Ripunjay Bordoloi

অৰণ্য মানৱ যাদৱ পায়েং

– published on Otabi, 100 years Celebration Magazine of Behali Reserve Forest, March 2017 

যোৰহাটৰ পৰা উত্তৰে জগন্নাথ বৰুৱা পথেৰে প্ৰায় ১০ কিল’মিটাৰ গ’লে ব্ৰহ্মপুত্ৰৰ পাৰতে পোৱা যায়– ককিলামুখ৷ তাৰ কাষৰে ২ নং মিছিং গাঁৱত থাকে ‘মুলাই’৷ ককিলামুখৰ পৰা খৰালি খোজকাঢ়ি অথবা ট্ৰেক্টৰৰ সহায়ত বালিচৰ আৰু মাজে মাজে সৰু সৰু পানীৰ সুঁতি পাৰ হৈ ৩-৪ কিল’মিটাৰমান গ’লে ঔৱনা চাপৰিত থকা মুলাই কাঠনি পোৱা যায়৷ এই কাঠনিলৈ ভাৰতৰ ‘অৰণ্য মানৱ’ যাদৱ পায়েঙক লগ কৰিবলৈ১৫ এপ্ৰিল ২০১৪ তাৰিখে বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাৰ নেতৃত্বত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ চাৰিজনীয়া দল [সুমন্ত বৰুৱা, ত্ৰিদিপ নীলিম দত্ত আৰু লেখক] এটা গৈছিলো৷ যোৰহাটৰ এজন ডেকা সংবাদসেৱী, প্ৰকৃতি-লেখক, আলোকচিত্ৰকৰ জিতু কলিতাই আমাক মুলাইক লগ ধৰাত সকলো ব্যৱস্থা কৰি দিছিল৷
জিতু কলিতাই ২০০৭-০৯ চনৰ কালছোৱাত যাদৱ পায়েঙৰ সংস্পৰ্শলৈ আহি, তেওঁৰ সেই কোনেও মন নকৰা অৰণ্যখনৰ অধ্যয়ন কৰি সেই বাৰ্তা জনমানসলৈ আনিবলৈ প্ৰয়াস কৰিছিল৷ তেওঁ ২০১০ চনৰ ২৫ জানুৱাৰিৰ ‘দৈনিক জনমভূমি’ এটা বাতৰিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মুলাই অৰণ্যৰ কথা সংবাদ মাধ্যমৰ পোহৰলৈ আনিছিল৷
কানাডাৰ উইলিয়াম ডগ্‌লাছ মেকমাষ্টাৰৰ ৰচনা আৰু পৰিচালনাৰে ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰই ২০১৩ চনত লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ‘ছিনেমেটিক আৰ্টছ’ৰ আন্তৰ্জাতিক ফিল্ম মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিছিল৷
বহাগ মাহৰ সেই দিনটোত পুৱাৰ পৰা সন্ধিয়ালৈকে মুলাইৰ লগত পাৰ কৰা প্ৰতিটো ক্ষণ আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰৈছিল৷
খালী ভৰিৰে পৰম্পৰাগত সেইজীয়া গামোচা পৰিধান কৰি আমাক আদৰণি জনোৱা প্ৰকৃতি আইৰ সন্তানজনৰ সেই লাজুকুৰীয়া হাঁহিভৰা মুখখন আজিও মনত পৰি থাকে৷ ‘মুলাই কাঠনিত’ সেউজীয়া পৰিৱেশৰ মাজত গছৰ ছাঁত বহি আমাৰ লগত মুলাইয়ে পুৱাৰ লঘু আহাৰ গ্ৰহণ কৰা মুহূৰ্ত্তটো যেন আজিও সজীৱ হৈ আছে! তেখেতৰ পৰিৱেশ ধ্বংসৰ ওপৰত আগবঢ়োৱা প্ৰতিটো মন্তব্যই আমাক চিন্তিত কৰি তুলিছিল৷
চাপৰিৰ বালিত গছ লগাই সুবিশাল অৰণ্য গঢ়ি তোলা এইজনা মহান ব্যক্তিৰ মিচিকিয়া হঁাহিতে যেন সোমাই আছে ‘কথাৰে নহয় কৰ্মৰেহে জগত জিনিব পাৰি’৷ যি কাম বৰ্তমানলৈকে অসম তথা ভাৰতৰ বন বিভাগে কৰিব নোৱাৰিলে, সেই দুঃসাধ্য এজন সহজ-সৰল ব্যক্তিয়ে কৰিবলৈ সক্ষম হ’ল৷ দুখ লাগে তেখেতৰ এই সংগ্ৰামত সঁহাৰি জনাবলৈ, আন এজন যাদৱ পায়েঙৰ জন্ম অদ্যপি নোহোৱাত৷
২ নং মিছিং গাঁৱত মুলাইয়ে পত্নী বিনিতা, এজনী ছোৱালী আৰু দুজন ল’ৰাৰে সৈতে বসবাস কৰি আছে৷ গাখীৰ আৰু গৰুৰ পোৱালী বিক্ৰী কৰি পোৱা টকাৰে তেওঁলোকে সুখৰে জীৱন নিৰ্বাহ কৰি আহিছে৷ নিজৰ কাঠনিত গছ থকা সত্ত্বেও ঘৰ বনাওতে মুলায়ে কাষৰ দেউৰী গাঁৱৰ পৰা কাঠ কিনি আনে৷ বৰ্তমান শতিকাৰ মানুহৰ মস্তিষ্কই ঢুকি নোপোৱা এখন বিশাল অন্তৰৰ গৰাকী, প্ৰকৃতিবিদ যাদৱ পায়েঙক পৰিৱেশৰ ওপৰত সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ তলত দিয়া ধৰণে দি গৈছিল-
আমাৰ প্ৰশ্ন : আপুনি বালিচৰত নিজহাতে গঢ় দিয়া মুলাই কাঠনিৰ বিষয়ে চমুকৈ ক’ব নেকি?
