Ripunjay Bordoloi

গণিতজ্ঞ বিজয় কৃষ্ণ দেৱশৰ্মাৰ লগত এখন্তেক...

– published on Janambhumi, Dec, 2016

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, বহুমুখী প্ৰতিভাধৰ, বিজ্ঞান আৰু গণিতৰ লেখক ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১৬ ডিচেম্বৰ তাৰিখে, বৰপেটাত৷
বৰপেটা উচ্ছ ইংৰাজী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা গণিতত সন্মানসহ স্নাতক হয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আইআইটি খড়গপুৰৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে৷ সোণাৰাম হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাই কটন কলেজ, চেইণ্ট এন্থনীজ কলেজ [ছিলং], গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি ১৯৭৪ চনত জন্মলগ্নতেই উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত [নেহু, ছিলং] গণিতৰ মুৰব্বী অধ্যাপক ৰূপে সোমায় আৰু মূৰকত সেই বিশ্ববিদ্যালয়ৰ ‘মহাবিদ্যালয় উন্নয়ন পৰিষদ’ৰ সঞ্চালকৰূপে অৱসৰ লয়৷ তেখেতে উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ দূৰ-শিক্ষা কেন্দ্ৰৰো সঞ্চালক আৰু ছাত্ৰ কল্যাণ বিভাগৰ গুৰু [ডিন] হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷
১৯৬০ চনৰ পৰা বিজ্ঞানৰ ওপৰত লিখিবলৈ হাতত কলম তুলি লোৱা ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ এতিয়ালৈকে দুকুৰিৰো অধিক গ্ৰন্থ আৰু পাঁচ হেজাৰৰো অধিক লেখনি প্ৰকাশিত হৈছে৷ তেখেতে নিজৰ নামত প্ৰবন্ধপাতি লেখাৰ উপৰিও ‘ভাস্কৰ’ ছদ্মনামেৰে ‘দৈনিক অসম’ত, বিজ্ঞান ককাইদেউ আৰু নৱনীতা শৰ্মা ছদ্মনামেৰে ‘অকণিৰ ৰংঘৰ’ ত লিখিছিল৷
১৯৯৯ চনত ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাক গণমাধ্যমযোগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক জনপ্ৰিয়কৰণৰ কীৰ্তিৰ বাবে ‘ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে’ ৰাষ্ট্ৰীয় পুৰস্কাৰৰে সন্মানিত কৰে৷
১৯৬১ চনৰ পৰাই অসমত গণিত শিক্ষকৰ প্ৰশিক্ষণ শিবিৰ আৰু কৰ্মশালাত ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাই অংশগ্ৰহণ কৰি আহিছে৷ গণিত শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ এনে সৰ্বজনস্বীকৃত যশস্যা হেতু বেইজিঙত অনুষ্ঠিত ‘আন্তৰ্জাতিক গণিতজ্ঞৰ কংগ্ৰেছ,২০০২’ লৈ তেওঁ বিশেষভাৱে আমন্ত্ৰিত হয় আৰু তাত ‘প্ৰথম পুৰুষৰ ন-শিকাৰুই গণিত শিকনত পোৱা বাধা আৰু সমস্যা’ শীৰ্ষক গৱেষণাপত্ৰ পাঠ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ সেইসময়ত এই আলোচনা চক্ৰখনত জন নেচ’ৰ দৰে বিখ্যাত গণিতজ্ঞও উপস্থিত আছিল৷
