Ripunjay Bordoloi

ইমু চৰাই দেখিলোঁ...

– published on Satsari, April, 2016

বিশ্বৰ দ্বিতীয় বৃহত্তম চৰাই ইমু [Emu Bird, Dromalius novaehollandiae] অষ্ট্ৰেলিয়াৰ সলনি অসমৰ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ হাজাৰিমলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিনয় শইকীয়াৰ ঘৰত দেখা পালোঁ৷
পোনপ্ৰথমে আচৰিত হলোঁ সুদূৰ অষ্ট্ৰেলিয়াৰ চৰাই, অসমৰ ঘৰ এখনত সাধাৰণভাৱে থকা ফুলনিৰ পৰিৱেশত জীয়াই থকা বাবে৷
সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা 5 জুন তাৰিখে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ হৈ আমি চাৰিগৰাকী [লেখকৰ লগতে ক্ষীৰধৰ বৰুৱা, প্ৰীতি বৰুৱা আৰু সংগীতা বৰুৱা] বিনয় শইকীয়াৰ ঘৰত উপস্থিত হলোঁ৷ বিনয় শইকীয়া নথকাত তেখেতৰ পত্নী পূবী শইকীয়াৰ লগতে আমি কথোপকথন আৰম্ভ কৰিলো৷
পূবী শইকীয়াৰ স্বামীয়ে ২০১৪ চনৰ এপ্ৰিল মাহত তেজপুৰৰ ডা0 মিনতি দাসে প্ৰান্তিক আলোচনীত অসমত ইমু চৰাই পালন কৰাৰ সম্ভাৱনীয়তাৰ ওপৰত ওলোৱা প্ৰৱন্ধটি পঢ়ি উৎসাহিত হয়৷ পত্নী পূবী শইকীয়াৰ সাঁচতীয়া ধনৰ লগত আৰু কিছু টকা দি মিনতি দাসৰ পৰা তথ্য লৈ গুৱাহাটীৰ মহন্ত নামৰ ব্যক্তি এগৰাকীৰ সহযোগত ১২ টা ইমু চৰাই এক লাখতকৈ অধিক টকাত কিনি আনে৷
আজিৰ দিনত চৰাই পুহিবলৈ লাখ টকা ব্যক্তিগতভাৱে খৰছ কৰাটো সঁচাকৈয়ে অসমৰ বাবে আচৰিত কথা৷ যি সময়ত লাখ টকাৰ লোভত পৰি গঁড়কে ধৰি অন্যান্য জীৱ-জন্তুক অবাধে হত্যা কৰি আহিছে সেই সময়ত শইকীয়া দম্পতিৰ এই চিন্তা অৱাস্তৱ যেন লাগে৷
আজিৰ দিনত পৰীক্ষাৰ ফলাফল ভাল হ’লে ল’ৰা-ছোৱালীয়ে ম’বাইল, বাইক বিচাৰে৷ সেইসময়তে শইকীয়া দম্পতিৰ যঁজা সত্নানৰ এজন প্ৰান্তিক শইকীয়াই জীৱ-জন্তুহে বিচাৰে৷ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ দশম মানৰ ছাত্ৰ প্ৰান্তিকৰ জীৱ-জন্তুৰ প্ৰতি থকা মৰম সঁচাকৈয়ে প্ৰশংসনীয়৷ ২০১৪ চনৰ এপ্ৰিলত ইমু চৰাইৰ বিষয়ে পঢ়ি জুন মাহতে চৰাই কিনি অনাটোতে পৰিয়ালটোৰ মাজত থকা পশুেপ্ৰম প্ৰকাশ পায়৷
২০১৫ চনৰ অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনত অসম চৰকাৰৰ পশুপালন বিভাগে দুটা ইমু চৰাই তেওঁলোকৰ ঘৰৰ পৰা প্ৰদৰ্শণীৰ বাবে নিওঁতে আঘাত পাই এটা চৰাই মৰি থাকে৷ মৃত চৰাইজনীৰ ঔষধি গুণযুক্ত মাংস কেজিয়ে প্ৰতি ৮০০ টকাত বিক্ৰী কৰা হৈছিল বুলি আমাক জানিবলৈ দিয়ে৷