মুলাই : কি ক’ব আৰু! সেই সময়ত অষ্টম শ্ৰেণীত পঢ়ি আছিলো৷ ১৯৭৯ চনৰ মে’ মাহৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানত অসমৰ বিভিন্ন ঠাইৰ দৰে মাজুলী আৰু যোৰহাটৰ বিভিন্ন অংশ বানত জাহ গৈছিল৷ আমাৰ পৰিয়াল ইয়াৰ পৰা মাজুলীলৈ গুচি গ’ল৷ সেই বানপানীত বহুটো জীৱ-জন্তুৰ অকাল মৃত্যু হৈছিল৷ বালিচৰত মৰি থকা দ’ম দ’ম সাপৰ পোৱালিসমূহ দেখি বৰ বেজাৰ লাগিছিল বুজিছে৷
সেই বেজাৰতে মূৰতনো কি সোমাল জানো, ঘৰ-বাৰী বাদ দিলো৷ দেউৰী গাঁৱৰ পৰা বাঁহৰ সচ আনি বালিত লাইন লাইনকৈ পুতি দিলোঁ৷ সেইবোৰ হোৱাৰ পিছত বাকীবোৰ লাহে লাহে লগাব ললোঁ৷ আপুনি ভাবিছে নেকি, গোটেই হাবিখন মই অকলে লগাইছো বুলি? নাই লগোৱা৷
মানুহৰ বাহিৰে সকলোৱে গছ লগাব জানে৷ এই বগৰী গছবিলাক পহুয়ে লগোৱা৷ লাইন লাইনকৈ থকা গছবোৰৰ বাহিৰে সকলোবোৰ গছ ইয়াৰ বাসিন্দা চৰাই-চিৰিকতিয়ে নিজেই লগাই লৈছে৷ আপোনালোকে হয়তো জানে, ড’ড’ চৰাইয়ে খোৱা বিশেষ গছৰ গুটিৰ পৰা গছবিধৰ জীৱন চক্ৰ চলি আছিল৷ ড’ড’ বিলুপ্ত হোৱাৰ পাছতে গছজোপা নোহোৱা হৈ পৰিল৷
মই ইয়াৰ পৰা বগৰীৰ গুটি বস্তাত ভৰাই কাষৰ চাপৰিত সিঁচি দিওঁ৷ বগৰী সোনকালে হোৱা গছ৷ বগৰী গছবোৰ বালিচৰত হোৱাৰ লগে লগে তালৈ পহুবোৰ যায় আৰু অন্যান্য গছবোৰো হ’বলৈ ধৰে৷ তাতে আকৌ চৰায়ে কহিৰ, পূজা আদি বিভিন্ন গছ নিজে নিজে লগাই লয়৷ এনেদৰেই মোৰ এই কাঠনিৰ পৰিসৰ দিনে দিনে বাঢ়ি গৈ আছে৷ প্ৰথমতে ৫৫০ হেক্টৰৰ [প্ৰায় ৫.৫ বৰ্গ কিল’মিটাৰ; ৪১০৮ বিঘা] পৰা আৰম্ভ কৰি এতিয়া মাজুলীৰ কমলাবাৰীলৈকে নতুনকে ৮৫০ হেক্টৰত বাঁহ আৰু অন্যান্য গছৰ পুলি লগাই প্ৰায় শেষ হৈছে ৷ ৰাইজৰ মুখ বাগৰি বাগৰি কেতিয়ানো এইখনৰ নাম ‘মুলাই কাঠনি’ হ’ল গমকে নাপালো৷
আমাৰ প্ৰশ্ন : এই কাঠনিত গছ-পুলি ৰোপন কৰোতে বন বিভাগৰ পৰা কিবা সহায় পাইছিল নেকি?
মুলাই : নাই নাই৷ তেওঁলোকে বহু বছৰলৈকে গমেই পোৱা নাছিল ইয়াত যে এখন কাঠনি আছে বুলি৷ প্ৰতিজোপা গছ মই নিজে লগাইছোঁ৷ গছৰ গুটিৰ পৰা পুলি বনাবলৈ নিজে নাৰ্ছাৰী কৰিছোঁ৷ মোৰ পৰিবাৰ, ল’ৰা-ছোৱালীকেইটাই বৰ কষ্ট কৰিছে এই কাঠনিৰ পুলি চোৱা-চিতা কৰাত৷ ছোৱালী ডাঙৰ হোৱাত আৰু স্কুল যাবলৈ দিগদাৰ হোৱাতহে এই কাঠনিৰ পৰা ককিলামুখ পালোগৈ৷ এতিয়াও মোৰ সৰু ল’ৰা ইয়াতে থকা ম’হৰ খুটিতে শোৱে৷ তাৰ পঢ়া-শুনাৰ প্ৰতি ইমান মন নাই৷ সি কেৱল গছ-গছনি লগাই আৰু চৰাইৰবোৰৰ লগত খেলি থাকিহে ভাল পায়৷
আমাৰ প্ৰশ্ন : আপোনাক বাহিৰৰ জগতখনৰ লগত চিনাকি কৰাই দিয়া জিতু কলিতাক কেনেকৈ লগ পাইছিল?
