Ripunjay Bordoloi

চন্দ্ৰযানৰ সফলতাৰ পিছত গগনযান

– published on Natun Rongmela, Oct, 2019

ভাৰতবৰ্ষই চন্দ্ৰযান- ২ ৰ ক্ষেত্ৰত লাভ কৰা সফলতাই আজি বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে৷ কাৰণ চন্দ্ৰযানৰ সমস্ত পৰিকল্পনা আৰু ইয়াত প্ৰয়োজন হোৱা সকলো আহিলা-পাতি, প্ৰযুক্তি ভাৰতৰ নিজা৷ শেষ মুহূৰ্তত সংযোগ বিছিন্ন হ’লেও চন্দ্ৰযানে চন্দ্ৰৰ বাতাৱৰণত সফলতাৰে অন্তভুৰ্ক্তি হ’বলৈ সক্ষম হ’ল৷
বিশ্বৰ প্ৰায়বোৰ দেশৰ বিজ্ঞানীয়ে ভাৰতৰ এই সফলতাক প্ৰশংসা কৰাৰ লগতে শুভেচ্চামূলক বাৰ্তা প্ৰেৰণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসফলতাত আৱেগ বিহ্বল হৈ পৰা ইছৰ’ৰ বিজ্ঞানীসকলৰ লগতে ভাৰতৰ কোটি কোটি জনগণক কৈছে, ‘‘এইয়া পৰাজয় নহয়, এইয়া জয় লাভৰ প্ৰাকমুহূৰ্তত লাভ কৰা ক্ষণিক তিক্ততা, গতিকে আমি নিৰাশ নহৈ নতুন উদ্যমৰে আগবাঢ়ি যোৱা উচিত…’’৷
মোদীৰ এই ভাষণে বিজ্ঞানীসকলকগগণযানৰ দৰে আকাশীযানৰ ওপৰত কাম তীব্ৰগতিত কৰি তুলিবলৈ অনুপ্ৰাণিত কৰা দেখা গৈছে৷ গগণযানৰ প্ৰাথমিক কাম আৰু অধ্যয়ন আৰম্ভ হৈছিল ২০০৬ চনত আৰু ইয়াৰ প্ৰকৃত নাম আছিল কক্ষপথীয় যান৷
পোনপ্ৰথমে ইয়াৰ আৰ্হি ,অতি সাধাৰণভাৱে দুজন মহাকাশচাৰীক মহাকাশত এসপ্তাহ ৰাখিব পৰাকৈ এটা কেপচুল প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল৷ ২০০৮ চনত ইয়াৰ আৰ্হিয়ে পূৰ্ণাঙ্গ ৰূপ পায় আৰু ভাৰত চৰকাৰক বাজেট দাখিল কৰে৷
মহাকাশযানত মহাকাশচাৰীৰ পৰিভ্ৰমণৰ সম্পূৰ্ণ পৰিকল্পনাক ভাৰত চৰকাৰে ২০০৯ চনত অনুমোদন দিয়ে৷ কিন্তু ৰাজনৈতিক সহযোগিতাৰ অভাৱত এই প্ৰকল্পই আৰ্থিক সাহায্য পোৱাত হীন-দেঢ়ি হোৱা বাবে প্ৰকল্পৰ কামৰ অগ্ৰগতি মন্থৰ হৈ পৰে৷
এনেদৰে চলি থকাৰ সময়তে ২০১৩ চনত প্ৰথমবাৰৰ বাবে মানৱবিহীন মহাকাশযানৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি অনুমোদনৰ কাৰণে প্ৰেৰণ কৰা হয়৷ ২০১৩ চনত চৰকাৰৰ ওচৰলৈ প্ৰেৰণ কৰা অনুমোদনৰ কোনো অগ্ৰগতি দেখা নগ’ল৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০১২ চনত ভাৰত চৰকাৰৰ ফালৰ পৰা গোটেই প্ৰকল্পটোৰ ওপৰত আৰ্থিক অনুদান আগবঢ়োৱাটো সম্ভৱ নহয় বুলি কোৱাৰ লগে লগে গগণযানৰ বিষয়টোৱেই অনিশ্চিত হৈ পৰিছিল৷
