Ripunjay Bordoloi

মূগা পলু, এৰি পলু পোহা গছৰ ঔষধি গুণ

– published on Satsari, July 2014

মূগা পলু, এৰি পলু পুহিবলৈ বেছিকৈ ব্যৱহাৰ কৰা গছকেইজোপা হ’ল– এৰা গছ, মেজাংকৰি, চোম গছ, শোৱালু, দীঘলতি আদি৷ এই গছসমূহৰ ঔছধি গুণৰ বিষয়ে বহুতে নাজানে, জানিও বহুতে ব্যৱসায়িক দিশত মনোনিৱেশ কৰিব পৰা নাই৷ এই লিখনিৰ জৰিয়তে অসমত অপৰ্যাপ্ত পৰিমাণে পোৱা উদ্ভিদসমূহৰ ঔষধি গুণৰ বিষয়ে তথ্য দাঙি ধৰা হৈছে৷
এৰা গছ [Castor Plant, Ricinus communis] ঃ এৰা গছ এজোপা সুন্দৰ ফুল হোৱা গছ৷ গছবিধ দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা গছ যদিও এছিয়াৰ প্ৰায় সকলো অংশতে গছবিধ অপৰ্যাপ্ত পৰিমাণে পোৱা যায়৷
এৰা গছ সাধাৰণতে এৰি পুহিবলৈকে ব্যৱহাৰ কৰা হয় বুলি আমি সকলোৱে জানো৷ এইবিধ গছৰ গুটিত ৪০ ৰপৰা ৬০ শতাংশ পৰ্যন্ত তেল থাকে৷ এৰা গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা তেলৰ ঔষধি গুণৰ বাবে তেলবিধৰ চাহিদা বজাৰত অতি বেছি৷ কেষ্টৰ তেল নামে জনপ্ৰিয় এৰা গছৰ তেল তপা আৰু চুলি সৰি থকা মানুহৰ বাবে মহৌষধ বুলি প্ৰমাণিত৷ মহিলাৰ সন্তান প্ৰসৱৰ পিছত থাকি যোৱা পেটৰ দাগসমূহ এই গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা তেল ব্যৱহাৰ কৰি নাইকিয়া কৰিব পাৰি৷
এই ঔষধি গুণসমূহৰ উপৰিও কেষ্টৰ তেল যানবাহনৰ আভ্যন্তৰীণ দহনৰ উত্তম লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ হয়৷ প্ৰথম বিশ্ব যুদ্ধৰ সময়ৰ উৰাজাহাজসমূহ, প্ৰতিযোগিতাত ব্যৱহৃত গাড়ী আৰু কিছুমান আৰ্হি হিচাপে ব্যৱহাৰ কৰা উৰাজাহাজত এই তেল ব্যৱহাৰ কৰা হৈছিল৷ কেষ্টৰ তেল কোনোধৰণৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ লগত মিহলি নহয়৷ এইবিধ তেলক সাংশ্লেষিক তেল হিচাপে ব্যৱহাৰ কৰিলে পৰিৱেশৰ প্ৰদূষণৰ মাত্ৰা বহু খিনি কমি যাব৷
শোৱালু [Common grey mango laurel, Litsea monopetala] ঃ শোৱালু এবিধ সৰু আৰু মজলীয়া চিৰসেউজ গছ৷ ইয়াৰ পাতবোৰ ৭.৫ছেণ্টিমিণ্টাৰৰ পৰা ২৩ ছেণ্টিমিটাৰলৈ দীঘল হয়৷ ফুলবোৰ সৰু, অনুজ্জ্বল সেউজ হালধীয়া হয়৷