পূবী শইকীয়াই জনোৱামতে তেখেতসকলে ইমু চৰাইৰ মতা-মাইকী চিনি নোপোৱাৰ বাবে এজনীয়েহে ১৩ টা কণী পাৰিলে৷
সাধাৰণতে ইমু চৰায়ে বছৰি ৩০ ৰ পৰা ৪০ টালৈকে কণী পাৰে৷ কণীসমূহৰ ঔষধি গুণে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ যাৰবাবে এটা ইমুৰ কণী ১০০০ টকাত তেওঁলোকে বিক্ৰী কৰে৷
প্ৰথমে কণীটো দেখিবলৈ কেঁচা অমিতাৰ দৰে আৰু পাছলৈ অতি সুন্দৰ গাঢ় সেউজীয়া ৰঙৰ হৈ পৰে৷ কণীটো উটপক্ষীৰ কণীতকৈ অলপ সৰু হয়৷
ইমু চৰাইৰ বিশেষ গুণটো হ’ল মাইকী চৰায়ে কণী পাৰে আৰু মতাটোৱে উমনি দিয়ে৷ উটপক্ষীৰ দৰে দীঘল ডিঙিৰ চৰাইবিধে উৰিব নোৱাৰে৷ শান্ত প্ৰকৃতিৰ চৰাইবিধে ব্ৰইলাৰৰ দানা, চাপৰ, গছৰ পাত, ফুল, মাটিত থকা পোক-পতংগ খাই জীয়াই থাকে৷ কোনোধৰণৰ বেমাৰ-আজাৰ নোহোৱা চৰাইবিধে মাটি খোৱা বাবে ইহতক মাজে সময়ে লিভাৰ টনিক খুৱাই থাকিব লাগে বুলি পূবী শইকীয়াই আমাক জনায়৷
নগাঁৱত থকা হাঁহ, কুকুৰাৰ কণী উমনি দিয়া পৰীক্ষাগাৰত ইমুৰ 6 টা কণী ৰখা হৈছিল যদিও বিদ্যুত নথকা সময়ত জেনেৰেটৰ নচলোৱা বাবে তাপৰ অভাৱত 60 দিনৰ দিনা ইমুৰ 2 টা কণী ঘোলা হোৱাৰ লগতে 4 টা কণী ফুটি পোৱালী ওলাই মৃত্যুমুখত পৰিবলগীয়া হ’ল৷
পোৱালীকেইটা মৃত্যুমুখত পৰিলেও অসমত যে ইমুৰ পোৱালী হ’ব সেই কথা প্ৰতিপন্ন হ’ল৷ বৰ্তমানে তেখেতসকলে স্থানীয় বিধায়কৰ সহযোগত সৰহীয়াকৈ ইমু চৰাই অষ্ট্ৰেলিয়াৰ পৰা আনিবলৈ ইতিমধ্যে অৰ্ডাৰ দিছে৷
তেজপুৰ মহাবিদ্যালয়, ডিব্ৰুগড়, ছয়দুৱাৰ মহাবিদ্যালয়ে শইকীয়া দম্পতিক ইমু চৰাই যোগান ধৰিবলৈ দায়িত্ব দিছে৷ আগ্ৰহী ব্যক্তি আৰু অনুষ্ঠানে বিনয় শইকীয়াৰ লগত ৯৪৩৫১-৮২৫০৮ নম্বৰত কথা পাতিলে সৱিশেষ তথ্য লাভ কৰিব পাৰিব৷
পূবী শইকীয়াই জনোৱামতে ডা0 মিনতি দাসে তেখেতসকলক ইমু পালনত বিভিন্ন দিহা-পৰামৰ্শ দি যথেষ্টখিনি সহায় কৰিছে৷ পেচাত ফাৰ্মাচিষ্ট বিনয় শইকীয়াৰ পৰিয়ালৰ পক্ষী পালনৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়৷ তেখেতসকলৰ পশুপ্ৰেমে নৱপ্ৰজন্মৰ মাজত এক নতুন চিন্তাধাৰাৰ বীজ সিঁচিব পাৰিব বুলি আশা কৰা হৈছে৷ সাতসৰী, এপ্ৰিল, ২০১৬

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!