Ripunjay Bordoloi

পৰিৱেশ হিতৈষী কৰ’না

– published on 27 March Niyamia Barta, 2020

দ্বিতীয় বিশ্বযুদ্ধৰ দৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ বা কভিদ-১৯ এ ক্ষীপ্ৰতাৰেনিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ প্ৰথম বিশ্ব, দ্বিতীয় বিশ্বৰ দেশ বুলি নিজকে গৌৰৱান্বিত কৰা সকলো উন্নত দেশ কৰ’নাৰ আক্ৰমণত ধাৰাশায়ী হৈছে৷
বিশ্বৰ উন্নয়শীল আৰু দুখীয়া দেশসমূহে বিশ্বৰ আগশাৰীৰৰ দেশসমূহত কৰ’নাই সৃষ্টি কৰা ধ্বংসলীলাত ভীতিগ্ৰস্ত হৈ কি কৰোঁ কি নকৰোঁ হৈ পৰিছে৷
চীন, ইটালী, ইৰাণ, ইংলেণ্ড, জাপান, জাৰ্মানী, আমেৰিকা, ফ্ৰান্স, কানাডা আদিৰ দৰে দেশত মৰিশালিৰ নিস্তবদ্ধতা৷ কৰ’নাৰ ভয়ত আজি¸ সকলো গৃহবন্দী৷ কি ৰাষ্ট্ৰপতি, কি প্ৰধানমন্ত্ৰী, কি অভিনেতা, বিশ্বৰ ধনীক শ্ৰেণীৰ পৰা নিম্নবৰ্গলৈকে কোনো সাৰি যাব পৰা নাই কৰ’নাৰ সংক্ৰমণৰ পৰা৷
সমগ্ৰ বিশ্বই স্তব্ধ হৈ পৰিছে মূলতঃ বাদুলি, বনৰৌৰ পৰা সৃষ্টি হোৱা এই ভাইৰাছৰ আক্ৰমণত৷ মানুহৰ খাদ্যভ্যাসেই হৈ পৰিছে এই ভাইৰাছৰ সংক্ৰমণ মানৱ দেহলৈ অহাৰ মূল কাৰণ৷
বিশ্বৰ আটাইতকৈ জনবহুল চীনৰ য়ুহান চহৰত জন্ম হোৱা এই ভাইৰাছে জীৱশ্ৰেষ্ঠ বুলি নিজকে পৰিচয় দিয়া মানৱ জাতিক কম্পিত কৰি তুলিছে৷ বৰ্তমানে ১৯২ খন দেশলৈ বিয়পি লক্ষাধিক লোক আক্ৰান্ত আৰু সহস্ৰাধিক লোকক মৃত্যুমুখত পেলোৱা এই ভাইৰাছে সমগ্ৰ বিশ্বক ‘লক্‌ডাউন’ পৰিৱেশলৈ ঠেলি নিলে৷
‘‘জান হে তৌ জাহান হে’’ এই কথাষাৰিৰ উদ্ধৃতিদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ সম্পূৰ্ণ ‘লক্‌ডাউন’ ঘোষণা কৰিলে৷ অৰ্থাৎ বিশ্বৰ প্ৰথম জনবহুল দেশ চীনৰ দুৰৱস্থাৰ পিছতে দ্বিতীয় জনবহুল দেশ ভাৰতো স্তব্ধ হৈ পৰিল কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ৷
মোৰ এই লেখনিত কৰ’না ভাইৰাছৰ বিষয়ে লিখিবলৈ বিচৰা নাই৷ মই লিখিব বিচাৰিছোঁ, কৰ’নাতংকৰ প্ৰভাৱত পৃথিৱী নামৰ গ্ৰহটোৱে লাভ কৰা শান্তিৰ কথা৷
আজি পৃথিৱী সম্পূৰ্ণ সন্তুলিত হৈ স্ফূৰ্তিৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে৷ কাৰণ আপোনালোকে হয়তো অনুভৱ কৰিব পৰা নাই এই লক্‌ডাউনে পৃথিৱীৰ বাতাৱৰণত কিমান ধনাত্মক প্ৰভাৱ পেলাইছে৷
জাপানৰ টকিঅ’ চহৰৰ ক’লা ধোঁৱাৰে আৱৰা আকাশ নীলা হৈ পৰিছে৷ দৈনিক উৰাজাহাজত লাখ লাখ মানুহ কঢ়িওৱা চীনৰ য়ুহান চহৰৰ আকাশত এতিয়া চৰাই-চিৰিকতিয়ে আনন্দ মনৰে উৰি ফুৰাৰ দৃশ্য দেখা গৈছে৷