মুলাই : মোৰ কাঠনিত শগুণ চৰাই ঢেৰ আছে৷ এই জিতু কলিতাই শগুণৰ ফটো ল’বলৈ যোৰহাটৰ পৰা ইয়ালৈ আহিছিল৷
মই প্ৰথমতে তেওঁক চোৰাং চিকাৰী বুলি ভাবিছিলো৷ পিছতহে গম পালো তেখেত সাংবাদিক বুলি৷ তেওঁ মোৰ বিষয়ে য’ত ত’ত লিখা-মেলা কৰা বাবে দেশী-বিদেশী ঢেৰ মানুহ এই কাঠনি চাবলৈ আহিব ধৰিলে৷ মোকো পৰিৱেশ সংৰক্ষণৰ ওপৰত দিহা-পৰামৰ্শ দিবলৈ বিভিন্ন ঠাইলৈ মতা হ’ল৷ তেতিয়াৰ পৰাই জিতুৰ লগত মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিল৷
আমাৰ প্ৰশ্ন : আপোনাৰ কাঠনিত কি কি গছ আৰু জীৱ-জন্তু আছে?
মুলাই : এই অৰণ্যত ঘাইকৈ শিমলু, আজাৰ, চিচু, কহিৰ, নিম, জৰী, চেগুন, চতিয়না, ঔটেঙা, অৰ্জুন, গমাৰি, আহত, বগৰী, চজিনা প্ৰভৃতি বিভিন্ন প্ৰজাতিৰ গছ, বাঁহ আৰু কেইবা প্ৰকাৰৰ ঘাঁহ আছে৷
কাঠনিখনত শগুণ চৰাইৰ উপৰিও অন্যান্য বহুত চৰাই আছে৷ এবাৰ সাংসদ বিজয় কৃষ্ণ সন্ধিকৈয়ে পক্ষী অভয়াৰণ্য কৰিম বুলি কিছু দূৰৈত পক্ষী নিৰীক্ষণ গৃহ এটাও বনালে৷ নিৰীক্ষণ গৃহটো য’ত সাজিলে তাত গছ এডালো নাই৷ ঘৰটো বৰ্তমান জহি খহি গৈছে৷ ইয়াত কেইটামান বাঘ, বন গাহৰি, কেটেলা পহু, হৰিণৰ লগতে অন্যান্য পহু ঢেৰ আছে৷ এই অৰণ্যলৈ বছৰি কেইবাটাও গঁড় আৰু বনৰীয়া মহ অস্থায়ীভাৱে বাস কৰিবলৈ আহে৷ হাতী ইয়ালৈ প্ৰতি বছৰে কুমলীয়া বাঁহ খাবলৈ আহে, পোৱালি জন্ম হোৱাৰ পিছত গুচি যায়৷
আপোনালোকে হয়তো দেখিছে কাঠনিৰ প্ৰতিজোপা শিমলুতে বৃহদাকাৰ বৰ মৌৰ বাহ আছে৷ এই মৌ কাকো পাৰিব দিয়া নহয়৷ ক’লী ফেটি, ধুন্দুলী ফেটি, মুগী ফেটি, অজগৰকে ধৰি বহু জাতৰ সৰীসৃপ প্ৰাণী আছে৷
আপোনালোকক গঁড়ৰ মাক আৰু পোৱালিৰ ভৰিৰ খোজ দেখুওৱা ঠাইৰ পৰা আধা ফাৰ্লংমান দূৰৈত কেইদিনমান আগতে কোনোবাই গঁড় এটা হত্যা কৰি খৰ্গ লৈ গ’ল৷ মই ৰাতি গুলীৰ শব্দ শুনি পুৱা ক’ত কি হ’ল বিচাৰি যাওঁতে মৰা গঁড়টো দেখা পালো৷ বন বিভাগক খবৰ দিয়াৰ দুদিনমানৰ পিছতহে চাবলৈ আহিল৷
বাঘ কেইটা আছে, সঠিককৈ ক’ব নোৱাৰিম যদিও তিনিটামান হ’ব লাগে৷ আজিলৈকে বাঘে মোৰ গৰু ৮৪ টা আৰু ম’হ চাৰিকুৰিমান খালে৷
আমাৰ প্ৰশ্ন : বাঘে ইমানবোৰ গৰু আৰু ম’হ খালে, আপোনাৰ খং নুঠেনে?
মুলাই : খং কিয় উঠিব আকৌ? সিহঁতৰ ভোক লাগিছে কাৰণেহে খাইছে৷ সিহঁত মোৰ কাঠনিৰ বাসিন্দা হৈ মোৰে গৰু খাইছে৷ ইয়াত ক’বলগীয়া কি আছে?
মানুহৰ দৰে হকে বিহকে জীৱ-জন্তু মৰা নাই নহয়৷ এটা গৰু মাৰি খাই শেষ নোহোৱালৈকে সিহঁতে একো দিগদাৰ নিদিয়ে৷ আকৌ যেতিয়া পহু বা অন্য জন্তু চিকাৰ কৰিব নোৱাৰিব, ভোকতে পুনৰাই গৰু অথবা ম’হ এটা মাৰিবই আকৌ৷ আমি জানো ঘৰত পোহা কুকুৰটোক মাংস কিনি আনি নুখুৱাও?
আমাৰ প্ৰশ্ন : হাতী আৰু মানুহৰ সংঘাতৰ বিষয়ে অলপ ক’ব নেকি? ইয়াৰ কিবা সমাধান সূত্ৰ আপোনাৰ দৃষ্টিত আছেনে?
