Ripunjay Bordoloi

জীৱ-জন্তুৱে ভূমিকম্পৰ আগজাননী পায়নে?

– published on Ityadi Janasadharan, 13 September, 2009

‘‘সৰ্বনাশী প্ৰাকৃতিক দুৰ্যোগ ছুনামীৰ ধ্বংসলীলা আৰম্ভ হোৱাৰ কেইমিনিটমানৰ আগতে ভাৰতীয় উপকূল অঞ্চলত থকা জীৱ-জন্তুবোৰ জাকে জাকে ওচৰৰ পাহাৰত উঠিছিলগৈ’’; এই বক্তব্য তামিলনাডু চৰকাৰৰ মুখ্য বন সংৰক্ষক জে. চি. কালাৰৰ৷ নাগাপট্টিনাম জিলাৰ পইণ্ট কেলিমাৰ অভয়ৰাণ্যৰ দুহাজাৰৰো অধিক জীৱ-জন্তুৰ ভিতৰত মাত্ৰ এটা বন গাহৰিহে মৃত্যুমুখত পৰে৷
ছুনামীত লাখ লাখ মানুহৰ প্ৰাণহানি হ’ল, তাৰ তুলনাত জীৱ-জন্তুৰ মৃত্যুৰ হাৰ একেবাৰে নগণ্য৷ জীৱ-জন্তুয়ে ‘ষষ্ঠ ইন্দ্ৰিয়’ৰ পৰা আগন্তক প্ৰাকৃতিক বিপদৰ আগজাননী পায় নেকি?
বিজ্ঞানীসকলে বিভিন্ন পদ্ধতিৰে ভূমিকম্পৰ আগজাননী পাব পৰা তত্ত্ব উদ্ভাৱন কৰিবলৈ চেষ্টা চলাই আছে যদিও সম্পূৰ্ণ সফল হ’ব পৰা নাই৷ ছুনামীয়ে সৃষ্টি কৰা বানে শ্ৰীলংকাৰ দক্ষিণ-পূবত অৱস্থিত বৃহৎ য়ালা অভয়াৰণ্যৰ প্ৰায় তিনি কিলোমিটাৰ অংশ বুৰাই পেলাইছিল৷ কিন্তু অভয়াৰণ্যখনত থকা হাতী, বাঘ, পহু আৰু আন আন জীৱ-জন্তুসমূহ এই ভয়ংকৰ বান অহাৰ কিছু সময়ৰ আগতে তাৰ পৰা পলাই-পত্ৰং দিছিল, ফলত কোনোধৰণৰ জীৱ-জন্তুৰ প্ৰাণহানি নহ’ল৷ এই তথ্য সদৰি কৰিছিল শ্ৰীলংকাৰ বন বিভাগৰ মুখ্য সচিব এইচ্‌ ডি ৰতনায়কে৷
ছুনামী সৃষ্টি হোৱা কেন্দ্ৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত অৱস্থিত মালায়েছিয়াৰ এখন চিৰিয়াখানাত ছুনামী হোৱাৰ কিছু সময়ৰ আগতে হঠাতে জলহস্তীবোৰে দৌৰা-দৌৰি লগাবলৈ ধৰে আৰু নিজৰ বাসস্থানত সোমাই পৰে৷ চিৰিয়াখানা কৰ্মীৰ বহু চেষ্টাৰ পিছতো সিহঁত ওলাই নহাত পৰ্যটকসকলে জলহস্তীবোৰে খ্ৰীষ্টমাছ ডে’ৰ ভাগৰ মাৰিবলৈ ছুটি লৈছে বুলি ৰগৰ কৰিছিল৷
চীনা-জাপানী বিজ্ঞানীসকলে ১০০ বছৰৰো অধিক কাল পৰীক্ষা-নিৰীক্ষাৰ পিছতো ভূমিকম্পৰ আগজাননী সম্পূৰ্ণ শুদ্ধকৈ দিবলৈ সক্ষম হোৱা নাই৷
