Ripunjay Bordoloi

ভাৰতৰ ডিএনএ ফিঙ্গাৰ প্ৰিণ্টিঙৰ পিতৃ লালজী সিং

– published on Natun Rongmela, January, 2018

স্কটলেণ্ডৰ ডাক্টৰ হেনৰি ফড্‌ছক [Henry Faulds] বিশ্ববাসীয়ে যেনেকৈ ফিংগাৰ প্ৰিণ্টৰ পিতৃ বুলি কয়, ঠিক সেইদৰে ভাৰতীয়সকলে লালজী সিঙক ভাৰতৰ ডি.এন. এ. ফিংগাৰ প্ৰিণ্টৰ পিতৃ বুলি স্বীকৃতি দিছে৷
লালজী সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ যোৱানপুৰ জিলাৰ কালৱাৰি নামৰ এখন সৰু গাঁৱত ১৯৪৭ চনৰ ৫ জুলাই তাৰিখে হৈছিল৷ কৃষক পৰিয়ালত জন্ম হোৱা লালজীৰ পিতৃৰ নাম আছিল সূৰ্য্য নাৰায়ন সিং আৰু তেখেত গাঁওখনৰ মুৰব্বী আছিল৷ কালৱাৰিৰ চৰকাৰী বিদ্যালয়তে অষ্টম মানলৈকে অধ্যয়ন কৰি ঘৰৰ পৰা ৭ কিল’মিটাৰ দূৰত অৱস্থিত প্ৰতাপগঞ্জ নামৰ গাঁৱত থকা বিদ্যালয়ত উচ্ছশিক্ষা গ্ৰহণ কৰে৷
দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছত তেখেতে স্নাতক পাঠক্ৰম পঢ়িবলৈ বাৰাণসীত থকা বাণাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত নামভৰ্তি কৰে আৰু প্ৰাণী বিজ্ঞানৰ কোষাণুবংশিক বিষয়ৰ ওপৰত ১৯৬৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷
বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰীত, বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল যাৰবাবে সিঙক বাৰাণস হিন্দু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সোণৰ পদকৰে সন্মানিত কৰা হৈছিল৷ ১৯৬৬ চনতে সিঙক বিশ্ববিদ্যালয় অনুদান আয়োগে জুনিয়ৰ ৰিছাৰ্ছ ফেল’শ্বিপ [JRণ্ঠ] প্ৰদান কৰিছিল৷ ১৯৭১ চনত সিঙে একেখন বিশ্ববিদ্যালয়ৰ পৰা ‘Evolution of Karyotypes in Snakes’ ৰ ওপৰত ডক্টেৰট ডিগ্ৰী লাভ কৰে৷
সিঙে অধ্যাপক এছ. পি. ৰয়. চৌধুৰীৰ তত্ত্বাৱধানত ১৯৭৪ চনত ভাৰতৰ যুৱ বিজ্ঞানীৰ সন্মান INSA বটা লাভ কৰিছিল৷ ১৯৭১-৭২ চনলৈকে তেখেতে কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত সহযোগী গৱেষক হিচাপে সেৱা আগবঢ়াইছিল৷ ১৯৭৪ চনত সিঙে CSIR ত প’ল অফিচাৰ হিচাপে কৰ্মত যোগদান কৰিছিল৷
সিঙে কমনৱেল্‌থ জলপানি লাভ কৰি ইংলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত ১৯৮৭ চনলৈকে গৱেষণাৰ কামত লিপ্ত হৈ আছিল৷ সেইসময়ছোৱাতে তেখেতে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে আৰু কলকাতা বিশ্ববিদ্যালয়ত অতিথি বিজ্ঞানী হিচাপে সেৱা আগবঢ়াইছিল৷
১৯৮৭ চনত সিঙ ভাৰতলৈ ঘূৰি আহি হায়দাৰাবাদৰ Centre for cellular and Molecular Biology (CCMB)ত জে্যষ্ঠ বিজ্ঞানীৰ পদত অধিষ্ঠিত হয়৷ ভাৰতলৈ আহিয়েই তেখেতে ফৰেনছিক তদন্তত ডি এন এ ফিংগাৰ প্ৰিণ্টিঙৰ প্ৰযুক্তি ব্যৱহাৰ কৰাত আগভাগ লয়৷ ১৯৯৮ চনত সিঙক CCMB ৰ চতুৰ্থগৰাকী সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হয়৷ লালজী সিঙে ২০০৬ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৫ চনৰ জুলাইলৈকে জগদীশ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় গৱেষণা জলপানি আৰু ২০১০ চনৰ জানুৱাৰীৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে শান্তিস্বৰূপ ভাটনাগৰ জলপানি CSIR ত ৰফৰ পৰা লাভ কৰিছিল৷
২০০৯ চনৰ ২২ আগষ্ট তাৰিখে সিঙক বাৰাণসীৰ বাণাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক উপাচাৰ্যৰ পদত অধিষ্ঠিত কৰোৱা হয়৷ উপাচাৰ্যৰ তিনিবছৰীয়া কাৰ্যকালত সিঙে বিশ্ববিদ্যালয়ৰ পৰা মাত্ৰ এক টকাকৈ দৰমহা লৈছিল৷