মুলাই : হাতী মানুহৰ সংঘাতৰ ফলতে ২০০২ চনতহে মোৰ কাঠনিখন বন বিভাগৰ দৃষ্টিত পৰিছিল৷ নহ’লে তাৰ আগলৈ ইয়াত এখন কাঠনি আছে বুলি বন বিভাগে গমেই পোৱা নাছিল৷
মোৰ এই জংঘলত থকা কুমলীয়া বাঁহ খাবলৈ প্ৰজননৰ সময়ত বহুটো হাতীৰ জাক আহে৷ পোৱালি হোৱালৈকে ইয়াতে থাকি পুনৰাই আগৰ ঠাইলৈ গুচি যায়৷ হাতী অহা-যোৱা কৰা পথত থকা বহু গাঁও পাৰ হৈ আহিবলগীয়া হোৱা বাবে হাতী আৰু মানুহৰ সংঘাত হয়৷
২০০২ চনত মোৰ কাঠনিলৈ অহা হাতীয়ে কাষৰীয়া চাপৰিসমূহত থকা মানুহৰ ঘৰ-দুৱাৰ ভাঙি শেষ কৰি পেলাইছিল৷ তাৰে ক্ৰোধত মানুহমখাই মোৰ কাঠনিখন জ্বলাই দিছিল৷ আধামান জ্বলালে যদিও সম্পূৰ্ণ শেষ নহ’ল৷
তেতিয়াৰ পৰা মই আৰু গছ লগাবলৈ ল’লোঁ৷ হাতী আৰু মানুহৰ সংঘাত দিনে দিনে বৃদ্ধি পাইছে৷
মই ভাৰত চৰকাৰে প্ৰদান কৰা সন্মান দিল্লীৰ পৰা আনিব যাওঁতে ভাষণত কৈছো যে, হাতী আৰু মানুহৰ সংঘাত নাইকিয়া কৰিবৰ হ’লে জংঘলত থকা বাঁহ কটা বন্ধ কৰাব লাগিব৷
জংঘলৰ বাঁহৰে তৰ্জা বা চটাই বনোৱা উদ্যোগসমূহ বন্ধ কৰাব লাগিব৷ হাতীয়ে সিহঁতৰ প্ৰজননৰ সময়ত কুমলীয়া বাঁহ বিচাৰি ঘূৰি ফুৰে৷
বৰ্তমান জংঘলসমূহৰ বাঁহ মানুহে কাটি নাইকিয়া কৰি পেলাইছে৷ সেইবাবে প্ৰতিখন জিলাতে সাত হেক্টৰতকৈ অধিক ভূমিত হাতীৰ বাবে বাঁহ লগাই সংৰক্ষণ কৰি থ’লে হাতীয়ে কুমলীয়া বাঁহ আৰু ধান বিচাৰি জনঅৰণ্যলৈ ওলাই অহা বন্ধ হ’ব৷
লগতে এলিফেণ্ট কৰিড’ৰবোৰ অলপ মুকলি কৰি ৰাখিলে হাতী অহা-যোৱা কৰোতে মানুহৰ লগত হোৱা সংঘাত হ্ৰাস পাব৷
আমাৰ প্ৰশ্ন : গৰাখহনীয় ৰোধ কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পদক্ষেপ ল’লে সফল হ’ব পৰা যাব বুলি ভাৱে?
মুলাই : আচলতে গৰাখহনীয়া কোনো কাৰণতে এটা সমস্যা বুলি ক’ব নোৱাৰি৷ গৰাখহনীয়া নহ’বলৈ বৰ্তমান চৰকাৰে যিমানে পাৰ্কুপাইন নলগাওক, একো লাভ নহয়৷
বাঁহ গছ, নাৰিকল গছ, শিমলু গছ, শাল গছ আদি নদীৰ কাষৰীয়া অঞ্চলত ঘন ঘনকৈ লগালে নদীৰ পানীয়ে কেতিয়াও মাটি খহাব নোৱাৰে৷ আপোনালোকে হয়তো জানে, পানী ওফন্দি থকা সময়ত যিমান খহনীয়া হয়, তাতকৈ বেচি খহনীয়া পানী শুকোৱাৰ সময়ত হয়৷ অৰ্থাৎ ভিজি থকা কোমল বালি মাটিক ধৰি ৰাখিবলৈ একো সমল নথকা বাবে কাষৰীয়া মাটি নদীৰ পানীত জাহ যায়৷
বাঁহ, নাৰিকল, শিমলু, শাল আদি গছৰ শিপাই নদীকাষৰীয়া মাটি খহোৱাত বাধা প্ৰদান কৰে৷ উজনি অসমত খহনীয়া ৰোধ কৰিবলৈ মথাউৰিৰ কাষত শাল গছ লগোৱাৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে মই ডি এফ অ’ ৰ লগত যোগাযোগ কৰিছোঁ৷ তেখেতে হাইলাকান্দি আৰু গুৱাহাটীৰ পৰা পুলিসমূহ যোগান ধৰিব বুলি মোক জনাইছে৷
তাৰোপৰি আপুনি জানেনে অসমত ইমানবোৰ সমস্যা তাহানিৰে পৰা কিয় সমাধান কৰিব পৰা নাই? কাৰণতো হ’ল, অসমৰ প্ৰতিজন বিষয়া, কৰ্মচাৰী, সকলো দলৰ মন্ত্ৰী-বিধায়ক দুৰ্নীতিত ইমানেই পোত গৈ আছে যে সমস্যাটো সমাধান কৰাতকৈ কিমান টকা বেছিকৈ লুটিব পৰা যায়, সেই লৈহে অংক চলে৷ আৰু তেওঁলোকে সমস্যাটো জীয়াই থকা বিচাৰে, তেতিয়াহে প্ৰতিবছৰে এক মোটা অংকৰ ধন আহৰণ কৰি থাকিব পাৰিব৷
সৌসিদিনা মুখ্যমন্ত্ৰীৰ গৃহ জিলা যোৰহাটক ‘নিম নগৰী’ কৰিবৰ বাবে বিশ্ব বেংকৰ পৰা ১০০ কোটি টকা পালে৷ মহম্মদ বিন টোগলকৰ দৰে ১০০ কোটিও খালে আৰু নিমৰ নগৰীটো বাদেই দিয়ক নিমৰ পুলি এটাকো বচাব নোৱাৰিলে৷ বিশ্ববেংকৰ টকা খৰছ কৰি দেখুৱাব লাগে বুলিয়েই ইমান অনাদৰ নে?