তেখেতসকলে ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ গৱেষণা পত্ৰখনৰ ভূয়সী প্ৰসংশা কৰিছিল৷ ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ বৰ্তমানলৈকে দহখনমান পাঠ্যপুথি, ৩ খন গণিত শিক্ষা সম্পৰ্কীয় গ্ৰন্থ আৰু প্ত খন জনপ্ৰিয় গণিতৰ কিতাপ প্ৰকাশিত হৈছে৷ ইয়াৰ উপৰিও, আকাশবাণী গুৱাহাটী আৰু ছিলং কেন্দ্ৰ যোগে ড॰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ গণিত শিক্ষণ আৰু শিকন সম্পৰ্কীয় এশৰো অধিক কথিকা প্ৰচাৰ কৰা হৈ আছে৷ দূৰদৰ্শন যোগেও তেওঁৰ গণিত জনপ্ৰিয়কৰণৰ কাৰ্য্যসূচী প্ৰচাৰিত হৈছে৷
২০১৬ চনৰ ১৬ ডিচেম্বৰত ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা ছাৰে ৮০ বছৰত ভৰি দিব৷ সেই উপলক্ষে যোৱা ১০ অক্টোবৰ তাৰিখে দুৰ্গা পূজাৰ নৱমীৰ দিনাখন মইতেওঁৰ গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত পূৰৱী ডায়েৰীৰ সন্মুখৰ, সুন্দৰ পথৰ ১৬ নং ঘৰটোত উপস্থিত হ’লো৷ ছাৰৰ লগত বহুসময় ধৰি বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিলো৷ তেখেতৰ লগত হোৱা অন্তৰংগ আলাপৰ কিছু অংশ প্ৰকাশিত কৰা হ’ল-
প্ৰশ্নঃ আপোনাক আধুনিক অসমীয়া বিজ্ঞান সাহিত্যৰ প্ৰথম বিজ্ঞান লিখক হিচাপে গণ্য কৰা হয়৷ গণিতৰ এগৰাকী ব্যক্তি হৈয়ো আপুনি বিজ্ঞান লিখাত বেছি গুৰুত্ব দিয়াৰ কাৰণ কি? আৰু, আপুনি বিজ্ঞান লিখাৰ বাবে কিয় আগবাঢ়ি আহিল?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : কেতিয়াবা, কেতিয়াবা দুৰ্ঘটনা এটা ঘটনাত পৰিৱৰ্তিত হয়৷ মই বিজ্ঞান লিখাৰ ক্ষেত্ৰতো ঠিক এনেকুৱা কথাই ঘটিল৷
কটন কলেজৰ পৰা গণিতত অনাৰ্চ লৈ বিএছচি পাছ কৰাৰ পিছত মই অসম চৰকাৰৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত থকা দুখন আসনৰ এখন মই পালোঁ৷ আৰু সেইমতে ইলেক্‌ট্ৰিকেল ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিলোঁ৷ বি.এছ.চি পাছ কৰাৰ কাৰণে মোক দ্বিতীয় বাৰ্ষিকত নাম লগাব দিলে৷ ছমাহ মানৰ পাছত মোৰ চকু অসুখ হোৱা কাৰণে মই ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ অসুবিধা পালোঁ৷ তাত বিভাগীয় মুৰব্বীজনে মেডিকেল কলেজলৈ গৈ চকু চিকিৎসা কৰালে৷ চকু চিকিৎসকজনে সকলো পৰীক্ষা কৰি ক’লে-‘‘তোমাৰ চকু অতি দুৰ্বল৷ তুমি পঢ়া শুনা কৰি আছা চকুৰ বিনিময়ত, এতিয়া আৰু সেই কাম নকৰিবা৷ নহ’লে তুমি এটা সময়ত অন্ধত্বতাত ভুগিব লাগিব’’৷ চকু চিকিৎসকৰ সেই কথা শুনি বিভাগীয় মুৰব্বীজনে মোক সান্তনা দি ক’লে যে, মই অভিযান্ত্ৰিক অধ্যয়ন বাদ দি এম.