গ্ৰীক সাহিত্যত পোৱা মতে, যীশুখ্ৰীষ্টই জন্মৰ ৩৭৩ বছৰ আগতে গ্ৰীচৰ হেলিচ নামৰ ঠাইত ভূমিকম্প হৈছিল, তথ্য অনুসৰি ভূমিকম্প হোৱাৰ আগতে গোটেই চহৰখন গাঁতৰ পৰা ওলাই অহা সাপ, কেঁচু আদিৰে ভৰি পৰিছিল৷ বাৰ্লিন ইউনিভাৰ্ছিটীৰ ‘ফিজিকেল কেমিষ্ট্ৰী’ৰ অধ্যাপক হেলমেট ট্ৰিবাটচৰ [Helmet Tributsch] মতে মাটিৰ তলত বাস কৰা জীৱবোৰে চৰ্ম ইন্দ্ৰিয়ৰ জৰিয়তে ভূমিকম্পৰ আগজাননী লাভ কৰে৷
বিশ্বৰ ভূমিকম্পপ্ৰৱণ অঞ্চল হিচাপে চিহ্নিত চীন আৰু জাপানৰ দৰে দেশত ভূমিকম্পৰ আগজাননী জানিবৰ বাবে বিভিন্নধৰণৰ জিঅ’ফিজিকেল, জিঅ’ল’জিকেল আৰু ৰাসায়নিক পদ্ধতি উদ্ভাৱন কৰাৰ চেষ্টা কৰি আহিছে যদিও জীৱ-জন্তুৰ আচাৰ-ব্যৱহাৰে দিয়া তথ্যৰ দৰে সঠিক তথ্য উলিয়াব পৰা নাই৷
১৯২০ চনত নিনচিয়া প্ৰদেশৰ হাইৱেন [Haiyan] চহৰত বৃহত্তম ৮.৫ প্ৰাৱল্যৰ ভূমিকম্প হৈছিল৷ চহৰখনৰ বাসিন্দাসকলৰ মতে ভূমিকম্পৰ কিছু সময়ৰ আগতে শিয়ালবোৰে দল বান্ধি দিন দুপৰতে হোৱা দিছিল, কুকুৰবোৰে কোনো কাৰণ নথকাকৈ মুখখন ওপৰৰ পিনে কৰি আচৰিত ধৰণে ৰৌ-ৰৌৱাইছিল আৰু ঘৰচিৰিকা, চাতক চৰাইবোৰে উচ্চৃংখলভাৱে ইফালে-সিফালে আকাশত উৰিফুৰিছিল৷
উত্তৰ চীনৰ হোপেই প্ৰদেশৰ [Hopei], ছিংটাই [Hsingtai] চহৰত ১৯৬৬ চনত ৬.৮ প্ৰাৱল্যৰ ভূমিকম্প হওঁতে ভূমিকম্প সৃষ্ট কেন্দ্ৰৰ ওচৰে-পাজৰে থকা ঠাইৰ পৰা কুকুৰবোৰ ওলাই আন ঠাইলৈ গুচি গৈছিল, ফলত ভূমিকম্পত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা অঞ্চলটোত এটাও কুকুৰৰ মৃতদেহ পোৱা নাছিল৷
সেইদৰে ১৯৮০ চনৰ ১৮ জুলাইত পোহাই [Pohai] সাগৰত হোৱা ভূমিকম্পৰ আগতে সাগৰত থকা ছিগাল, হাংগৰ, ছিল আৰু অন্যান্য মাছবোৰে অদ্ভুত আচৰণ কৰি যেনি-তেনি জঁপিয়াবলৈ ধৰিছিল৷ পোহাই অঞ্চলৰ স্থানীয় বাসিন্দাসকলে জীৱ-জন্তুৰ আচাৰ-ব্যৱহাৰৰ পৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ উমান লৈ মৃত্যুমুখৰ পৰা হাত সাৰি আহিছে৷
