Ripunjay Bordoloi

মহাকাশত খোজকঢ়া মানুহজন আৰু নাই

– published on Natun Rongmela, November 2019

১৪৫২ চনত জন্ম লাভ কৰা শতিকাৰ শ্ৰেষ্ঠ দাৰ্শনিক, বিজ্ঞানী, চিত্ৰশিল্পী লিঅ’নাৰ্ড’-ডা-ভিঞ্চিয়ে কল্পনা কৰিছিল– মানুহ এটা সময়ত কোনো যন্ত্ৰৰ সহায়ত আকাশত উৰিব পাৰিব৷ তেওঁ এই কল্পনাৰ ওপৰত ভিত্তি কৰি চিত্ৰও অংকিত কৰিছিল৷
তেখেতৰ কল্পনাৰ উৰাজাহাজৰ চিত্ৰায়িত ৰূপে বাস্তৱিয়তা লাভ কৰিছিল ১৯০৩ চনত ৰাইট ভাতৃদ্বয়ৰ হাতত অৰ্থাৎ প্ৰায় পাঁচটা শতিকাৰ পিছত৷
দিন বাগৰাৰ লগে লগে মানুহে আকাশৰ পৰা মহাকাশলৈ যাবলৈ সপোণ ৰচিব ধিৰেল৷ সপোণক দিঠকত পৰিণত কৰিবলৈ বিশ্বৰ চুকে-কোণে থকা এচাম বিজ্ঞানী দিনে-ৰাতিয়ে গৱেষণাত ব্ৰতী হৈ পৰিল৷
পৰিণতিস্বৰূপে ১৯২৬ চনত ৰবাৰ্ট গুড্ডাৰ্ডে প্ৰথমটো ৰকেট নিমাৰ্ণ কৰি উলিয়াইছিল৷ ইয়াৰ পিছত ১৯৪২ চনত জাৰ্মানীয়ে প্ৰথমটো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা বেলেষ্টিক মিছাইল আৱিষ্কাৰ কৰি উলিয়াই৷
কোনো এটা বস্তুৱে প্ৰতি ছেকেণ্ডত ১১.২ কিল’মিটাৰ বেগত মহাকাশলৈ গতি কৰিলেহে পৃথিৱীৰ মধ্যাকৰ্ষণিক আকৰ্ষণক অতিক্ৰম কৰি মহাকাশলৈ যাব পাৰিব বুলি বিজ্ঞানীসকলে গৱেষণাত তথ্য লাভ কৰে৷ সেইবাবে মহাকাশলৈ যাবৰ বাবে ৰকেট আৱিষ্কাৰে এক নতুন দিগন্তৰ সূচনা কৰিছিল৷
মহাকাশ বিজ্ঞানলৈ মানুহৰ ঢাউতি বাঢ়ি আহিব ধৰিলে আৰু গঠন হ’ল ‘অবিভক্ত ছোভিয়েট ইউনিয়ন’ [১৯৩০-১৯৯১], আমেৰিকাত ‘নাছা’ [১৯৫৮], ৰাছিয়াত ‘আৰ এফ এছ এ’ [১৯৯২], ভাৰতত ‘ইছৰো’ [১৯৬৯], ইউৰোপত ‘এছা’ [১৯৭৫], চীনত ‘চি এন এছ এ’ [১৯৯৩] আৰু জাপানত ‘জাস্কাৰ’ [২০০৩] দৰেচৰকাৰী মহাকাশ গৱেষণা কেন্দ্ৰসমূহৰ৷
ইয়াৰ পৰণতিস্বৰূপে 1957 চনৰ 4 অক্টোবৰত ‘স্পুটিনিক-1’ নামৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো ছোভিয়েট সংঘই পৃথিৱীৰ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয়৷ সেই বছৰৰে নৱেম্বৰ মাহৰ ৩ তাৰিখে ‘স্পুটিনিক-২’ নামৰ মহাকাশযানে পৃথিৱীৰ এটা জীৱন্ত প্ৰাণী লাইকা নামৰ কুকুৰজনীক কঢ়িয়াই লৈ যায়৷
সেয়াই আৰম্ভণি৷ ১৯৫৯ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে ছোভিয়েট ইউনিয়নৰ ‘লুনা-1’ নামৰ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে পলায়ন বেগ অনুসৰি গতি কৰি পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিক অতিক্ৰম কৰি মহাকাশত ভৰি দিয়ে৷ ইয়াৰ পিছত ছোভিয়েট ইউনিয়নে ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈকে লুনা ছিৰিজৰ ২৪ খন মহাকাশযান উৎক্ষেপণ কৰিছিল৷ ইয়াৰ পিছত ছোভিয়েট মহাসংঘ আৰু ৰৈ থকা নাই৷