এছ.চি [গণিত] পঢ়াই ভাল হ’ব৷ তেতিয়া আছিল ছেপ্টেম্বৰ মাহ৷ অধ্যাপকজনৰ বহু চেষ্টাৰ পাছতো এম.এছ.চিত নাম লগোৱাটো সম্ভৱ নহ’ল৷ সেয়ে মই ইঞ্জিনিয়াৰিং এৰি গুচি আহিলো আৰু আহি গুৱাহাটীত সাময়িকভাৱে শিক্ষকতা আৰম্ভ কৰিলো সোণাৰাম হাই স্কুলত৷ হাইস্কুলত শিক্ষকতা কৰি মনৰ আশা পূৰণ নোহোৱা কাৰণে এটা বিশেষ মানসিকতাত- হীনমন্যতাত ভুগিলো৷ তেতিয়া ভাৱ হ’ল যে, এনে কিবা এটা কৰিব লাগিব যিয়ে মোৰ হীনমন্যতাবোধ নাশ কৰে৷ প্ৰাসংগিকভাৱে কওঁ যে, মই বি.এছ.চি পঢ়া দিনৰে পৰা বঙালী আলোচনী, ‘দেশ’ খন পঢ়িছিলো৷ ‘দেশত’ এটা স্তম্ভ আছিল ‘বিশ্ব বিজ্ঞান’৷ লিখিছিল প্ৰখ্যাত লেখক ডাঃ সমৰজিৎ কৰে৷ সেই কথাটোৱেই মোক বৰ আকৰ্ষিত কৰিলে আৰু মই ঠিক কৰিলো যে ডাঃ কৰৰ দৰে ময়ো অসমীয়াত বিজ্ঞান স্তম্ভ লিখিম৷
প্ৰশ্নঃ প্ৰথমছোৱাত আপোনাৰ লিখামেলা ক’ত প্ৰকাশ পাইছিল?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : সেই সময়তে প্ৰখ্যাত লেখক ৰত্ন ওজাই মোক লিখাত উদ্‌গনি দিলে৷ মই ওজাদেৱক বিজ্ঞান লেখাৰ কথা কওঁতে তেওঁ যথেষ্ট পুলকিত হ’ল আৰু ক’লে-‘‘বিজয় তুমি বিজ্ঞান লিখা, মই ‘আমাৰ প্ৰতিনিধিত’ নিয়মীয়া স্তম্ভ কৰি উলিয়াম’’৷ সেই সময়ত ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদক আছিল ঔপন্যাসিক পদ্ম বৰকটকী আৰু ৰত্ন ওজাই আলোচনীখনৰ সমন্বয়ৰক্ষী প্ৰতিনিধি হিচাপে কাম কৰিছিল৷ গতিকে মই ন-দি ক’ব পাৰোঁ যে, মোৰ বিজ্ঞান বিষয়ক লিখা-মেলাৰ প্ৰথমতে আৰম্ভ হৈছে ‘আমাৰ প্ৰতিনিধি’ৰ যোগেদি৷ মোৰ প্ৰথম প্ৰবন্ধ প্ৰকাশ পাইছে ‘আমাৰ প্ৰতিনিধি’ৰ পাতত৷ অৱশ্যে তাৰ আগতে ‘কটনিয়ান’ ৰ দুটা সংখ্যাত একেধৰণৰ প্ৰবন্ধ প্ৰকাশ পাইছিল৷
প্ৰশ্নঃ আপোনাৰ প্ৰথম প্ৰবন্ধ আৰু প্ৰথম প্ৰকাশিত কিতাপখনৰ বিষয়ে ক’ব নেকি?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : মোৰ প্ৰথম প্ৰকাশিত কিতাপখনৰ কাহিনী গল্পৰ দৰে৷ সোনাৰাম হাইস্কুলত শিক্ষকতা কৰোতে, মই প্ৰথম বছৰতে দশম মানত কেইজনমান ভাল অৰ্থাৎ গণিতত ৰাপ্‌ থকা ছাত্ৰ পালোঁ৷ তেওঁলোকক মই স্কুল ছুটিৰ পিছত নিজাবৱীয়াকৈ গণিত পঢ়াবলৈ ল’লোঁ৷ সৌভাগ্যৰ কথা যে, প্ৰৱেশিকা পৰীক্ষাত তেওঁলোকৰ তিনি-চাৰিজনে গণিতত ভাল ফল দেখুৱালে লেটাৰ নম্বৰ পাই৷ সোনাৰামহাইস্কুলৰ ইতিহাসত সেই সময়লৈ গণিতত লেটাৰ পোৱা নজীৰ নাছিল৷