নাছাৰ কৃত্ৰিম উপগ্ৰহে চীনৰ আকাশৰ ফটো তুলি আচৰিত হৈ পৰিছে৷ অনাগত পঞ্চাশ দশকত যি সম্ভৱ নহ’লহেতেন সেইটো সম্ভৱ হ’ল কেৱল ক’ৰ’নাতংকৰ কাৰণে৷
চীনৰ আকাশৰ পৰা নাইট্ৰাছ অক্সাইডৰ প্ৰদূষণ জানুৱাৰী মাহৰ পৰা দ্ৰুতগতিত নাইকিয়া হৈ বৰ্তমানে আকাশৰ ৰং নীলা আৰু বায়ু প্ৰদূষণ মুক্ত হোৱা দেখা গৈছে৷ চচিয়েল মিডিয়াত জাপানৰ ‘নাৰা’ নামৰ চহৰৰ ৰাজপথত শতাধিক হৰিণ শুই থকা ফটোখন নি(য় আপোনালোকেও দেখিছে৷ নাছাৰ বতৰ আৰু জলবায়ু বিজ্ঞানী ফাউ লিউৱে এই সন্দৰ্ভত কৈছে, ‘‘সম্ভৱত, এই ভাইৰাছৰ বাবে কেতিয়াও নহ’বলগীয়া এটা পৰিঘটনা চীনত ঘটিল, যিয়ে চীনৰ বায়ুমণ্ডল নিৰ্মল কৰিব ধৰিছে৷’’
আজি কৰ’না ভাইৰাছৰ সহায়ত প্ৰকৃতিয়ে যেন নিজকে পুনৰ উজ্জ্বীৱিত কৰিবলৈ সুবিধা পাইছে৷ তীব্ৰগতিত ধাৱমান হৈ থকা মানুহ নামৰ প্ৰাণীটোক স্তব্ধ কৰিবলৈ কৰ’নাৰ দৰে বেলেগ ভাইৰাছে পৰা নাছিল৷
বিশ্বৰ সকলো দেশৰ উদ্যোগ স্তব্ধ, যাতায়তৰ সকলো ব্যৱস্থা বাতিল, শিক্ষানুষ্ঠান,অফিচ-কাছাৰী বন্ধ, খাদ্য সামগ্ৰী, চিকিৎসা সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান বন্ধ৷ নিজৰ ঘৰত নিজকে গৃহবন্দী কৰি ৰাখিছে মানুহে৷
হ’ব পাৰে মানুহ নামৰ প্ৰাণীৰ বাবে আতংকৰ নাম কৰ’না কিন্তু প্ৰকৃতিৰ কাৰণে কৰ’নাই প্ৰকৃত সন্তান যিয়ে নেকি পৰিৱেশ সন্তুলন কৰাত সহায় কৰিছে৷
বিশ্বৰ সকলো উদ্যোগ বন্ধ হৈ যোৱাৰ লগে লগে বিষাক্ত গেছৰ নিৰ্গমণ বন্ধ হৈ বায়ু নিৰ্মল হ’বলৈ ধৰিছে৷ কল-কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত পানীয়ে নদ-নদী, খেতিপথাৰ বিষাক্ত কৰি তুলিছিল৷
জানুৱাৰী মাহৰ পৰা চীনৰ দৰে বিশ্বত অধিক কাৰ্বন নিৰ্গত কৰা দেশৰ চহৰবোৰত লক ডাউন ঘোষণা কৰাৰ লগে লগে যেন প্ৰকৃতি আইৰ মুখৰ পৰা ক’লা ছাই কোনোবাই মচি দিলে! কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ফটোত কৰ’না আতংকৰ আগত চীনৰ আকাশৰ ৰঙ ধোঁৱাবৰণীয়া হোৱাৰ লগতে আকাশখন উৰাজাহাজৰে চানি আছিল৷ কৰ’না আতংকৰ পিছত চীনৰ আকাশৰ দৃশ্য দেখা গৈছে নীলা আৰু চৰাইৰ জাক উৰি ফুৰা দেখা গৈছে৷
গতিকে কৰ’না ভাইৰাছৰ জৰিয়তে প্ৰকৃতিয়ে নিজকে পৰিষ্কাৰ কৰিবলৈ সুবিধা পালে৷ এনে লাগিছে যেন প্ৰকৃতিয়ে চীনৰ দৰে অধিক কাৰ্বন নিৰ্গত কৰা দেশবোৰক শাস্তিহে প্ৰদান কৰিছে!
