বিষাক্ত সুবাস
– published on Natun Rangmela, August 2018
আজি মই যি বিষয়ৰ ওপৰত লিখিব গৈছোঁ সেই বিষয়ে মই মোৰ ব্যক্তিগত জীৱনটো অলপ সাৱধান হোৱা উচিত বুলি অনুভৱ কৰাৰ লগতে পাঠকসকলকো এই বিষয়ে সজাগ হ’বলৈ অনুৰোধ জনালোঁ৷
সুবাস কেনেকৈ বিষাক্ত হৈ পৰিব পাৰে? তাতে পবিত্ৰ কামত নিজৰ মন-মস্তিষ্কক প্ৰফুল্লিত কৰিবলৈ ব্যৱহাৰ কৰা এইবিধ বিষাক্ত সুবাসৰ উৎস যদি ধূপ হয়, তেতিয়া? হয়, মই ধূপৰ সুবাসৰ বিষাক্ততাৰ বিষয়ে আজি এই লেখাত অৱগত কৰিব বিচাৰিছোঁ৷
আমি জানো যে হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলে মন্দিৰ, মঠ আৰু গীৰ্জৰ লগতে নিজৰ প্ৰাৰ্থনা গৃহত আৰাধ্যজনৰ ওচৰত নিজকে সমৰ্পন কৰি সেৱা জনাওতে ধূপ লগোৱাতো পৱিত্ৰ কৰ্ম বুলি ভাৱে৷
সকলোৰে বিশ্বাস ধূপৰ গোন্ধই বায়ু পৰিষ্কাৰ কৰে, মনলৈ অনাবিল আনন্দ কঢ়িয়াই আনি দেহ-মনক প্ৰশান্তি প্ৰদান কৰে৷ কিন্তু বিজ্ঞানীসকলৰ গৱেষণাই প্ৰমাণ কৰিছে যে, ধূপৰ গোন্ধ সকলোৰে কাৰণে মাৰাত্মক৷ গৱেষকসকলৰ মতে, এডাল ধূপকাঠিৰ গোন্ধ এডাল চিগাৰেটৰ ধোৱাতকৈ বেছি ক্ষতিকাৰক৷
অৰ্থাৎ আমি বহুতে চিগাৰেট নোখোৱকৈ পৱিত্ৰ স্থানত থাকি ইশ্বৰক চিন্তি চিগাৰেটতকৈ বিষাক্ত ধোঁৱা সেৱন কৰি আছোঁ!
দক্ষিণ চিন বিশ্ববিদ্যালয়ৰ এডল বিশেষজ্ঞৰ মতে ধূপৰ গোন্ধৰ ফলত আমি নজনাকৈয়ে কৰ্কট বা কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ বলি হ’ব লগা হৈছে৷ The Quint নামৰ ভাৰতীয় ৱেব-নিউজ চেনেলত প্ৰকাশ পোৱা এখন গৱেষণাপত্ৰৰ মতে ধূপৰ গোন্ধৰ পৰা তিনিধৰণৰ মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি হ’ব পাৰে৷ এই ৰোগসমূহ হ’ল মিউটেজেনিক [Mutagenic], জিন’টক্সিক [Genotoxic] আৰু চাইট’টক্সিক [Cytotoxic]৷
মিউটেজেনিক নামৰ বিসংগতিত কোষৰ বিভিন্ন স্তৰত ডি এন এ সালসলনি ঘটায়, জিন’টক্সিক নামৰ বিসংগতিত জিনৰ সালসলনি ঘটাৰ ফলত কৰ্কট ৰোগত ভুগিবলগীয়া হ’য় আৰু চাইট’টক্সিক নামৰ বিসংগতিত দেহৰ কোষবোৰৰ মৃত্যু ঘটে৷ অৰ্থাৎ দেখা গ’ল যে, চিগাৰটেৰ ধোঁৱাতকৈ ধূপৰ ধোঁৱাহে মানুহৰ বাবে বেছি ক্ষতিকাৰক৷
আমেৰিকান কৰ্কট ৰোগ গৱেষণা অনুষ্ঠানৰ মতে দীৰ্ঘ সময়ৰ পৰা ধূপ ব্যৱহাৰ কৰি থকা ব্যক্তিসকলে শ্বাসজনিত কৰ্কট ৰোগত ভোগাৰ সম্ভাৱনা ৯০ শতাংশ বৃদ্ধি পায়৷ মন্দিৰৰ ভিতৰত থকা সৰু কোঠাটোত ধূপৰ গোন্ধত উশাহ ল’ব নোৱাৰা অৱস্থাত, মন্ত্ৰপাঠ কৰি থকা পূজাৰীসকলে প্ৰতিদিনে ৩০ ৰ পৰা ৪০ পেকেট চিগাৰটে সেৱন কৰাতকৈ বেছি মাৰাত্মক গেছ সেৱন কৰি আছে বুলি গৱেষকসকলে প্ৰমাণিত কৰিছে৷