এই কথাটো সেই সময়ৰ প্ৰখ্যাত শিক্ষা সঞ্চালক চুৰেশ চন্দ্ৰ ৰাজখোৱাই নজৰ কৰিলে আৰু তেওঁ তাঁৰবাৰ্তাযোগে প্ৰধান শিক্ষক আৰু গণিত শিক্ষকৰ শলাগ ল’লে৷ ইমানতে ক্ষান্ত নাথাকি তেখেত তিনি-চাৰিদিন পাছতে ছিলঙৰ পৰা আহি সোনাৰাম স্কুলত উপস্থিত হ’ল৷ সেইসময়ত স্কুললৈ ডি.পি.আই অহাটো এক পৰ্বৰ দৰে আছিল৷ কিন্তু ৰাজখোৱা ছাৰে স্কুলত প্ৰৱেশ কৰিয়েই প্ৰধান শিক্ষকজনক [ঁনৰেন্দ্ৰ নাথ শৰ্মা] ক’লে-‘‘নৰেন বাবু, আপোনাৰ স্কুললৈ ডি.পি.আই অহা নাই, চুৰেশ চন্দ্ৰ ৰাজখোৱাহে আহিছে গণিত শিক্ষকজনক চাবলৈ৷ গতিকে বিশেষ কোনো আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই’’৷ আচলতে প্ৰধান শিক্ষক আৰু ৰাজখোৱা ছাৰ আছিল সমসাময়িক আৰু একেই কলিকতা বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিষয়ৰ ছাত্ৰ৷
তাৰপিছত প্ৰধান শিক্ষকে মোক মাতি পঠিয়ালে আৰু ডি. পি. আইৰ সন্মুখত উপস্থিত কৰালে৷ ৰাজখোৱা ছাৰে মোক দেখিয়েই ক’লে-‘‘অ’ বিজয় তুমি সোনাৰামত সোমাইছা, সেয়ে নৰেন বাবু আপোনাৰ স্কুলৰ গণিতত এনে ভাল ফল হৈছে৷’’ আচলতে ৰাজখোৱা ছাৰৰ লগত বি.এছ.চি পঢ়ি থকা সময়ত বিশেষ এক সংযোগৰ দ্বাৰা পৰিচয় ঘটিছিল৷
মই বেনাৰসৰ পৰা ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন এৰি গুচি আহোঁতে ছাৰলৈ এখন চিঠি দিছিলো এইবুলি যে, মই পোৱা চৰকাৰী বৃত্তিটো লুপ্ত নকৰি মোৰ পাছৰ [ফলাফল] অনুসৰি ছাত্ৰজনক দিব লাগে৷ সেই কথাটোত ৰাজখোৱা ছাৰ বৰ মোহিত হৈছিল আৰু ছাৰে আমাৰ প্ৰধান শিক্ষকজনক সেই কথাটো ক’লে৷ লগতে ক’লে যে, আজিলৈকে কোনো ছাত্ৰই এনেধৰণৰ চিঠি আমালৈ দিয়া নাই৷
তাৰপিছত ছাৰে প্ৰধান শিক্ষকক কৈ মোক লগতলৈ গুচি গ’ল৷ গ’ল তেখেতৰ শহুৰেকৰ ঘৰ উজান বজাৰলৈ৷ তাত মোক বহুৱাই ছাৰে ক’লে-‘‘বিজয়, তুমি যিদৰে স্কুলত গণিত পঢ়াইছা, তাত নি(য় কিবা নতুনত্ব আছে! গতিকে মই ভাবিছোঁ, তুমি পঢ়োৱা পদ্ধতিখিনি আমাৰ অসমৰ গণিত শিক্ষকসকলক জনোৱা উচিত৷ গতিকে মই জিলাই জিলাই গণিত শিক্ষকৰ কৰ্মশালা পতাৰ ব্যৱস্থা কৰোঁ আৰু তুমি তাত তোমাৰ গণিত শিকোৱাৰ কৌশলৰ বিষয়ে শিক্ষকসকলক কোৱা, মাথোঁ সেইখিনি লিখিতভাৱে মোক দিব লাগিব৷’’
তাতেই আৰম্ভ হয় গণিত শিক্ষকৰ প্ৰশিক্ষণৰ [১৯৬১] আদিপৰ্ব৷ সেইমতে মই ছাৰক সন্তুষ্ট কৰিলোঁ আৰু তিনিবছৰ ধৰি সমগ্ৰ অসমতে জিলাই জিলাই গণিত শিক্ষণৰ ওপৰত বক্তৃতা প্ৰদান কৰিলো৷
তাৰপিছত ছাৰে আগেয়ে কোৱা কথামতে বক্তৃতাবিলাকৰ পাণ্ডুলিপি খুজিলে আৰু ময়ো একান্ত বাধ্য ছাত্ৰৰ দৰে লিখি থৈ যোৱা বক্তৃতাৰ পাণ্ডুলিপি ছাৰৰ হাতত তুলি দিলোঁ আৰু ছাৰে মোক লগত লৈ ‘লয়াৰ্ছ বুক ষ্টল’ আছিল বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা৷ ৰাজখোৱা ছাৰে দত্ত বৰুৱাক ক’লে-‘‘ছাৰ, এই সৰু ল’ৰাজনে এখন ভাল কিতাপ লিখিছে, কামত অহা কিতাপ, আপুনি প্ৰকাশ কৰি উলিয়াব লাগে৷’’ দত্ত বৰুৱাইয়ো বিনাদ্বিধাই পাণ্ডুলিপিখন হাততলৈ প্ৰকাশৰ দায়িত্ব ল’লে আৰু সেয়ে মোৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ – ‘অংকৰ প্ৰশিক্ষণ প্ৰণালী’৷ গণিত শিকোৱা সম্পৰ্কে শিক্ষকৰ বাবে এখন হাতপুথি৷