গতিকে এইসকল অসমী আইৰ সন্তানে অসমৰ সমস্যা কি সমাধান কৰিব? আমিও চৰকাৰ অথবা বিভাগলৈ আশা কৰি থাকি লাভ নাই৷ গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰাকৃতিকভাৱে মই কোৱাৰ দৰে ব্যৱস্থা কৰিলে সুফল নি(য় পোৱা যাব৷
আমাৰ প্ৰশ্ন : অসমত পৰিৱেশ সংৰক্ষণৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান বহুকেইটা আছে৷ তেওঁলোকৰ কৰ্মৰাজিত আপুনি সন্তুষ্টনে?
মুলাই : পৰিৱেশ সংৰক্ষণৰ কাৰণে নিঃস্বাৰ্থভাৱে লাগি থকা ব্যক্তি আৰু অনুষ্ঠানৰ সংখ্যা তাকৰ৷ কিয়নো বহুতে পইচা আৰু চাকৰিৰ খাতিৰতহে এনে অনুষ্ঠানত কাম কৰি আছে৷ যোৱা দশককেইটাত তেওঁলোকে পৰিৱেশ সংৰক্ষণৰ কাৰণে একো নকৰাৰ ফলত বৰ্তমানেও আমি চিঞৰি থাকিব লগা হৈছে৷
ভাৰতীয় অৰ্থকাৰী শিক্ষাব্যৱস্থাৰে প্ৰতিপালিত ব্যক্তিসকলে কি দেশপ্ৰেমৰ ভাৱেৰে দেশ তথা জাতিক সেৱা আগবঢ়াব? অৰ্থকাৰী শিক্ষাৰে শিক্ষিতসকলে বন-জংঘল কাটি বৃহৎ বৃহৎ উদ্যোগ, অট্টালিকা সাজিছে৷ উন্নয়নৰ পথত অগ্ৰসৰ হোৱাৰ শ্ল’গান দিয়া এইসকল শিক্ষিতই কিন্তু পৰিৱেশ সন্তুলন কৰি ৰাখিবলৈ নিজে এডালো বৃক্ষ ৰোপণ কৰা নাই৷ তেখেতসকলে বৃক্ষৰোপণ কৰিবলৈ পৰামৰ্শও দিয়ে আৰু কোটি কোটি টকা বৃক্ষৰোপণৰ নামত অপব্যয়ো কৰে৷ ৫ জুনৰ দিনা লগোৱা সেই বৃক্ষবোৰৰ এডালো বাচিলে নে নাই তাৰ খবৰ লবলৈ আহৰি নাই৷
পূৰ্বৰ ভাৰতীয় শিক্ষা অৰ্থকাৰী নহৈ জ্ঞানকাৰী শিক্ষা আছিল৷ সেইবাবে হিউৱেন চাঙৰ দৰে ব্যক্তি চীনদেশৰ পৰা ভাৰতলৈ আহি শিক্ষা গ্ৰহণ কৰিছিল৷ দেশভক্তিৰ ভাৱ মনত নাথাকিলে কোনো অনুষ্ঠান অথবা প্ৰতিষ্ঠানে আৰু বিভিন্ন আঁচনিয়ে আমাৰ সেউজী ধুনীয়া ধৰণীক ধ্বংসৰ গৰাহৰ পৰা বচাব নোৱাৰিব৷
আমাৰ প্ৰশ্ন : আপুনি কোৱা বৰ্তমানৰ অৰ্থকাৰী শিক্ষাৰে শিক্ষিত নৱপ্ৰজন্মক কেনেদৰে জ্ঞানকাৰী শিক্ষা দিব পৰা যাব?
মুলাই : পৰিৱেশ অধ্যয়ন বিষয়টো প্ৰাথমিক বিদ্যালয়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব৷ অকল পাঠ্যক্ৰমত অন্তৰ্গত কৰিলেই নহ’ব, প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অহা শিশুৱে দুডাল গছপুলি নিজৰ নামত বিদ্যালয়ত ৰোপণ কৰিব লাগিব৷ এই দুডাল গছপুলি পাঁচবছৰে প্ৰতিপালন কৰি ডাঙৰ কৰাৰ দায়িত্ব শিশুজনৰ৷ শিশুজন প্ৰাথমিকৰ দেওনা পাৰ হৈ যোৱালৈকে গছপুলি ডাঙৰ হৈ পৰিব৷ এই দুডাল গছে শিশুটিক মৃত্যু পৰ্যন্ত অক্সিজেন যোগান ধৰিব৷
ঠিকসেইদৰে শিশুটিয়ে উচ্ছ মাধ্যমিকত নামভৰ্তি কৰোৱাৰ সময়ত পুনৰাই দুটাকৈ গছপুলি ৰুব৷ এই দুটা গছপুলি পাঁচবছৰে চোৱাচিতা কৰি বিশ্ববাসীক উপহাৰ হিচাপে দান কৰিব৷ আপোনালোকে ভাবকচোন গোটেই ভাৰতবৰ্ষত এই ব্যৱস্থা কৰিলে প্ৰতিবছৰে কিমান বৃক্ষ ৰোপণ কৰা হ’ব? ইয়ে গোলকীয় উষ্ণতা নিবাৰণ কৰাৰ লগতে এক নতুন পৃথিৱীৰ সৃষ্টি কৰিব৷ নিজে বৃক্ষৰোপণ কৰি চোৱাচিতা কৰি ডাঙৰ কৰাটোৱেই শিশুসকলৰ বাবে জ্ঞানকাৰী শিক্ষাৰ এক উত্তম পন্থা৷ এই জ্ঞানৰে পুষ্ট শিশুসকলে ডাঙৰ হৈ কেতিয়াও পৰিৱেশ ধ্বংসৰ দৰে কাম নকৰে আৰু আনকো কৰাত বাধা প্ৰদান কৰিব৷
আদিম যুগৰ পৰা বৰ্তমানলৈকে পৰিৱেশ সংৰক্ষণ নকৰাৰ ফলতেই গোলকীয় উষ্ণতাৰ বৃদ্ধি পাইছে৷ গতিকে ভাৰতীয় অৰ্থকাৰী শিক্ষাৰ সংস্কাৰ সাধন কৰাটো বৰ্তমানে অতীৱ প্ৰয়োজনীয় হৈ পৰিছে৷
আমাৰ প্ৰশ্ন : আপুনি গঁড় হত্যা কৰাৰ কাৰণ কি বুলি ভাৱে? গঁড়ৰ খৰ্গৰ কিবা ঔষধি গুণ আছে বুলি ভাৱেনে?