কিন্তু সুখবৰ যে ২০১৪ চনৰ আৰম্ভণিতে গগণযানৰ প্ৰকল্পৰ ওপৰত চৰকাৰে অনুমোদন দিয়ে৷ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৱে ৫৫০ কেজিৰ এটা মহাকাশলৈ পঠোৱাকেপচুলৰ পুনঃউদ্ধাৰৰ পৰীক্ষা সম্পন্ন কৰে৷
২০১৮ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ মহাকাশ গৱেষণাৰ এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মানৱ মহাকাশযান আঁচনিক গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷
এই নতুন পৰিকল্পনাত দুজন মহাকাশচাৰীৰ সলনি তিনিজনক ৰখাৰ কথা সংযোগ কৰা হয়৷ নতুন আঁচনিত মহাকাশযানখনে অন্য মহাকাশযানৰ লগত সংযোগ হ’ব পৰাৰ লগতে মহাকাশত থকা অন্যান্য মহাকাশচাৰীৰ লগত সাক্ষাৎ কৰিব পৰা ব্যৱস্থাও সন্নিৱিষ্ট কৰা হৈছে৷
গগণযান সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে চলা মহাকাশযান৷ ইয়াৰ ওজন ৩.৭ টন হোৱাৰ লগতে উৎক্ষেপণৰ পৰা এসপ্তাহ মহাকাশত পৰিভ্ৰণ কৰি সুৰক্ষিতভাৱে তিনিজন মহাকাশচাৰীক পৃথিৱীলৈ কঢ়িয়াই আনিবলৈ সামৰ্থ্য আছে৷ ৰকেট উৎক্ষেপণ হোৱাৰ প্ৰথম স্তৰৰ পৰা দ্বিতীয় স্তৰলৈকেকেপচুলৰ ভিতৰত থকা মহাকাশচাৰীয়ে তাৎক্ষণিকভাৱে মিছন বন্ধ কৰিব পাৰে নতুবা আপাতকালীন পৰিস্থিতিত সুৰক্ষিতভাৱে ইয়াৰ পৰা ওলাই অহাৰো ব্যৱস্থা আছে৷
গগণযান মহাকাশযানখন হিন্দুস্তান এৰ’নেটিক্‌ছ লিমিটেড আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ থলুৱা পদ্ধতিৰে নিৰ্মিত এখন যান৷ ২০১৪ চনৰ ১৩ ফেব্ৰুৱাৰীত হিন্দুস্তান এৰ’নেটিক্‌ছ লিমিটেডে গগণযানৰ আৰ্হি ইছৰ’ক প্ৰদান কৰিছিল আৰু উক্ত অনুষ্ঠানটোৱেমানৱবিহীন গগণযানৰ পৰীক্ষামূলক উৰণ ২০১৪ চনৰ ১৮ ডিচেম্বৰত সফলতাৰে সমাপন কৰিছিল৷ এইবছৰৰে মে’ মাহত হিন্দুস্তান এৰ’নেটিক্‌ছ লিমিটেডে আৰু ইছৰ’য়ে মানৱ নিব পৰা মহাকাশযানৰ মডেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷
মহাকাশলৈ তিনিজনকৈ মহাকাশচাৰী পঠিওৱাৰ আগতে ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰথমটো উৰণ পৰীক্ষণ কৰা হ’ব৷ দ্বিতীয় উৰণ পৰীক্ষণ ২০২১ চনৰ জুলাই মাহত অনুষ্ঠিত কৰা হ’ব৷ এই দুয়োটা প্ৰশিক্ষণৰ সফল সমাপ্তিৰ পিছতহে ২০২১ চনৰ ডিচেম্বৰ মাহত মহাকাশচাৰী তিনিজনক মহাকাশলৈ এসপ্তাহৰ কাৰণে পঠিয়াব৷