শোৱালু গছৰ ফল ১০ মিলিমিটাৰ দীঘল, ক’লা আৰু ডিম্বাকৃতিৰ হয়৷ ৫ৰপৰা ৬ টা মান পাত ঘূৰণীয়াকৈ একেলগে লাগি থাকে৷ ইয়াৰ বাকলিসমূহ বলবদ্ধৰ্ক ঔষধ, হজমকাৰ্য্য বৃদ্ধিকাৰক, উত্তেজনা প্ৰণোদক হিচাপে ব্যৱহাৰ কৰা হয়৷ ডালসমূহ গুড়ি. কৰি আঘাতপ্ৰাপ্ত অৱস্থাত লগালে সোনকালে ভাল হয়৷ বাকলিৰ পৰা ৰস উলিয়াই চেনিৰ লগত মিহলি কৰি ডায়েৰিয়া, ডিচেন্ট্ৰী আদিৰ দৰে ৰোগৰ চিকিৎসা কৰা হয়৷
শোৱালু গছৰ বাকলিৰ পাউডাৰ বিভিন্ন আঘাত আৰু অতিশয় পৰিশ্ৰম কৰাৰ ফলত হোৱা বিষ আদি উপশম ঘটাবলৈ ব্যৱহাৰ কৰা হয়৷ জীৱ-জন্তুৰ হাড় ভাঙিলে সুন্দৰভাৱে এই পাউডাৰৰ লেপন দিলে অতি সোনকালে ভাল হয় বুলি প্ৰমাণিত হৈছে৷
মেজাংকৰি [Mezankari, Litsea cubeba] ঃ মেজাংকৰি গছজোপাক ‘চীনা জালুক’ বা ‘পৰ্বতীয়া জালুক’ নামেৰেও জনা যায়৷
মেজাংকৰি মূলতঃ চীন দেশৰ দক্ষিণ অঞ্চল, ইণ্ডোনেছিয়া, জাভা, সুমাত্ৰা আৰু দক্ষিণ এছিয়াৰ প্ৰায়বোৰ অঞ্চলৰ থলুৱা গছ, সেইবাবে নামটোও চীনদেশীয়৷
এইজোপা গছ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ মূগা পলুৰ খেতিৰ বাবেহে ব্যৱহাৰ কৰা হয়৷ কিন্তু চীন দেেশ মেজাংকৰি গছৰ ঔষধি গুণক এনেকুৱাকৈ ব্যৱহাৰ কৰিছে যে, সমগ্ৰ বিশ্বৰ চাহিদা পূৰণ কৰাত অসমৰ্থ হৈ পৰিছে৷ জাপান আৰু টাইৱানেও মেজাংকৰি গছৰ ব্যৱসায়িক ভিত্তিত খেতি কৰে৷
গছজোপাত বগা-হালধীয়া ৰঙৰ ফুল হয়৷ গছজোপাৰ বৈজ্ঞানিক নামৰ পিছৰ কিউবেবা আহিছে ইয়াৰ গুটিবোৰ দেখিবলৈ জালুকৰ দৰে হোৱা বাবে৷ মেজাংকৰি গছৰ পকা আৰু শুকান ফলৰপৰা ঔষধিগুণযুক্ত তেল নিষ্কাশন কৰা হয়৷ মেজাংক ৰি গছৰ তেলক গন্ধবিৰিণাৰ লগত তুলনা কৰিব পাৰি৷ তেলবিধৰ নেমুৰ দৰে সুগন্ধতাৰ বাবেই সুগন্ধী আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা কাৰখানাত ইয়াৰ চাহিদা অতি বেছি৷
কমলা আৰু ৰবাব টেঙাৰ ৰসৰ দৰে মেজাংকৰি তেলৰ সুগন্ধই অতি ক্ষীপ্ৰতাৰে মানুহৰ মনৰ আবেগিক আৰু মানসিক সমস্যা আঁতৰ কৰিব পাৰে৷ এই তেলবিধক বেক্টেৰিয়া প্ৰতিৰোধক, ভেকুৰ প্ৰতিৰোধক হিচপে ব্যৱহাৰ কৰিব পৰা এবিধ অ-প্১৮লনকাৰী ধৰ্মবিশিষ্ট তেল হিচাপেও ব্যৱহাৰ কৰা হয়৷ সেইবাবে ইয়াক ব্যৱহাৰ কৰি ঠাণ্ডাজনিত জ্বৰ, কাঁহ আৰু আন সংক্ৰমণৰ পৰা ৰেহাই পাব পাৰি৷
পিএলঅ’ এছ [PLOS] নামৰ আলোচনী এখনৰ গৱেষণামূলক প্ৰবন্ধ এটাত প্ৰকাশ পাইছে যে– মেজাংকৰি তেলৰ ধোঁৱাই হাওঁফাওঁত হোৱা কৰ্কট ৰোগৰ শ্ৰীবৃদ্ধি সম্পূৰ্ণৰূপে নাইকিয়া নতুবা নিয়ন্ত্ৰণ কৰাৰ লগতে বিভিন্ন স্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা উপশম দিব পাৰে৷