মুলাই : প্ৰথম কথা হ’ল, গঁড় হত্যা কৰাসকল অসমী আইৰ সন্তান কেতিয়াও হ’ব নোৱাৰে৷ তেওঁলোক অসমত জন্ম হোৱা হ’লেও তেওঁলোকক দেশদ্ৰোহী তথা জাতিদ্ৰোহী হিচাপে চিনাক্ত কৰিঅতিশয় কঠোৰ শাস্তি প্ৰদান কৰিব লাগে৷
গঁড়ৰ খৰ্গৰ ঔষধি গুণ থকা হ’লেতো ভালেই আছিল৷ তেতিয়া পৃথিৱীৰ উন্নত দেশবোৰেও গঁড় পোহপালন কৰি তাৰ পৰা ঔষধ উলিয়ালে হয়৷ মইতো গঁড়ৰ খৰ্গৰ পৰা প্ৰস্তুত কৰা ঔষধ দেখাও নাই খোৱাটো দূৰৈৰে কথা৷ লাখ লাখ টকাত বিক্ৰী হোৱা গঁড়ৰ খৰ্গবোৰে ধনী মানুহৰ ৰাজঅট্টালিকাত থকাটো আত্মগৌৰৱৰ চিনস্বৰূপ হৈ পৰিছে৷
আৰবৰ দৰে বালিৰ দেশখনত ম’হৰ শিং এটাৰ দামো লাখ টকা হ’ব পাৰে৷ যেনেদৰে আগতে আমাৰ সম্ভ্ৰান্ত পৰিয়ালৰ সোকসকলে বাঘৰ ছাল আৰু হৰিণৰ শিং চ’ৰাঘৰত আত্মগৌৰৱৰ প্ৰতীক হিচাপে সজাই থৈছিল৷ ঠিক সেইদৰে আৰবৰ দৰে তেলত ধনী দেশৰ বাসিন্দাসকলেও দুৰ্লভ প্ৰজাতিৰ চিন নিজৰ লগত ৰখাটো আভিজাত্যৰ প্ৰতীক বুলি ভাৱে৷ তাৰোপৰি আৰবৰ লোকসকলে ব্যৱহাৰ কৰা এবিধ ডেগাৰতো গড়ৰ খৰ্গৰ নাল লগালে ভাল বুলি বিশ্বাস আছে৷
গঁড়ে পানী খালে খৰ্গৰে পানীখিনি লৰাই লয়, আৰবৰ লোকৰ বিশ্বাস যে, গঁড়ৰ খৰ্গৰে পানী লৰাই দিলে পানীখিনি বিশুদ্ধ হৈ পৰে৷ সেইবাবে আৰবীয়সকলে সুৰাৰ বিষাক্ততা নাইকিয়া কৰিবলৈ গড়ৰ খৰ্গৰে তৈয়াৰী গিলাচ সুৰাপান কৰিবলৈ ব্যৱহাৰ কৰে৷ এইবোৰ ভ্ৰান্ত ধাৰণাৰ বাহিৰে আন একো নহয়৷
বৰ্তমানে ভাৰতীয় অৰ্থকাৰী শিক্ষাৰ প্ৰভাৱত পৰি বহুসংখ্যক নৱপ্ৰজন্মই গঁড় হত্যাৰ লগত জড়িত হৈ পৰিছে৷
আমাৰ প্ৰশ্ন : ২০০৬ চনত আমেৰিকাৰ বিজ্ঞানীয়ে অতি উচ্ছ পৰ্যায়ৰ গৱেষণা কৰি পাইছে যে, গঁড়ৰ খৰ্গত আমাৰ চুলি, নখত থকা কেৰ’টিনৰ বাহিৰে অন্য কোনো ঔষধি গুণসম্পন্ন দ্ৰব্য নাই৷ তথাপিও বৰ্তমানে গঁড়ৰ খৰ্গৰ পৰা প্ৰস্তুত কৰা বড়িয়ে মানুহৰ যৌৱন শক্তি বঢ়াই বুলি বহুতৰে বিশ্বাস আছে, আপুনি কি ভাৱে?