তাৰোপৰি ধূপৰ ধোঁৱাত অতি বিষাক্ত ৬৫ বিধ কণিকাৰ উপাদান আৰু বহুতো উদ্বায়ী পদাৰ্থ আছে যিবিলাকে মানুহৰ হৃদযন্ত্ৰ আৰু শ্বাসনলীত বিৰূপ প্ৰভাৱ পেলায়৷ ধূপত থকা এই ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকাবোৰৰ উপৰিও ইয়াত সুগন্ধিৰ বাবে ব্যৱহাৰ কৰা কৃত্ৰিম ৰসায়নবোৰ ধোঁৱাৰ জৰিয়তে নিয়মিতিভাৱে দেহৰ ভিতৰলৈ গৈ থকাৰ ফলত শ্বাসনলী জড়িত আৰু চৰ্মৰোগৰ সৃষ্টি কৰে৷
হাৰিয়ানাস্থিত আৰটিমিছ চিকিৎসালয়ৰ শ্বাসনলী চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ হিমাংশু গাৰ্গৰ মতে ধূপৰ বিষাক্ত ধোঁৱাত কাৰ্বন-মন’অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ’জেন-ডাই-অক্সাইডৰ দৰে অনেক বিষাক্ত গেছ থকাৰ ফলত হাওঁফাওঁত কৰা পাশ্বৰ্ক্ৰিয়াৰ বাবে ক্ৰনিক অবষ্ট্ৰাকটিভ পালম’নাৰী ডিজিজ [Chronic Obstructive Pulmonary Disease, চমুকৈ যাক COPD বুলি কোৱা হয়], হাপানী আৰু শুকান কাহ আদিৰ দৰে বেদনাদায়ক ৰোগত ভুগিবলগীয়া হয়৷
COPD ৰোগত ভোগা মানুহৰ শুকান কাহ, অতিৰিক্ত কফহৈ কাহ হোৱা, উশাহ চুটি হৈ ফোপনি উঠা, বুকুৰ বিষ আৰু ধপ্ধপনি, সৰ্বশৰীৰত বিষ, ভাগৰ-ভাগৰ লগা, মাংসপেশী দুৰ্বল হোৱা, ওজন হ্ৰাস পোৱা আদি লক্ষণ দেখা যায়৷ গাৰ্গে নিজৰ গৱেষণাত উল্লেখ কৰিছে যে, মন্দিৰসমূহত থকা পূজাৰীয়ে COPDৰ দৰে মাৰাত্মক ৰোগত ভোগাৰ মূল কাৰণটো হ’ল দিনৰ দিনটো ধূপৰ গোন্ধত বহি মন্ত্ৰোচ্ছাৰণ কৰা অথবা ভক্তক আশীৰ্বাদ দিয়া কাৰ্যত ব্ৰতী থকা৷
তেখেতৰ মতে বৰ্তমানে মন্দিৰৰ পূজাৰীসকলৰ মাজত COPD ৰোগত ভোগা ব্যক্তিৰ সংখ্যা দিনকদিনে বাঢ়িব ধৰিছে৷ কাৰণ আগৰদিনৰ ধূপৰ তুলনাত বৰ্তমানৰ ধূপৰ সুগন্ধতাৰ কাৰণে বহুতো ৰাসায়নিক দ্ৰব্য কোম্পানীসমূহে ব্যৱহাৰ কৰিব ধৰিছে৷
তাৰোপৰি জনসংখ্যা বৃদ্ধি হোৱা বাবে ভক্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত ধূপৰ ব্যৱহাৰ মন্দিৰত বাঢ়িব ধৰিছে৷ আনকি বৰ্তমানে কোনো মন্দিৰত এনেকুৱা অৱস্থা হয়গৈ যে, মন্দিৰৰ ভিতৰচৰাত ধূপৰ ধোঁৱাই সকলো চানি ধৰাৰ লগতে চকুৰ পোৰণি, উশাহ চুটি হোৱা লেখীয়া অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়৷
ব্যক্তিগতভাৱে ময়ো তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ ভিতৰত এনে পৰিৱেশ¸ৰ সন্মুখীন হৈ যেনেতেনেহে বাহিৰলৈ ওলাই আহি চকু-মুখ ধুই দীঘলকৈ উশাহ ল’বলগীয়া হৈছিল৷ এনে লাগিছিল যেন এইমাত্ৰ কোনোবা নৰকৰ পৰাহে উভতি আহিলোঁ!