তেলবিধে স্নায়ুকোষৰ বাবে ভিটামিনৰ দৰে কাম কৰাৰ লগতে ই মানুহৰ ৰেচনতন্ত্ৰও শক্তিশালী কৰি তোলে৷
বদহজমত ভোগা ৰোগীৰ বাবে এই তেল মহৌষধ, তেলবিধে মানুহৰ লিভাৰৰ কাৰ্যকলাপ সঠিক কৰি ৰাখে৷ চীনদেশৰ লোকসকলৰ বাবে পেট উফন্দি উঠা আৰু বদহজমৰ থলুৱা চিকিৎসাই হ’ল মেজাংকৰি তেল৷
পেটৰ যিকোনো অসুবিধা হ’লে দুইৰ পৰা তিনিটোপাল মেজাংকৰি তেল সাধাৰণ নাৰিকল তেল বা মিঠাতেলৰ লগত মিহলাই পেটতো ঘূৰ্ণনভাৱে অলপ হেঁচা দি মালিছ কৰি দিলে বহুখিনি সকাহ পোৱা যায়৷
মেজাংকৰি তেলৰ ব্যৱহাৰৰ কোনো নীতি নিয়মৰ কথা নাই, এই তেলৰ সহায়ত এথলেট্‌ছ ফুট Athlete’s Foott] নামৰ ছালৰ ৰোগ নিৰাময় কৰিব পাৰি৷ ছালৰ যিকোনো ৰোগৰ বাবে মহৌষধ হোৱাৰ লগতে তেলবিধক ঘৰুৱা যিকোনো বস্তু পৰিষ্কাৰ কৰা কামত ব্যৱহাৰ কৰিব পাৰি৷ তেলেতীয়া ছালৰ মুখ হওক, মুখত শালমইনাৰ বা অন্য কিহবাৰ দাগ হওক সকলোতে এই তেলবিধ লগালে সুফল পোৱা যায়৷
মেজাংকৰি তেলবিধ অকল শৰীৰ চাফা কৰা কামতে নহয় ইয়াক আমি অন্তৰ শুদ্ধিৰ কামতো ব্যৱহাৰ কৰিব পাৰো৷ এই তেল ব্যৱহাৰ কৰিলে মানুহৰ মানসিক অৱসাদ, উৎকণ্ঠা, অনিদ্ৰা, চাপ আদি কমাই মনটো উৎফুল্লিত, সতেজ কৰি ৰাখে৷
কিছুমান মানুহৰ গাৰ পৰা বৰ দুৰ্গন্ধ ওলায়৷ এই আহুকালৰ পৰা হাত সাৰিবলৈ গাত লগোৱা লোচনৰ [Body lotion] লগত মেজাংকৰি তেল মিহলি কৰি দিলে গাৰ গোন্ধ বহু পৰিমাণে নাইকিয়া হয়৷ কেতিয়াও গাৰ গোন্ধ ওলোৱা ব্যক্তিয়ে ক্ষতিকাৰক ৰাসায়নিক বডি স্প্ৰে [Body spray] ব্যৱহাৰ কৰিব নালাগে৷
পাকঘৰটো চাফা কৰি ৰাখিবলৈ এইবিধ তেল ব্যৱহাৰ কৰি আমি পৰিৱেশ প্ৰদূষক ৰাসায়নিক দ্ৰব্যবোৰৰ পৰা হাত সাৰি থাকিব পাৰো৷
দীঘলতি [Litsea salicifolia] ঃ সমগ্ৰ ভাৰতবৰ্ষতে দীঘলতি গছৰ ৪৫ টা প্ৰজাতি পোৱা যায়৷
ইয়াৰে কিছুমানৰ পৰা এবিধ তেল উলিয়াই বিভিন্ন অঞ্চলৰ জনজাতিসকলে ঔষধ হিচাপে বিভিন্ন চিকিৎসা কৰে৷
অসমত এইবিধ গছৰ গুৰুত্ব অধিক, কাৰণ বহাগ বিহুৰ সময়ত গৰু বিহুৰ দিনা গৰু গা ধুৱাবৰ সময়তদীঘলতি পাতৰে গাত কোবাই কোবাই এনেদৰে কয়, ‘‘দীঘলতি পাত, মাখয়তি চাক, হাতৰ খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাও’’৷ এৰি, মূগা পলু পুহিবলৈও দীঘলতি পাত ব্যৱহাৰ কৰা হয়৷