লাইকাৰ সফলতাৰ পিছত ১৯৬১ চনৰ ১২ এপ্ৰিলত ‘ভস্তক-1’ নামৰ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে এজন মানৱক কঢ়িয়াই নিয়ে আৰু সফলতাৰে এই মিছন সামৰে৷ এই বিৰল গৌৰৱৰ অধিকাৰী হোৱা মানৱ জাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তিগৰাকী আছিল য়ুৰি গাগাৰিণ৷ তাৰপিছত ভস্তক-৬ য়ে ১৯৬৩ চনৰ ১৬ জুনত বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হোৱাৰ গৌৰৱ প্ৰদান কৰে ভেলেণ্টিনা টেৰেস্ক’ভাক৷
বিশ্বৰ বিজ্ঞানীসকলে মহাকাশ বিজ্ঞানৰ পৰীক্ষণসমূহৰ পৰা লাভ কৰা সফলতাই এই বিষয়ত আৰু আগ্ৰহী কৰি তোলে৷ ১৯৬৫ চনৰ ১৮ মাৰ্চত ছোভিয়েট মহাসংঘৰ তত্ত্বাৱধানতে ভস্কড-২ নামৰ মহাকাশযানখনে দুজন মহাকাশচাৰী পাৱেল বেলিয়েভ আৰn এলেক্সি আৰ্খিপ’ভিচ লিঅ’নভক লগত লৈ মহাকাশলৈ উৰা মাৰে৷
সমগ্ৰ বিশ্ববাসী তেতিয়াহে আশ্বৰ্য্যচকিত হৈ পৰিছিল যেতিয়া এলেক্সি আৰ্খিপ’ভিচ লিঅ’নভে মহাকাশযানখনৰ পৰা বিশেষ পোছাক পৰিধান কৰি ওলায় আহে আৰু মহাকাশত 12 মিনিট 9 ছেকেণ্ড সময় খোজকাঢ়িবলৈ সক্ষম হয়৷ শ্বাসৰুদ্ধকাৰী এই ঘটনাৰ সফলতাই মানুহক ইমানেই আনন্দিত কৰিছিল যে তাক ভাষাৰে বুজাব নোৱাৰি৷
আজিৰ এই লেখাৰ মূলতে হ’ল এলেক্সি আৰ্খিপ’ভিচ লিঅ’নভৰ বিষয়ে কিছু কথা পাঠক সমাজক জনোৱা৷ কিয়নো যোৱা ১১ অক্টোবৰ তাৰিখে ৮৫ বছৰ বয়সত এলেক্সি লিঅ’নভ মৃত্যুমুখত পৰে৷তেখেত প্ৰথম মহাকাশচাৰী য়ুৰি গাগাৰিণৰ ঘনিষ্ঠ বন্ধু আছিল৷
১৯৩৪ চনৰ ৩০ মে’ত ৰাছিয়াৰ পশ্চিম চাইবেৰিয়াৰ ক্ৰেইৰ লিষ্টভ্যাঙ্কা নামৰ ঠাইত জন্মগ্ৰহণ কৰা এলেক্সি লিঅ’নভ মহাকাশচাৰী হোৱাৰ উপৰিও বায়ুসেনাৰ বিভাগৰ মেজৰ জেনেৰেল আছিল৷ লগতে লিঅ’নভ এগৰাকী বিশিষ্ট লেখক হোৱাৰ উপৰিও এগৰাকী ভাল চিত্ৰশিল্পীও আছিল৷ তেখেতে মহাকাশৰ পৰা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ দৃশ্য নিজৰ তুলিকাৰে সুন্দৰ আৰু মনোমোহাকৈ উপস্থাপন কৰিব পাৰিছিল৷
লিঅ’নভৰ পৰিয়াল ১৯৪৮ চনত লিষ্টভ্যায়াঙ্কৰ পৰা কালিনিগ্ৰেডলৈ স্থানান্তৰিত হয়৷ ১৯৫৭ চনত লিঅ’নভে ইউক্ৰেনত থকা চুগুৱেভ সামৰিক পাইলট একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ এইগৰাকী লিঅ’নাভ আছিল ছোভিয়েট সংঘৰ ১৯৬০ চনৰ প্ৰথম মহাকাশচাৰী প্ৰশিক্ষণ লাভ কৰা বিশজন পাইলট দলটোৰ এজন৷
