়ন্ত্ৰণ কৰাৰ লগতে গোপন কক্ষত থকা সন্ত্ৰাসবাদী শিবিৰৰ পৰা সন্ত্ৰাসবাদীক বাহিৰলে অনাত সহায়ক হ’ব বুলি অনুষ্ঠানটিৰ বিশেষজ্ঞই মন্তব্য দিয়ে৷
বৰ্তমান চৰকাৰে নিবনুৱা সংস্থাপন দিয়াৰ উদ্দেশ্যে ভোট জলকীয়া খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ সকলো সা-সুবিধা জনসাধাৰণক যোগান ধৰিছে৷ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত থকা DRDO ৰ সঞ্চালক আৰ বি শ্ৰীবাস্তৱে [R.B. Srivastava] ভোট জলকীয়াৰ পৰা প্ৰস্তুত কৰা এৰ’ছ’ল স্প্ৰে [aerosol spray] ক নিজকে সুৰক্ষিত কৰি ৰখাৰ অতি উত্তম হাথিয়াৰ বুলি কৈছে৷
এই লিখনিৰ পৰা দেখা গ’ল যে, বিশ্বৰ সকলোবোৰ জ্বলা জলকীয়া সংকৰণত আমাৰ ভোট জলকীয়াৰ জিন ব্যৱহাৰ কৰা হৈছে৷ ২০১৩ চনৰ ১৯ জুনত জেচন মেকনেৱ [Jason McNabb] নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিয়ে লছ এঞ্জেলেছত হোৱা ‘গ্ৰীনিছ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত’ ২ মিনিটত ৬৬ গ্ৰাম ভোট জলকীয়া খাই বিশ্ব ৰেকৰ্ড গঢ়ে৷ ই আমাৰ বাবে অতি গৌৰৱৰ কথা৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু নিবনুৱা যুৱক-যুৱতী চাহ বাগিচা খুলি স্বাৱলম্বী হোৱা দেখা গৈছে৷ যিসকলৰ খেতি মাটি অথবা চাহখেতি মাটিৰ অভাৱ, সেইসকল যুৱক-যুৱতীয়ে নিজৰ বাৰীতে থকা আধা কঠাতকে কম মাটিত চৰকাৰৰ সাহায্যৰ সহায়ত ভোট জলকীয়াৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰে৷
গতিকে ভোট জলকীয়াই অসমৰ পৰা নিৱনুৱা সমস্যাৰ ভূতটো কিছু পৰিমাণে আঁতৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷
[নতুন ৰংমেলা, ছেপ্টেম্বৰ,২০১৫]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!