প্ৰশ্নঃ প্ৰথম কিতাপখন প্ৰকাশিত হওঁতে আপোনৰ কেনে অনুভৱ হৈছিল?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : অংকৰ প্ৰশিক্ষণ প্ৰণালী প্ৰকাশৰ পিছত মোৰ কেনেকুৱা অনুভৱ হৈছিল তাক ভাষাৰে প্ৰকাশ কৰা টান৷ যেতিয়া কিতাপখন ডি.পি. আই ৰাজখোৱা ছাৰে সমগ্ৰ সংস্কৰণটো কিনি লৈ অসমৰ স্কুলে, স্কুলে বিতৰণ কৰিছিল, তেতিয়া বহুতো স্কুলৰ গণিত শিক্ষকৰ পৰা প্ৰশংসাসূচক চিঠি পাইছিলো৷ আৰু ইয়ে মোৰ বিজ্ঞান লিখাত উদ্বুদ্ধ কৰিছিল৷
প্ৰশ্নঃ দুকুৰিৰো অধিক কিতাপ আৰু পাঁচ হেজাৰৰো অধিক লিখনি আপোনাৰ প্ৰকাশ হৈছে৷ বিজ্ঞানৰ লিখামেলা কৰাত আপুনি কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : মই ইতিমধ্যে প্ৰকাশ কৰিছো যে, অসমত বিজ্ঞান লিখাৰ আৰম্ভণি [ধাৰাবাহিকভাৱে] তেনেই চালুকীয়া৷ গতিকে পাঠকৰ সমাদৰ লগাৰ জোখাৰে পোৱাটো টান হৈছিল৷
কোনো কোনোৱে আকৌ ভেঙুচালি কৰি ‘সাহিত্যিক হোৱাৰ বাসনা পূৰণৰ প্ৰকাশ’ বুলি মোক ঠাট্টাও কৰিছিল৷ তথাপিও পদ্ম বৰকটকী, ৰত্ন ওজা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য [ৰামধেনুৰ সম্পাদক], দীননাথ শৰ্মা [আবাহনৰ সম্পাদক], কীৰ্তিনাথ হাজৰিকা [দৈনিক অসমৰ প্ৰথম সম্পাদক], চন্দ্ৰপ্ৰসাদ শইকীয়া [অসম বাতৰিৰ সম্পাদক], অধ্যাপক মহেন্দ্ৰ নাথ বৰা [মণিদ্বীপৰ সম্পাদক] আৰn প্ৰখ্যাত কবি নৱকান্ত বৰুৱা¸ [জোনবাইৰ সম্পাদক] আদি ব্যাক্তিসকলৰ উদ্‌গনিয়ে মোক বিজ্ঞান লিখনি চলাই যাবলৈ অফুৰন্ত সাহস দিছিল৷প্ৰশ্নঃ বিজ্ঞান লিখামেলা কৰাত বৰ্তমানৰ পৰিৱেশ, আপুনি আৰম্ভ কৰা সেই সময়ৰ পৰিৱেশৰ কিবা পৰিবৰ্তন হৈছে নেকি?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : এৰা, সম্প্ৰতি বিজ্ঞান লিখামেলাৰ ক্ষেত্ৰত আগৰ তুলনাত পৰিৱেশৰ পৰিবৰ্তন বহুতো হৈছে৷ ইয়াৰ কাৰণ অৱশ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োভৰে আমাৰ দৈনন্দিন তথা সামগ্ৰিক জীৱন ভৰাই তুলিছে৷ সেয়ে বৰ্তমান সমাজত বিজ্ঞান মানসিকতাৰ পৰিৱেশ আগৰ তুলনাত বহুতো বাঢ়িছে৷ তাতোকৈ ডাঙৰ কথা হ’ল, সম্প্ৰতি বিজ্ঞান লিখনি পঢ়াৰ প্ৰতি পাঠকৰ ধাউতি বহুত বাঢ়িছে৷
এতিয়া ছাত্ৰ-ছাত্ৰীৰ পৰা বহুতো বয়সীয়া মানুহলৈ বিজ্ঞান বিষয়ক লিখনিৰ প্ৰতি আকৰ্ষণ বাঢ়ি আহিছে৷ আচলতে এতিয়া আমি বিজ্ঞানময় পৰিৱেশ এটাৰ মাজত বাস কৰিছোঁ৷
