দুষ্পাপ্য হ’বলৈ ধৰা ঔটেঙাৰ বিষয়ে যৎকিঞ্চিৎ
– published on Bigyan Jeuti, October-November, 2013
এষাৰ কথা আছে, হাতীয়ে জংঘলত থকা সকলোবোৰ গছ ভাঙে কিন্তু ঔটেঙা গছক কোনোধৰণৰ ক্ষতি নকৰে৷ কাৰণ ঔটেঙা গছত হোৱা ফলবিধ হাতীৰ বৰ প্ৰিয় খাদ্য৷ সেইবাবে ঔটেঙাক ইংৰাজীত এলিফেণ্ট আপল বুলি কোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল ডিলেনিয়া ইণ্ডিকা [Dillenia indica]৷
ঔটেঙাক ভিন্ন অঞ্চলত ভিন্ন নামেৰে জনা যায়৷ সেইবোৰ হ’ল চালটা টেঙা [Chalta tenga], ইণ্ডিয়ান কাটমন [Indian catmon], হ’ন্দাপাৰা গছ [Hondapara tree], ৰাম ফল [Ram phal], কাৰামবেল [Karambel], ভেলাকায়া [Velakkaya] আদি৷
ঔটেঙাৰ মাছৰ জোলকে ধৰি ঔটেঙাৰ লগত জড়িত দীঘলীয়া খাদ্য তালিকা এখন পোৱা যায়৷ যি ঔটেঙা জংঘল, মানুহৰ ঘৰৰ বাৰীত, পথাৰত উভৈনদী হৈ আছিল, তাক আজি বিচাৰি পাবলৈ নোহোৱা হৈছে৷ বৰ্তমান সময়ত ঔটেঙাৰ বজাৰত দাম যোৰা ১০ টকাৰ পৰা ২০ টকা৷ অৰ্থাৎ হাতীয়ে খাই শেষ কৰিব নোৱাৰা ঔটেঙা মানুহে খাবলৈ নোপোৱা হ’ল৷
ঔটেঙা মূলতঃ ইণ্ডোনেছিয়াৰ স্থানীয় গছ, কিন্তু ই ভাৰতবৰ্ষ, চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়েছিয়া আদিলৈ বিস্তৃত হৈ পৰে৷ ভাৰতবৰ্ষৰ উত্তৰৰ ক্ৰান্তীয় বহু অঞ্চল, বিশেষকৈ অসম আৰু কলকাতাত ঔটেঙা বহু পৰিমাণে পোৱা যায়৷ বিহাৰ, উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ শুকান পাহাৰীয়া অঞ্চলত ঔটেঙাৰ গছ হোৱা দেখা যায়৷ এই ফলবিধৰ জংঘলৰ উপবিষুৱীয় অঞ্চলত ক্ষীপ্ৰ বৃদ্ধি হোৱা দেখা যায়৷
ভাৰতবৰ্ষৰ বহুকেইখন সংৰক্ষিত বনাঞ্চলত ঔটেঙা পোৱা যায়৷ ঔটেঙা গছ থকা কেইখনমান সংৰক্ষিত বনাঞ্চলৰ নাম হ’ল– কাথা, টেৰাই এণ্ড ড’বছ, বুঢ়ীদিহিং, দৌৰমাৰা, টাৰণি, ডুমডুমা, নালনি, ফিল’বাৰী, টকৌৱনি, কাকজান, ডিগবৈ, বগাপানী, আপাৰ দিহিং আদি৷ সাধাৰণতে কেঁচা অৱস্থাত ঔটেঙা সেউজীয়া হয়, কিন্তু পকাৰ পিছত ইয়াৰ বৰণ সেউজীয়া আভাস থকা পাতল হালধীয়া বৰণৰ হয়৷ ইয়াৰ গুটি অংশ মূৰ ধোওঁতে চুলিত দিলে চেম্পুৰ দৰে কাম কৰে৷ ঔটেঙা কেঁচা অৱস্থাত বৰ টেঙা হয় যদিও পকিলে অকণমান চেনি বা গুৰৰ লগত খালে বৰ সোৱাদ লাগে৷ ঔটেঙা কেঁচা বা পকা দুয়োটা অৱস্থাতে ৰান্ধনীশালত বহুলভাৱে ব্যৱহৃত হৈ আহিছে৷
The Encyclopedia of Fruit and Nuts ত উল্লেখ আছে যে, ঔটেঙাৰ প্ৰতি ১০০ গ্ৰামৰ এটা বাকলিৰ টুকুৰাত ৫৯ কিল’ কেলৰি থাকে৷ তাৰে ০.৮ শতাংশ চৰ্বি, ২.১ – ২.৫ শতাংশ আঁহ, ৩.৫৪ শতাংশ ক্ষাৰ বা ভস্ম, ১৬ গ্ৰাম কেলচিয়াম, ২৬ গ্ৰাম ফছ্ফৰাছ আৰু ৮ মিলিগ্ৰাম এছকৰবিক এচিড থাকে৷ অৰ্থাৎ ঔটেঙা খাবলৈ টেঙা লগাৰ কাৰণটো হ’ল এছকৰবিক এচিড৷
ঔটেঙাত এনে কিছুমান গুণ আছে যাৰ বাবে ভাৰতীয় চিকিৎসা শাস্ত্ৰত ইয়াৰ ব্যৱহাৰ অতীজৰে পৰা হৈ আহিছে৷ আয়ুৰ্বেদ শাস্ত্ৰই ঔটেঙাক পেটৰ অশান্তি, ক্লান্তিহীনতা আৰু বিততকাৰী আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে৷ ঔটেঙা গছৰ পাত চেপি পোৱা তৰল আৰু ফলৰ বাকলিৰ সহায়ত ডায়েৰীয়া আৰু কৰ্কট ৰোগৰ চিকিৎসা কৰা হয়৷ ঔটেঙা ফলৰ বীজটোৰ সহায়ত মূৰ ধুলে চুলি ফটা, সৰা আৰু উফি হোৱা বন্ধ হয়৷
ক] আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল অৱ ফাৰ্মাটিকেল ছায়েঞ্চ এণ্ড ৰিছাৰ্চত [The International Journal of Pharmaceutical Sciences and Research] প্ৰকাশ কৰা মতে ঔটেঙাত এনে কিছুমান ৰসায়ন পাইছে যাৰ বাবে ইয়াক মধুমেহ ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি৷
খ] আনহাতে The Journal of Global Pharma Technology ত প্ৰকাশ পোৱা মতে ঔটেঙাৰ বীজাণু ধ্বংস কৰিব পৰা ক্ষমতাও আছে৷
গ] The International Journal of Pharmacologyয়ে প্ৰকাশ কৰা অনুসৰি বিজ্ঞানীসকলে ঔটেঙাত বিষহৰণকাৰী গুণো লাভ কৰিছে৷
ঘ] ২০০৯ চনত Pharmacology ত প্ৰকাশ কৰা এক অধ্যয়ন অনুসৰি ঔটেঙাত অপ্ৰজ্জ্বলনকাৰী ধৰ্ম আছে৷
[বিজ্ঞান জেউতি, অক্টোৱৰ-নৱেম্বৰ,২০১৩]