বিষাক্ত সুবাসৰ উৎস হিচাপে চিনাক্ত হোৱা ধূপৰ গোন্ধৰ তীব্ৰতাই মানুহৰ মস্তিষ্কত বৰ বেয়াকৈ প্ৰভাৱ পেলায় বুলি এদল বিশেষজ্ঞই গৱেষণাত প্ৰমাণিত কৰিছে৷ তেখেতসকলৰ মতে সৰুকালৰ পৰা ধূপৰ গোন্ধত ডাঙৰ-দীঘল হোৱা শিশুৰ ৯০ শতাংশই মূৰ-ঘূৰণি, অত্যন্ত মূৰৰ বিষ বা মাইগ্ৰেইন আৰু দুৰ্বল স্মৃতিশক্তিৰ গৰাকী হৈ পৰে৷
ধূপ জ্বলালে অতি মাৰাত্মক গেছ নিৰ্গত হয়৷ সেইবাবে পৰাপক্ষত ধূপৰ ব্যৱহাৰ যিমান পাৰি সিমান কম কৰা উচিত৷ হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ ধৰ্মীয় অনুভূতিৰ লগত জড়িত হৈ থকা ধূপৰ ব্যৱহাৰ হয়টো আমি একেবাৰে বন্ধ কৰিব নোৱাৰিব পাৰোঁ, তথাপি এই বিষাক্ত সুবাসৰ পৰা আমি কেনেদৰে বেমাৰ নোহোৱাকৈ থাকিব পাৰিম, তাৰ ওপৰত বিখ্যাত ভাৰতীয় চিকিৎসা বিজ্ঞানী ডাঃ গীতা প্ৰকাশে মত-পোষণ কৰিছে এনেদৰে–
১৷ একেবাৰে নোৱাৰা কাৰণত ধৰ্মীয় অনুভূতিত আঘাট নকৰাকৈ ঘৰখন বা মন্দিৰত দিনে দুবাৰ ধূপ লগালে ঘৰখনৰ বাসিন্দা নতুবা¸ মন্দিৰৰ পূজাৰীৰ কোনো ধৰণৰ ক্ষতি নহয়৷ ২৷ ধূপ লগাওতে সদায় মনত ৰাখিব লাগে যাতে ধূপৰ ধোঁৱা, কোঠা বা মন্দিৰত আৱদ্ধ হৈ নাথাকে৷ অৰ্থাৎ বতাহ অহা-যোৱা হ’ব পৰা ঠাইতহে ধূপ লগাব লাগে৷
৩৷ অপ্ৰয়োজনীয়ভাৱে ধূপৰ ব্যৱহাৰ কৰিব নালাগে৷ যেনে- কোনো ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱাত ধূপ লগোৱাৰ সলনি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আদি কৰিলেই হ’ল৷ মন্দিৰত এমুঠি ধূপ জ্বলোৱাৰ সলনি প্ৰত্যেক পৰিয়ালে এডালকৈ জ্বলালেই হ’ল৷
৪. মন্দিৰৰ ভিতৰত ধূপ লগোৱাটো বন্ধ কৰি বাহিৰত ভক্তগণক জ্বলাবলৈ দিলে অন্ততঃ মুকলি বতাহত ধূপৰ গোন্ধৰ বিষাক্ততা কিছু পৰিমাণে কমি যাব৷
ধূপৰ ব্যৱহাৰ কমি অহাৰ লগে লগে জংঘলত থকা গছবোৰো সুৰক্ষিত হৈ পৰিব৷ কাৰণ ধূপৰ কাঠিৰ বাবে বহু গছ কাটি পৰিৱেশ ধ্বংস কৰিব লগা হৈছে৷
শেষত, আমি অতদিনে পৱিত্ৰ কামত ব্যৱহাৰ কৰি থকা ধূপৰ বিষবাষ্পৰ কথা আজি জানিলোঁ যেতিয়া ইয়াৰ ব্যৱহাৰ সমূলি বাদ দিব নোৱাৰিলেও, কিছু কম কৰাৰ প্ৰয়াস কৰা উচিত৷ অন্যথা ধূপৰ সুবাসিত এই বিষবাষ্পই মানুহৰ দেহত জটিল ৰোগৰ সৃষ্টি কৰি এখন ৰুগীয়া সমাজ গঢ়াতহে সহায় কৰিব৷
[নতুন ৰংমেলা, আগষ্ট, ২০১৮]