প্ৰশ্নঃ আপুনি এগৰাকী গণিতৰ শিক্ষক হিচাপে আগৰ পাঠ্যক্ৰমৰ লগত বৰ্তমানৰ প্ৰচলিত পাঠ্যক্ৰমৰ কিবা পৰিৱৰ্তন লক্ষ্য কৰিছেনে? এই পৰিৱৰ্তিত পাঠ্যক্ৰমে গণিত শিক্ষাত সহায়ক হয় বুলি আপুনি ভাৱেনে? আৰু, ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা গণিত-ভীতি আঁতৰ কৰিবলৈ শিক্ষকসকলক আপুনি কিবা পৰামৰ্শ দিব নেকি?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : সঁচা ক’ব লাগিলে, গণিতৰ পাঠ্যক্ৰম আমি পঢ়া সময়ৰ তুলনাত এতিয়াৰ পাঠ্যক্ৰম বহুতো সলনি হৈছে৷ ইয়াৰ কাৰণ হ’ল, সমগ্ৰ পৃথিৱীতে আধুনিক গণিতৰ আৰম্ভণ প্ৰায় ’৬০১ দশকৰ পৰা৷ এতিয়াৰ গণিত স্বতঃসিদ্ধ প্ৰণোদিত [Axiomatic] এই নতুন গণিতৰ ভাষা হ’ল- Set Theory অৰ্থাৎ সংহতি তত্ত্ব৷ এনে গণিতৰ সহায়তে আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰগতি প্ৰতিষ্ঠিত হৈছে৷
কিন্তু তথাপি দুখৰ বিষয় যে, আমাৰ ইয়াত [সমগ্ৰ ভাৰততে] গণিত-ভীতি প্ৰৱাহিত হৈ আছে পৰম্পৰাগতভাৱে৷ অথচ গণিত নহ’লে আধুনিক জীৱন তেনেই অচল হৈ পৰিব৷ আমাৰ মানুহে বিশেষকৈ অভিভাৱকসকলে এতিয়াও বুজি উঠা নাই যে ‘‘গণিত সৰ্বত্ৰ বিদ্যমান’’৷ ৰান্ধনি ঘৰৰ পৰা প্ৰয়োগশালালৈ, জীৱন চলোৱাৰ পৰা প্ৰশাসনলৈ সকলোতে গাণিতিক বিশ্লেষণৰ প্ৰয়োজন হয়৷
সেয়ে মই আমাৰ শিক্ষকসকলক পৰামৰ্শ দিব খুজোঁ যাতে গণিত শিকাওঁতে অকল বিষয়ভিত্তিক শিক্ষণতে আৱদ্ধ নাথাকি, গণিতৰ ব্যৱহাৰিক বা প্ৰায়োগিক দিশটোৰ প্ৰতি সচেতন হৈ ছাত্ৰ-ছাত্ৰীক সেইমতে পাঠ প্ৰদান কৰে যেন৷
যিকোনো এটা পাঠ পঢ়াবলৈ লওঁতে পাঠটোৰ উদ্দেশ্য আৰু তাৰ ব্যৱহাৰিক দিশটো ছাত্ৰ-ছাত্ৰীক বুজাই দিলে পাঠটো আকৰ্ষণীয় হ’ব আৰু তাৰ প্ৰতি থকা ভয় আঁতৰি যাব৷
প্ৰশ্নঃ আপুনি বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ব্যক্তি৷ অসমত বৰ্তমান সময়ত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে কৰা কামবোৰক যথেষ্ট বুলি ভাবেনে? যদি যথেষ্ট নহয়, কি কৰাৰ পৰামৰ্শ দিয়ে?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : বিজ্ঞান শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ ইয়াত লগাৰ জোখাৰে প্ৰচেষ্টা হাতত লোৱা হোৱা নাই৷ আমি জনা উচিত বিজ্ঞান শিক্ষা কেৱল তাত্ত্বিক দিশত শিকালেই নহ’ব৷ বিজ্ঞান শিক্ষা হাতে কামে কৰি শিকাৰ কথা, গতিকে সৰু শ্ৰেণীৰ পৰাই বিজ্ঞানৰ প্ৰয়োগশালাৰ ব্যৱস্থা থকা উচিত৷
এতিয়া, এনে কথাও শুনা যায় যে– বৰ্তমান ওপৰ শ্ৰেণীতে বিশেষকৈ একাদশ, দ্বাদশ শ্ৰেণীত বিজ্ঞান শিক্ষাত প্ৰয়োগশালা কমকৈ ব্যৱহাৰ কৰা হয়৷ যাৰ বাবে আমাৰ বিজ্ঞান শিক্ষাৰ মূল উদ্দেশ্য প্ৰতিফলিত হোৱা নাই আৰু মূৰকত আমি বিজ্ঞানী উলিওৱাত ব্যৰ্থ হৈছোঁ৷