প্ৰকৃততে ভস্কড-1 নামৰ মহাকাশচাৰী যানখনতহে লিঅ’নভ মহাকাশলৈ উৰা মৰাৰ কথা আছিল৷ কিন্তু বিশেষ কাৰিকৰী কাৰণত এই সৌভাগ্য ভস্কড-২ নামৰ মহাকাশ যানখনৰ নামতহে খোদিত হৈ ৰ’ল৷
১৯৬৮ চনত লিঅ’নভ চয়ুজ নামৰ যুঁজাৰু বিমানৰ কমাণ্ডৰ হিচাপে নিৰ্বাচিত হয়৷ লিঅ’নভক চলয়ুট-1 নামৰ মিছনৰ কমাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল যদিও চয়ুজ-19 ৰ মহাকাশচাৰীৰ মৃত্যুৰ বাবে এই মিছন বাতিল কৰা হৈছিল৷
লিঅ’নভে মহাকাশলৈ দ্বিতীয়বাৰ গৈছিল চয়ুজ-১৯ নামৰ মহাকাশ যানখনত৷ এইখন আছিল ১৯৭৫ চনত এপ’ল’-চয়ুজ মিছনৰ অন্তৰ্গত চোভিয়েট মহাসংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া প্ৰচেষ্টাত উৰা প্ৰথমখন মহাকাশযান৷
লিঅ’নভে ১৯৭৬ চনৰ পৰা ১৯৮২ চনলৈকে মহাকাশচাৰী দলৰ মুখ্য মহাকাশচাৰী বা কামাণ্ডৰ হিচাপে দায়িত্ব পালন কৰিছিল৷ তাৰ লগতে লিঅ’নভ য়ুৰি গাগাৰিণৰ মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ-সঞ্চালকৰ পদত দায়িত্ব পালন কৰিছিল৷ তেখেতে নেপচুন নামৰ মহাকাশ বিজ্ঞানৰ এখন বিজ্ঞানপত্ৰিকা সম্পাদনাও কৰিছিল৷ লগতে লিঅ’নাভ এগৰাকী চিত্ৰশিল্পীও আছিল৷
১৯৯২ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে৷ লিঅ’নভে বন্ধু এন্দ্ৰে চক’ল’ভৰ লগত লাগি বিভিন্ন প্ৰবন্ধ সম্বলিত কিতাপ প্ৰকাশ কৰিছিল৷ এইগৰাকী বিখ্যাত চিত্ৰশিল্পীয়ে ১৯৭৫ চনত এপ’ল২-চয়ুজ উৰণ পৰীক্ষণ কৰাৰ সময়ত লিঅ’নভে ৰং-তুলিকা উলিয়াই লৈ পৃথিৱাৰ ছবি অঁকাৰ লগতে এপ’ল২১ মহাকাশচাৰীসকলৰ প’ট্ৰেইত বনাইছিল৷
লিঅ’নভে ১৯৮০ চনত কল্প-বিজ্ঞানভিত্তিক কাহিনীৰে লিখা বোলছবিখন হ’ল ‘দ্যা অৰিঅ’ন লোপ’৷ ২০০১ চনত তেখেত মস্ক’ত থকা ‘আলফা বেংক’ৰ উপ-সভাপতি আৰু উক্ত বৰ্ডৰে প্ৰথম ডেপুটি হৈছিল৷
২০০৪ চনত লিঅ’নভে আমেৰিকাৰ মহাকাশচাৰী ডেভিদ স্কটৰ লগত চোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলা মহাকাশ বিজ্ঞানৰ শীতল যুদ্ধখনৰ বুৰঞ্জী, ইতিহাসৰ ওপৰত লিখি উলিয়াইছিল ‘‘টু চাইডছ অৱ দ্যা মুন ঃ আৱাৰ ষ্টৰী অৱ দ্যা কল্ড ৱাৰ স্পেচ ৰেছ’’ [জোনবাইৰ ইপিঠি-সিপিঠি ঃ মহাকাশ দৌৰৰ শীতল যুদ্ধৰ সময়ত আমাৰ কাহিনীসমূহ৷] এইখন কিতাপত নীল আমষ্ট্ৰং আৰু তম হেংকছে পাতনি লিখিছিল৷
শেষৰ কালত, দীঘলীয়া অসুখত যুঁজি যঁুজি এইগৰাকী মহাকাশ বিজ্ঞানী যোৱা ২০১৯ চনৰ ১১ অক্টোবৰ তাৰিখে মৃত্যুমুখত পৰে৷ তেৱেই ভস্কড মহাকাশযানৰ কাৰ্যসূচীৰ লগত জড়িত শেষৰজন মহাকাশচাৰী আছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!