২০১৪ চনৰ পৰা সিঙে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান নতুন দিল্লীৰ Indian Council of Agricultural Research (ICAR)ৰ সভ্য, কাৰ্ণালৰ National Bureau of Animal Genetic Resources (NBAGR)ৰ সভাপতি, হায়দাৰাবাদৰ Project Directorate on Poultry (PDP)ৰ সভাপতি, Pharmacopeia Commission of Indiaৰ উপদেষ্টা সমিতিৰ সদস্য, লক্ষ্ণৌৰ National Bureau of Fish Genetic Resources (NBFGR)ৰ সভাপতি, চেন্নাইৰ Sri Ramachandra Universityৰ পৰিচালনা সমিতিৰ সদস্য, ম’হালিত থকা Indian Institutes of Science Education and Research (IISER)ৰ ৰাজ্যপালৰ দ্বাৰা নিৰ্বাচিত সদস্য হিচাপে দায়িত্ব পালন কৰিছিল৷ সিঙ ভাৰতৰ উল্লেখনীয় জিন’ম ফাউণ্ডেচনৰ সঞ্চালক পদতো আছিল৷
সিঙৰ ৪৫ বছৰীয়া গৱেষণাৰ কালছোৱাত ২৩০ খনতকৈ অধিক গৱেষণাপত্ৰ প্ৰকাশিত হৈছিল৷ সিঙে লিখা কেইখনমান উল্লেখনীয় গ্ৰন্থ হ’ল – You Deserve; We Conserve, 2000 চনত, Scientonic tell-tale of Genome and DNA, 2007 চনত, DNA Fingerprinting: the witness within, ২০১২ চনত আৰু My travails in the Witness Box, ২০১২ চনত প্ৰকাশিত হৈছিল৷
১৯৭৪ চনত সিঙক যুৱ বিজ্ঞানীৰ পদক, ১৯৭৪ ৰ পৰা ১৯৭৬ চনলৈকে কমনৱেলথ জলপানি, ১৯৯২ আৰু ২০০৮ চনত তেখেতে CSIR ৰ Technology Award, ১৯৯৪ চনত Ranbaxy গৱেষণা বঁটা, ২০০০ চনত Life Science ত Goyal Prize, ২০০৩ চনত ‘বিজ্ঞান গৌৰৱ বঁটা’, ২০০২ – ২০০৩ বৰ্ষৰ FICCI বঁটা লাভ কৰিছিল৷ ৮৯ সংখ্যক ভাৰতীয় বিজ্ঞান সংঘৰ পৰা ২০০২ চনত জীৱ বিজ্ঞানৰ ওপৰত কাম কৰা বাবে তেখেতক সেই সময়ৰ প্ৰধান মন্ত্ৰীয়ে The New Millenium Plaques Of Honour সন্মানৰে সন্মানিত কৰে৷ ২০০৪ চনত ভাৰত চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে৷ লগতে লালজীয়ে ২০১১ চনত বিজ্ঞান ক্ষেত্ৰখনত সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে Bio-spectrum Life Achievment Award প্ৰদান কৰা হৈছিল৷ আটাইতকৈ আচৰিত কথাটো হ’ল, সিঙে বিশ্বৰ ৬ খন বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা সন্মানসূচক ডি.এছ. চি ডিগ্ৰী লাভ কৰিছিল৷ তাতোকৈ ডাঙৰ সন্মান হ’ল তেখেতক ভাৰতৰ ডি এন এ ফিংগাৰ প্ৰিণ্টঙৰ পিতৃ হিচাপে আখ্যা দিয়া হৈছে৷ কাৰণ তেখেতেই ভাৰতত ১৯৯৫ চনত Centre for DNA Fingerprinting and Diagnostics (CDFD) স্থাপন কৰি এই প্ৰযুক্তিবিদ্যাৰ লগত ভাৰতক পৰিচয় ঘটাইছিল৷
ভাৰতত ফৰেনছিক পৰীক্ষাগাৰত ফিংগাৰ প্ৰিণ্টৰ বাটকটীয়া লালজীৰ আন এটা নিচা আছিল বন্যপ্ৰাণী সংৰক্ষণ কৰা৷ তেখেতে ২০০৬ চনৰ ১৪ মাৰ্চত প্ৰথমবাৰৰ বাবে ফুটুকী হৰিণৰ কৃত্ৰিম পদ্ধতিৰে প্ৰজনন কৰাই পোৱালি জন্ম দিয়াবলৈ সক্ষম হৈছিল৷ বিলুপ্তপ্ৰায় প্ৰাণীসমূহৰ বংশ বিস্তাৰ কৰিবলৈ উন্নত প্ৰযুক্তিবিদ্যা আৰু সঁজুলিৰে পৰিপূৰ্ণ এটা পৰীক্ষাগাৰৰ শুভ উদ্বোধন ২০০৭ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে সেই সময়ৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে কৰিছিল৷ সিঙে এই পৰীক্ষাগাৰৰ প্ৰয়োজনীয়তা ভাৰতৰ দৰে উন্নয়নশীল তৃতীয় বিশ্বসমূহৰ বাবে অতীৱ বুলি অনুভৱ কৰিছিল৷ ২০০৪ চনত লালজীয়ে ‘জিন’ম ফাউণ্ডেচন’ নামৰ কোনো অৰ্থনৈতিকভাৱে লাভালাভ নথকা অনুষ্ঠানৰ জন্ম দিয়ে৷
এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু ২০১৭ ৰ ১০ ডিচেম্বৰ তাৰিখে ৭০ বছৰ বয়সত বাৰাণসীত হয়৷ তেখেতৰ মৃত্যুয়ে ভাৰতৰ ফৰেনছিক গৱেষণাৰ জগতখনৰ বাবে পিতৃহাৰা হোৱাৰ দৰে হৈ পৰিল৷
[নতুন ৰংমেলা, জানুৱাৰি-২০১৮]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!