প্ৰশ্নঃ ১৯৬৯ চনত মানুহে চন্দ্ৰত অৱতৰণ কৰা সময়তে আপুনি চন্দ্ৰ অভিযানৰ ওপৰত প্ৰথম কল্পবিজ্ঞানৰ পুথি লিখিছিল, তাৰ উদ্দেশ্য কি আছিল?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : আমেৰিকাই যেতিয়াই চন্দ্ৰলৈ অভিযান আৰম্ভ কৰিলে, তেতিয়া মই নিজে পুলকিত হলোঁ আৰু লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সেই বিষয়ে জনাবৰ বাবে এক বিশেষ ইচ্চা প্ৰকাশ কৰিলোঁ৷ সেয়ে মই পৰিকল্পনা কৰিলো যে, নীল আৰ্মষ্ট্ৰঙহঁত গৈ থাকোতে সেই বিষয়ক তথ্য মই প্ৰকাশ কৰিম আৰু তেওঁলোক ঘূৰি আহি পাওঁতে সেই লিখা সম্পূৰ্ণ কৰিম৷ সেইমতে কাম কৰিলোঁ, মই সফলো হ’লো আৰু প্ৰায় তিনিমাহৰ মূৰত ‘চন্দ্ৰলোকত প্ৰথম মানুহ’ তৈয়াৰ হ’ল৷
প্ৰশ্নঃ অসমৰ বৰ্তমান বিজ্ঞান শিক্ষাই সমাজত বৈজ্ঞানিক মানসিকতাৰ বিকাশত সহায় কৰিছে বুলি ভাবেনে?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : একে এষাৰত ক’বলৈ হ’লে, আমাৰ বৰ্তমান বিজ্ঞান শিক্ষাই সমাজত বিজ্ঞান মানসিকতাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা নাই৷ ইয়াৰ কাৰণ মই এইমাত্ৰ উল্লেখ কৰা দোষ-দুষ্ট বিজ্ঞান শিক্ষা প্ৰণালী৷ বিজ্ঞান মানসিকতা তৈয়াৰ কৰিবলৈ হ’লে, বিজ্ঞানৰ আঁৰৰ কথাবোৰ উপলদ্ধ হ’ব লাগিব আৰু ই সমাজত কিদৰে অন্তৰ্নিহিত শক্তি হিচাপে কাম কৰিছে বুজিব লাগিব৷
প্ৰশ্নঃ গঁড় হত্যা, ডাইনী হত্যাকে ধৰি অন্ধবিশ্বাস বৰ্তমানে দ্ৰুতগতিত বাঢ়ি গৈছে৷ এইবিলাক নিৰ্মূলকৰণত বিজ্ঞান কৰ্মীসকলৰ কেনে ভূমিকা হোৱা উচিত বুলি ভাৱে?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : যিকোনো সমাজতে অন্ধবিশ্বাস প্ৰচলিত হৈ থাকে বিজ্ঞান মানসিকতাৰ অভাৱত৷ মানৱ সমাজ আৰম্ভ হোৱা দিনৰে পৰা সমাজত বিশ্বাস আৰু অন্ধবিশ্বাস সমভাৱে প্ৰচলিত হৈ আহিছে৷ যি বিশ্বাসৰ হেতু নাই তাকেই অন্ধবিশ্বাস বুলি ক’ব পাৰি৷ আচলতে আমাৰ সমাজৰ অধিকাংশলোকে কাৰ্য-কাৰণৰ মাজত থকা সম্বন্ধ বিচাৰি নাচায় আৰু সেইকাৰণেই পৰম্পৰাগত বিশ্বাসৰ আশ্ৰয় লৈ অন্ধবিশ্বাসৰ বলি হয়৷ গতিকে এনে অন্ধবিশ্বাস আঁতৰ কৰিবলৈ হ’লে আমাৰ, বিজ্ঞান-কৰ্মীসকলে যিকোনো কাৰ্যৰেই আঁৰত থকা কাৰণবোৰ উদঙাই জনসমাজত প্ৰদৰ্শন কৰিব লাগিব৷ লগতে তেনেকুৱা বিশ্বাস কেনেকৈ অন্ধবিশ্বাসলৈ পৰিণত হয় তাৰ হেতু ব্যাখ্যা কৰি সমাজক বুজাই দিব লাগিব৷
অন্ধবিশ্বাস শতকৰা ১০০ ভাগ নিৰ্মূল কৰাটো অসম্ভৱ৷ কাৰণ আমাৰ সমাজত এতিয়াও শিক্ষাই এশভাগভাৱে প্ৰসাৰিত হোৱা নাই৷ শিক্ষাৰ অভাৱতে অন্ধবিশ্বাস যুগে যুগে প্ৰচলিত হৈ আহিছে যদিও এচাম শিক্ষিত মানুহেও পৰম্পৰাৰ দোহাই দি বিশেষ কোনো চিন্তা নকৰাকৈ অন্ধবিশ্বাস মানি আহিছে৷