উক্ত দিনা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা জি এছ এল ভি এম কে III নামৰ ৰকেটে গগণযানক লৈ উৰা মাৰিব৷ উৎক্ষেপণৰ ১৬ মিনিটৰ পিছতে ৰকেটে গগণযানক পৃথিৱীৰ পৰা ৩০০ৰপৰা ৪০০ কিল’মিটাৰ দূৰলৈ আঁতৰাই নিব৷ সেই নিৰ্দিষ্ট দূৰত্বতে গগণযানে পৃথিৱীক এসপ্তাহ ধৰি প্ৰদক্ষিণ কৰি থাকিব৷ এসপ্তাহ পিছত পৃথিৱীলৈ ওভতনি যাত্ৰা আৰম্ভ হোৱা সময়ত গগণযানৰ সকলোবোৰ চাৰ্ভিচ মডুল আৰু সৌৰ পেনেল বন্ধ হৈ পৰিব৷
বঙ্গোপ সাগৰৰ আন্দমান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ উপকূলত অৱতৰণ কৰিবলগীয়া গগণযানখনত দুটাকৈ পেৰাছ্যুট থাকিব৷ সাধাৰণতে মানৱবিহীন গগণযানত এটা পেৰাছ্যুটৰ ব্যৱস্থা ৰখা হয়৷ এটা পেৰাছ্যুট আপাতকালীন পৰিস্থিতিৰ বাবেহে মহাকাশচাৰী যাবলগীয়া যানখনত সংলগ্ন কৰা হ’ব৷ কাৰণ কোনো অঘটন নহ’লে সুৰক্ষিত অৱতৰণৰ কাৰণে এটা পেৰাছ্যুটেই যথেষ্ট৷ এটা পেৰাছ্যুটে, প্ৰতি ছেকেণ্ডত ২১৬ মিটাৰ গতিত অৱতৰণ কৰা গগণযানৰ গতিবেগ হ্ৰাস কৰি প্ৰতিছেকেণ্ডত ১১ মিটাৰ কৰি তুলিব৷
গগনযানত যাবলবীয়া মহাকাশচাৰীসকলক ৰাছিয়াত প্ৰশিক্ষণ প্ৰদান কৰা হৈ আছে৷ ভাৰত চৰকাৰে ১০০ বিলিয়ন টকা খৰছ কৰা গগণযানৰ মূল উদ্দেশ্য হ’ল– পৃথিৱাৰ নিম্ন কক্ষপথত ইয়াক প্ৰদিক্ষণ কৰোৱাই মহাকাশচাৰী তিনিজনক সুৰিক্ষিতভাৱে নিৰ্দষ্ট স্থানত অৱতৰণ কৰোৱা৷
গগণযানেই হ’ব ভাৰতৰ প্ৰথম থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মানৱ কঢ়িয়াই নিয়া মহাকাশযান৷ চন্দ্ৰযান-1 আৰু চন্দ্ৰযান-২ ৰ সফলতাই ভাৰতক মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশ্বতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে স্থান ল’বলৈ সক্ষম হৈছে৷
অনাগত দিনত গগনযানে ভাৰতীয় মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ স্থিতি আৰু দৃঢ় কৰাৰ লগতে আমি নিজা প্ৰযুক্তিৰে দেশক উন্নতিৰ দিশত ধাৱমান কৰিব পাৰিম৷ কাৰণ ভাৰতবৰ্ষৰ দৰে ক্ষীপ্ৰ উন্নয়নশীল দেশে বিভিন্ন দিশক উন্নত কৰিবলৈ প্ৰতিবছৰে নিত্য নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা সমৰাস্ত্ৰ, আচবাব যথেষ্ট অৰ্থ ব্যয় কৰি আন দেশৰ পৰা কিনিবলগীয়া হয়৷ এনেধৰণৰ মহাকাশ অভিযানসমূহে ভাৰতৰ বিজ্ঞানীসকলক নিজাকৈ প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ বাধ্য কৰায়৷
শেষত, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰত আৰু আগুৱাই যাওক তাৰে কামনা কৰিলোঁ৷
[নতুন ৰংমেলা, অক্টোৱৰ, ২০১৯]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!