মুলাই : এই একবিংশ শতিকাৰ যুগতো আমি যদি এনে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ থাকোঁ তেনেহ’লে আমি বিজ্ঞানৰ অৱদানসমূহ পৰিহাৰ কৰি গুহাত বাস কৰাই শ্ৰেয়৷
বৰ্তমান কেৱল অসমৰ পৰিৱেশতে পোৱা এশিঙীয়া গঁড়ে যৌৱন শক্তি বঢ়োৱা হ’লে, আমাৰ পূৰ্বপ্ৰজন্ম এতিয়াও জীয়াই থাকিল হয়৷ বৰ্তমানেও লাখ লাখ টকা খৰছ কৰি ক্ৰয় কৰি গঁড়ৰ বড়ি খোৱাকেইজনক অমৰত্ব লাভ কৰা আপোনালোকে শুনিছেনে? অদৰকাৰী কথাবোৰত লাগি থাকি এটা সুন্দৰ জীৱক হত্যা কৰাৰ অধিকাৰ আমাৰ নাই৷ তাৰো জীয়াই থকাৰ অধিকাৰ আছে এইখন পৃথিৱীত৷
আগতে আমাৰ আইতাহঁতে কয় বোলে- ঘৰত ঘৰচিৰিকা, চুঙা বাদুলী থাকিলে তাৰ বতাহে বিভিন্ন বেমাৰ প্ৰতিৰোধী ক্ষমতা বঢ়ায়৷ ঠিক সেইদৰে হাপানি বেমাৰত ভোগা ৰোগীৰ বিচনাৰ তলত ছাগলী ৰাখিলে ছাগলীৰ প্ৰস্ৰাৱৰ গোন্ধই বেমাৰ উপশম কৰাত কিছু সহায় কৰে বুলি আগৰ বিশ্বাস৷ গাঁৱলীয়া সমাজত বসন্ত ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ঘৰৰ চাৰিওকাষে নিমগছ লগাই আৰু নিমগছৰ ধোঁৱা দিয়ে৷ সেই বিষয়ে কিন্তু আজিলৈকে কোনো অধ্যয়ন দেখা নগ’ল৷
আগৰ পুৰণিকলীয়া সমাজখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ইমান আগবঢ়া নাছিল যদিও পৰিৱেশৰ গুৰুত্ব আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে গম পাইছিল৷
আমাৰ প্ৰশ্ন : আপুনি মাজে সময়ে কৃষি বিভাগক দোষাৰোপ কৰা দেখা যায়৷ লগতে কৃষিকাৰ্যত ব্যৱহাৰ কৰা ঔষধৰ ফলত চৰাই-চিৰিকতি মৃত্যুমুখত পৰা বাবে আপুনি কৃষি বিশ্ববিদ্যালয়কো জগৰীয়া কৰি আহিছে৷ ইয়াৰ বিষয়ে ক’ব নেকি?
মুলাই : চাওঁক, আমি সকলোৱে জানো যে, কৃষিত বিভিন্ন প্ৰকাৰৰ জৈৱিক সাৰ, ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি ব্যৱহাৰ কৰিবই লাগিব৷ অন্যথা আমি ব্যৱসায়িক দিশত সফল নহ’ম৷ মোৰ কৃষি বিভাগৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ ওপৰত এটা কথাৰ ওপৰতেই খং,তেওঁলোকে বজাৰত উপলব্ধ ঔষধবোৰ প্ৰকৃততে স্বীকৃতিপ্ৰাপ্ত কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা হয় নে নহয় তাৰ জৰীপ অথবা পৰীক্ষা কৰি কেতিয়াও নাচায়৷
‘ফুৰাডন’ নামৰ কীটনাশক এটাৰ ব্যৱহাৰ কেঁচা শাক-পাচলিত কৰাটো কিমান মাৰাত্মক সেই বিষয়ে খেতিয়ক সমাজক অৱগত কৰাটো দুয়োটা অনুষ্ঠানৰে নৈতিক দায়িত্ব৷ কাৰণ পাঞ্জাৱ, হাৰিয়ানাৰ দৰে ৰাজ্যৰ স্নাতকোত্তৰ খেতিয়কৰ সলনি আমাৰ ৯০ শতাংশ খেতিয়কেই অশিক্ষিত হয়৷
কুঁৱাত কোনবিধ পটাছ দিব লাগে, কিমান পৰিমাণৰ সাৰ, ঔষধ প্ৰতি লিটাৰ পানীত কিমান মিহলাব লাগে, কোনবিধ ঔষধে কি বেমাৰ ভাল কৰে সেইবোৰৰ বিষয়ে তেওঁলোকে নাজানে৷ আৰু আমাৰ দোকানী সকলো এই বিষয়ত অনভিজ্ঞ৷ সেইবাবে কুঁহিয়াৰৰ বেমাৰৰ ঔষধ চাহ গছত, আলু বেমাৰৰ ঔষধ ধান গছত দিয়া হয়৷ যাৰফলত খেতিৰ উপকাৰী পতংগসমূহ ধ্বংস হোৱাৰ লগতে এইবোৰ খাই জীয়াই থকা বহু চৰায়ো মৃত্যুমুখত পৰা দেখা গৈছে৷ বেঙেনাত পোকে নাখাবলৈ আৰু সতেজ দেখিবলৈ ব্যৱহাৰ কৰা মাৰাত্মক ঔষধ ফুৰাডন সেৱন কৰি গৰু-ছাগলীৰ লগতে বহুতো চৰাই চিৰিকতি অকাল মৃত্যুত পৰা দেখা যায়৷ আমাৰ অশিক্ষিত খেতিয়কসকলে ভাবে- বেছি সাৰ দিলে অধিক উৎপাদন কৰি কম খৰছতে বেছি টকা উপাৰ্জন কৰিব পৰা যাব!