প্ৰশ্নঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণে আমাৰ বিজ্ঞান কৰ্মীসকলে তথা অসমত থকা বিজ্ঞান সমিতিবোৰে আনুষ্ঠানিকভাৱে কিছুমান কাম ল’ব লাগিব৷ বিশেষকৈ কি পৰিস্থিতিত অন্ধবিশ্বাস আৰম্ভ হয় আৰু কিদৰে সমাজখন তাৰ বলি হয় এনে কথাবোৰ আমাৰ বিজ্ঞানকৰ্মীসকেল ৰাইজক বুজাই দিয়ক, এয়ে মোৰ বিশেষ অনুৰোধ৷ বিজ্ঞান জনপ্ৰিয়কৰণ ব্যক্তিগতভাৱে কোনো এজনে সম্পূৰ্ণ কৰিব নোৱাৰে৷ ইয়াত লাগিব বিজ্ঞান কৰ্মীৰ সংঘৱদ্ধ প্ৰচেষ্টা৷ তদুপৰি আমাৰ বিজ্ঞান কৰ্মীসকলে ব্যৱহাৰিক জীৱনত কিদৰে বিজ্ঞান বা বিজ্ঞানৰ তাৎপৰ্য্য! প্ৰভাৱিত হৈ আছে তাক সৰ্বসাধাৰণক উদঙাই বুজাই দিয়ক৷
প্ৰশ্নঃ চাৰিকুৰি বছৰৰ দেওনাত ভৰি দিয়াৰ পাছতো আপুনি এগৰাকী উদ্যমী যুৱকৰ দৰে কৰ্ম কৰি আছে? ইয়াৰ ৰহস্য জনাব নেকি?
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : যিকোনো কাম এটা ব্যক্তি এজনৰ বাবে যেতিয়া অভ্যাসত পৰিণত হয় তেতিয়া তাক এৰাটো টান৷ বয়সেও অভ্যাস সলনি কৰিব নোৱাৰে৷ আমাৰ এটা সুন্দৰ ফঁকৰা আছে-
‘‘চোৰে নেৰে চোৰ প্ৰবৃত্তি, কুকুৰে নেৰে ছাঁই৷
যাৰ যি স্বভাৱ, মৰিলেহে লগত যায়৷৷’’
গতিকে মোৰ বয়স হৈছে সেই কথাটো মই অনুভৱ নকৰো৷ মই সদায় ভাবো ক’ত কেতিয়া লিখা এটা দিব লাগে৷
প্ৰশ্নঃ শেষত, আমি জানিব পাৰিছোঁ যে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে একমাত্ৰ শিশুৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিবলৈ বিশিষ্ট বিজ্ঞান লিখক ক্ষীৰধৰ বৰুৱাই ২০০১ চনত স্থাপন কৰা-‘’আকাশঃ শিশু বিজ্ঞান অনুষ্ঠানৰ’ ৰ আপুনি এজন অন্যতম উপদেষ্টা৷ এই অনুষ্ঠানৰ লগত সুদীৰ্ঘকাল জড়িত থাকি আপোনাৰ অনুভৱ কেনে জানিব বিচাৰোঁ৷
ড॰ বিজয় কৃষ্ণ দেৱশৰ্মা : ‘আকাশ’ৰ লগত মোৰ সাহচৰ্য সাৱলীল বুলি ক’ব পাৰি৷ ক্ষীৰধৰ বৰুৱাই এই অনুষ্ঠান পাতোতে মোৰ সৈতে আলোচনা কৰিছিল আৰু মই পাৰ্যমানে সহায় কৰিম বুলি প্ৰতিশ্ৰুতিও দিছিলো৷ আচলতে এনেধৰণৰ শিশুৰ উপযোগী বিজ্ঞানৰ অনুষ্ঠানৰ আমাৰ মাজত অতিকৈ প্ৰয়োজন আছে৷ শিশুসকলক আমি বিজ্ঞানমনা কৰি তুলিব পাৰিলেহে আমাৰ সমাজত আমি নতুন বিজ্ঞানীৰ সন্ধান লাভ কৰিব পাৰিম৷ আমাৰ ভাৰতবৰ্ষৰদৰে এখন বিশাল দেশত চি. ভি. ৰামণৰ পাছত নোবেল বঁটা লাভ কৰা এগৰাকী বিজ্ঞানী নোলোৱাটো অতি পৰিতাপৰ কথা৷ গতিকে মোৰ কামনা, আকাশৰ দৰে শিশু বিজ্ঞান অনুষ্ঠান আৰু গঢ় লওঁক আৰু আমাৰ শিশুসকলক বিজ্ঞান মানসিকতাৰে পুষ্ট কৰিবলৈ প্ৰেৰণা যোগাওক৷
[জনমভূমি, ডিচেম্বৰ, ২০১৬]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!