আজি এই লিখনিৰ জৰিয়তে ইয়াৰ ঔষধি গুণৰ বিষয়েহে অলপমান আলোকপাত কৰিম৷ মহ আৰু মাখি মানুহৰ বহুদিনীয়া শত্ৰু, ইয়াৰ পৰাই বহুতো বেমাৰৰ সৃষ্টি হয়৷ দীঘলতি গছৰ তেল বিভিন্ন পতংগনাশক আৰু কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়৷ এই তেলে মহৰ কণীৰ ধ্বংস কৰাৰ লগতে বংশবৃদ্ধিৰ ক্ষেত্ৰত বাধাও প্ৰদান কৰে৷
মেলেৰিয়া, ফাইলেৰিয়া আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ বৰ্তমান বিজ্ঞানীয়ে দীঘলতি তেল ব্যৱহাৰ কৰিছে যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ ব্যৱহাৰ অতীজৰে পৰা হৈ আহিছে৷ বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে, দীঘলতি তেলৰ সহায়ত বিশেষকৈ মহৰ দুটা প্ৰজাতি এ. এজিপ্তী [A. aegypti]] আৰু চি. কুইনকিউফেছচিয়াটাছৰ [C.quinquefasciatus] বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে ধ্বংসও কৰিব পাৰি৷
ইয়াৰ উপৰিও চোম গছ বা চাম গছ [Persea bombycina] যাক মূগা পুহিবলৈ ব্যৱহাৰ কৰা হয়, ইয়াৰো বহুতো ঔষধি গুণ আছে৷ তথ্য লাভ কৰা অনুসৰি মেজাংকৰি গছৰ তেলৰ চাহিদা ইমান বেচি যে চীনদেশে আমদানি কৰি চাহিদা পূৰণ কৰিবলৈ অসমৰ্থহৈ পৰিছে৷ বৰ্তমানে অসমত তথা উত্তৰপূৰ্বাঞ্চলত উভৈনদীহৈ থকা গছবোৰ পলু খেতিয়কৰ বাহিৰে অন্যসকলে কাঠ হিচাপে বা অদৰকাৰী গছ হিচাপে গণ্য কৰি আহিছে৷
ভাৰতবৰ্ষৰ উত্তৰ-পূবাৰ্ঞ্চলত প্ৰকৃতিয়ে হাত উজাৰি সকলো সম্পদ দিছে, কিন্তু তাক আমি পৰিৱেশমিত্ৰ হৈ ব্যৱহাৰ কৰিব পৰা নাই৷ চোম, শোৱালু, মেজাংকৰিৰ দৰে গছৰ পৰা যে এখন দেশৰ অৰ্থনীতি সলনি কৰিব পাৰি তাক আমি চিন্তা নকৰো৷
সেউজ অৰ্থনীতি গ্ৰহণৰে আমি খেতিয়কসকল আৰু ব্যৱসায়ীসকল লাভৱান হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মক এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপহাৰ দিব পাৰিম৷ অসমত এইবাৰ বহাগ মাহৰ শেষলৈকে যি খৰাং আৰু উষ্ণতা বৃদ্ধি হ’ল, সিয়েই ভৱিষ্যতৰ দিনকেইটা কেনেধৰণৰ হ’ব তাকে সকলোৱে চিন্তা কৰিবৰ সময় হৈ গ’ল৷ অন্যথা ধ্বংস অনিবাৰ্য…৷
[সাতসৰী, জুলাই, ২০১৪]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!