চীনাসকলে ভূমিকম্পৰ সময়ত জীৱ-জন্তুসমূহৰ অস্বাভাৱিক আচৰণৰ ওপৰত এক প্ৰণালীৱদ্ধ পৰীক্ষা আৰম্ভ কৰিছে৷ হাইচেং [Haicheng] প্ৰদেশত সাপ-এন্দুৰ গাঁতৰ পৰা ওলাই অহাৰ লগতে পশু-পক্ষীৰ অস্বাভাৱিক আচৰণসমূহ লক্ষ্য কৰি ১৯৭৪ চনৰ ডিচেম্বৰৰ মাজভাগত আগন্তুক কেইদিনমানৰ ভিতৰত ভূমিকম্প হ’ব বুলি যি ভৱিষ্যতবাণী কৰা হৈছিল, ইয়াক সত্য বুলি প্ৰমাণিত কৰিলে ১৯৭৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে অহা ভূমিকম্পই৷
১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনকেইটাত কুকুৰ, গাহৰি, গৰু, ঘোঁৰা আদিৰ অস্বাভাৱিক আচৰণ লক্ষ্য কৰি চীনা চৰকাৰে হাইচেং চহৰখন ৩ ফেব্ৰুৱাৰীত খালী কৰি দিছিল৷ পিছদিনা, অৰ্থাৎ ১৯৭৫ চনৰ ৪ ফেব্ৰুৱাৰীত ৭.৩ প্ৰাৱল্যৰ বৃহৎ ভূমিকম্পই হাইচেং প্ৰদেশ ধ্বংসস্তূপত পৰিণত কৰি পেলাইছিল৷ চীনা চৰকাৰৰ তৎপৰতাৰ বাবে চহৰবাসী ৰক্ষা পৰিছিল৷ এনেদৰে চীনাসকলে ১৯৭৫-৭৬ চনত অহা প্ৰায় সকলোবোৰ সৰু-ডাঙৰ ভুমিকম্পৰ আগতীয়া উমান জীৱ-জন্তুৰ আচৰণৰ পৰা আহৰণ কৰি বহু জীৱন ৰক্ষা কৰিছিল৷
কিন্তু কিছুসংখ্যক বিশেষজ্ঞৰ মতে এইবোৰ ভ্ৰান্ত ধাৰণাৰ বাদে অন্য একো নহয়৷ তেওঁলোকৰ মতে উল্লেখিত তথ্য সম্পূৰ্ণ শুদ্ধ বুলি প্ৰমাণ কৰিব নোৱাৰি৷ বহু ভূমিকম্পৰ আগত জীৱ-জন্তুৰ আচৰণৰ কোনো পৰিৱৰ্তন দেখা নাযায়৷ ছুনামীৰ ধ্বংসলীলাৰ আগ-মুহূত্তৰ্ত ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলত প্ৰাণীসমূহৰ কোনোধৰণৰ অস্বাভাৱিক আচৰণ দেখা পোৱা নগৈছিল৷ থাইলেণ্ডৰ ফুকে নামৰ দ্বীপটোত থকা ৰাস্তাৰ কুকুৰবোৰ ছুনামীৰ কেন্দ্ৰস্থলৰ ওচৰত থকা সত্ত্বেও কোনোধৰণৰ অস্বাভাৱিক আচৰণ দেখুওৱা নাছিল৷
সেয়ে ক’ব পাৰি যে, জীৱ-জন্তুৱে সকলো সময়তে ভূমিকম্পৰ শুদ্ধ তথ্য নিদিবও পাৰে৷ চীন আৰু জাপানত এনেধৰণৰ বহুবাৰ ভুল সংকেতো পোৱা গৈছে৷ কিন্তু বহুবাৰ শুদ্ধ সংকেতো পোৱা গৈছে৷
প্ৰাণীসমূহে কিহৰ জৰিয়তে ভূমিকম্পৰ আগজাননী লাভ কৰে?