সৌসিদিনা অসমৰ চাহ বিশ্বতে বন্ধ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ অসমৰ চাহত বিভিন্ন বিষাক্ত দ্ৰৱ্য ধৰা পৰাত ভাৰতীয় চাহ বোৰ্ডে চাহ খেতিয়ক সকলক কেৱল প্ৰমাণিত ঔষধ পঞ্জীয়নভুক্ত দোকানৰ পৰা কিনিবলৈ পৰামৰ্শ দিয়াৰ লগতে কেঁচা চাহপাতত পুনৰাই বিষাক্ত উপাদান পালে চাহ বাগিচাখনৰ পঞ্জীয়ন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এই জাননীৰ পিছতেই বজাৰৰ পৰা বহু ঔষধ নাইকিয়া হৈ পৰিল আৰু চাহ খেতিয়কসকলো সজাগ হ’বলগীয়া হ’ল৷
মোৰ মতে এনেধৰণৰ সজাগতাৰ বাবে বছেৰকত দুটা-তিনিটাকৈ সকলো অঞ্চলৰ কৃষকক সাঙুৰি কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়ে কৰ্মশালা কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ এনে কৰ্মশালা আমাৰ ইয়াত এপাচি শাকত এটা জলকীয়াৰ দৰে হোৱাহে দেখা যায়৷
আমাৰ প্ৰশ্ন : আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জনাব নেকি?
মুলাই : ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ বালিচৰত একোখনকৈ কাঠনি গঢ়ি তোলাই মোৰ একমাত্ৰ লক্ষ্য৷ বৰ্তমানে মই যোৰহাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহত বৃক্ষৰোপন কৰি উজাই গৈ থকাৰ পৰিকল্পনা কৰিছোঁ৷ তাৰ পিছত জীয়াই থকালৈকে নামনি অসমৰ বালিচৰত কাম কৰিম৷
[মুলাই কাঠনিৰ পৰা বিয়লি ৪ বজাত মুলাইৰ লগত একেলগে টেক্টৰৰ ট্ৰলীত উঠি ককিলামুখ পালোহি৷ তেখেতৰ পৰিবাৰ আৰু জীয়াৰীয়ে চাংঘৰতে সকলোকে চাহ-জলপানৰে আপ্যায়ন কৰিলে৷ ]
আমাৰ প্ৰশ্ন : আপুনি কাঠনিলৈ কেনেকৈ অহা-যোৱা কৰে?
মুলাই : মই পুৱা তিনি বজাত খৰালি খোজকাঢ়ি আৰু বাৰিষা নাও লৈ যাওঁ৷ আচলতে মই ইয়াত ৰাতিটো শুবলৈহে আহোঁ, জীৱটো তাতেই থাকে৷ মোৰ সৰু ল’ৰাটোৱে শ্ৰীলংকা কেতিয়াও নেৰে, সি তাতে থাকে৷ [কাঠনিখনক মুলাইয়ে শ্ৰীলংকাৰ দৰে এটা দ্বীপ বুলি কৈ মাজে মাজে ৰগৰ কৰে৷]
লেখক : তেতিয়াহলে আজি আমি আপোনাৰ পৰা বিদায় লওঁ৷ আপোনাক অশেষ ধন্যবাদ আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে৷
মুলাই : ধন্যবাদ, যাওঁকগৈ৷ ভাল লাগিল অহা কাৰণে৷ আপোনালোক শিক্ষক, আমাতকৈ বহু কথাই জানে৷ তথাপিও ল’ৰা-ছোৱালীক ক’ব, পৃথিৱীত প্ৰথমে গছ-গছনিৰহে সৃষ্টি হৈছিল, সেয়ে আমি গছ-গছনি তথা অৰণ্যক ৰক্ষা কৰা উচিত৷ তাৰ পিছতহে নিজৰ কথা চিন্তা কৰিব লাগে৷
[১৯৭০ চনৰ পৰা বৰ্তমানলৈকে নিৰন্তৰ গতিত বালিচৰত বৃক্ষৰোপণ কৰি সেউজী ধৰণী ধুনীয়া কৰাৰ পণ লোৱা এইজন মহান প্ৰকৃতিপ্ৰেমীক বিভিন্ন অনুষ্ঠানৰ পৰা যথাযোগ্য সন্মান প্ৰদান কৰা হৈছে৷ ২০১২ চনৰ ২০–২৫ এপ্ৰিলত নতুন দিল্লীৰ ‘জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ এনভাইৰনমেণ্টেল ছাইন্সেছে’ উদ্‌যাপন কৰা ‘ধৰিত্ৰী দিৱস’ৰ কাৰ্য্যসূচীলৈ যাদৱ পায়েঙক আমন্ত্ৰণ জনাই তেওঁক সেই বিশ্ববিদ্যালয়ে ‘ভাৰতৰ অৰণ্য মানৱ’ [Forest Man of India] সন্মানেৰে বিভূষিত কৰিছে৷ সেই বছৰৰে ১৭ জুলাইত তেওঁক অৰণ্য সৃষ্টি কৰাৰ দৰে মহান কাম কৰাৰ বাবে মুম্বাইৰ ‘শ্ৰীসন্মুখানন্দ’ [Sri Shanmukhananda] নামৰ সুকুমাৰ কলা আৰু সংগীত সাধনাত ব্ৰতী অনুষ্ঠানটোৱে আগ বঢ়োৱা ‘সন্মুখানন্দ ডায়েমণ্ড বঁটা’ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে প্ৰদান কৰে৷ তেওঁক ২০১২ চনৰ ২৯ নৱেম্বৰত মুম্বাইত ‘ছেংচুৱাৰি এছিয়া ৱাইল্ডলাইফ বঁটা’ [Sanctuary Asia Wildlife Award] প্ৰদান কৰা হয়৷]
[অটবী, বিহালী বনাঞ্চলৰ শতবৰ্ষ, মাৰ্চ, ২০১৬-১৭]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!