এজন চীনা বিশেষজ্ঞ ৱাং জিয়াকিঙৰ [Wang Xiaoqing] মতে, ভূমিকম্পই পৃথিৱীৰ আভ্যন্তৰীণ পানীৰ গতি, চুম্বকীয় ক্ষেত্ৰ, উষ্ণতা আৰু শব্দ তৰংগৰক প্ৰভাৱিত কৰে৷ যিহেতু মানুহতকৈ আন প্ৰাণীসমূহৰ ইন্দ্ৰিয়শক্তি বেছি সক্ৰিয়, সেইবাবে এই পৰিৱৰ্তন কুকুৰ, গৰু, ঘোঁৰা আদি প্ৰাণীসমূহে অনুভৱ কৰিব পাৰে৷
কুকুৰৰ দৰে অতিশব্দ শুনিব পৰা প্ৰাণীসমূহে ভূমিকম্পৰ আগতে হোৱা শিলাখণ্ডৰ ভাঙোন গম পায়৷ সেইদৰে বিদ্যুত-চুম্বকীয় পৰিৱৰ্তনবোৰে জীৱ-জন্তুৰ ষষ্ঠ ইন্দ্ৰিয়ক সক্ৰিয় কৰি তোলে৷
উদাহৰণস্বৰূপে কেটফিছ বা গোঁফীয় মাছবোৰৰ ছালত অতি সক্ৰিয় জ্ঞানেন্দ্ৰিয় থাকে; যাক ই চিকাৰ কৰিবৰ বাবে ব্যৱহাৰ কৰে, সেই সক্ৰিয় জ্ঞানেন্দ্ৰিয়ৰ বাবে ইহঁতে ভূমিকম্পৰ আগতে পানীত সৃষ্টি হোৱা সামান্য বিদ্যুৎ-ৰাসায়নিক পৰিৱৰ্তন গম পাই যায়৷
কপৌ চৰাই আৰু পাৰ চৰাইৰো এবিধ অতিৰিক্ত জ্ঞানেন্দ্ৰিয় আছে ঠেঙৰ টিবিয়া আৰু ফিবোলাৰ মাজত৷
বিভিন্ন ধৰণৰ সঁজুলি আৰু বৈদ্যুতিক সংকেতক কিছুমান প্ৰাণীৰ দেহত স্থাপন কৰি ভূমিকম্পৰ পূৰ্বাভাস পাবৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে৷ ছানফ্ৰন্সিছকোৰ ভূমিকম্প বিশেষজ্ঞ মাৰ্চা আডমছে নিজাববীয়াকৈ পৰীক্ষা-নিৰীক্ষা চলাই এবিধ কৃত্ৰিম জ্ঞানেন্দ্ৰিয় প্ৰস্তুত কৰি তুলিছে, যিয়ে অতি কম তৰংগৰ বিদ্যুৎ চুম্বকীয় সংকেত ধৰা পেলাব পাৰে আৰু ইয়াক ভিত্তি কৰি প্ৰায় ৯০ শতাংশ শুদ্ধ ভূমিকম্পৰ ভৱিষ্যতবাণী কৰিব পৰা যাব৷ এই সূক্ষ্ম বিদ্যুৎ চুম্বকীয় তৰংগবোৰ সৃষ্টি হয় ভূমিখণ্ডৰ আগতে হোৱা শিলাখণ্ডৰ ভাঙনৰ ফলত৷
চীনে ১৯৯৮ চনত চিংটাইঈ প্ৰদেশত [Hsingtai] ভূমিকম্পৰ আগতে হোৱা জীৱ-জগতৰ পৰিস্থিতিৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাবৰ বাবে এক পৰীক্ষাগাৰ স্থাপন কৰে৷ ১৯৬৮ চনৰ পিছৰফালে আকচু চিনচিয়াং প্ৰদেশতো তেনেধৰণৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰা হয়৷ এই পৰীক্ষাগাৰসমূহে জীৱ-জগতৰ পৰিৱৰ্তনসমূহৰ বিষয়ে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷
সি যি কি নহওক, ভূমিকম্পৰ ১০০ শতাংশ নিৰ্ভুল ভৱিষ্যতবাণী কৰিবৰ বাবে আমি আৰু কেইটামান বছৰ অপেক্ষা কৰিব লাগিব৷
[ইত্যাদি জনসাধাৰণ, ১৩ ছেপ্টেম্বৰ, ২০০৯]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!