যাতায়ত আৰু যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত খনিজজাত ইন্ধনৰ দহন বন্ধ হৈ পৰিল৷ প্ৰকৃতিৰ কাৰ্বন চক্ৰত কাৰ্বনৰ অৰিহণা যোগোবলৈ কাৰ্বন দহন ৰোধ হৈ পৰাৰ লগে লগে বায়ু প্ৰদূষণ হ্ৰাস পাবলৈ ধৰিছে৷
বৰ্তমান বিশ্বত কাৰ্বন-ডাই -অক্সাইড, কাৰ্বন-মন’-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড আদিৰ দৰে বিষাক্ত গেছ নিৰ্গত কৰা ৮০ শতাংশ উদ্যোগ বন্ধ হৈ পৰিছে৷ কেৱল চিকিৎসা, খাদ্য, শক্তি উৎপাদন আদিৰ লগত জড়িত অনুষ্ঠান, উদ্যোগ আৰু পৰীক্ষাগাৰসমূহে দিনে-ৰাতিয়ে মানৱ সেৱাত ব্ৰতী হৈ আছে৷
কৰ’নাই আমাৰ পাৰিপাশ্বিৰ্ক অৱস্থাক শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ আগলৈকে ঠেলি পঠালে৷
শিক্ষানুষ্ঠান, অফিচ-কাছাৰী, চিনেমা উদ্যোগ আদি বন্ধ হোৱাৰ লগে লগে শক্তিৰ ব্যৱহাৰ হ্ৰাস পাবলৈ ধৰিলে, তলি উদং হ’বলৈ ধৰা খনিজজাত ইন্ধনৰ ব্যৱহাৰ কমি গ’ল, পেট্ৰ’লজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বহুখিনি হ্ৰাস পালে, খোৱা পানীৰ অপচয় ৫০ শতাংশ কমি গ’ল৷
পেট্ৰ’লজাতীয় সামগ্ৰীৰ ব্যৱহাৰ কমি যোৱাৰ কাৰণ হ’ল আমি ঘৰৰ পৰা বাহিৰত ওলালে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ বৰ্তমান ঘৰৰ ভিতৰত ব্যৱহাৰ নকৰো৷ তাৰোপৰি অফিচ, শিক্ষানুষ্ঠান আদিত পৰিষ্কাৰকৰণৰ নামত, প্ৰস্ৰাৱগাৰৰ নামত আৰু উপযুক্ত মেৰামতিৰ অভাৱত প্ৰতিদিনে যথেষ্ট খোৱাপানী অপচয় হয়৷ লগতে অজ’ন স্তৰ ধ্বংসকাৰী ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বনৰ নিৰ্গমণ দ্ৰুত গতিত হ্ৰাস পালে৷ কাৰণ উপৰোক্ত অনুষ্ঠানসমূহত দিনে-নিশাই শীতলকৰণ যন্ত্ৰ ব্যৱহাৰ হৈ আছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ ঘৰত আবদ্ধ হৈ পৰাৰ ফলত মানুহৰ এই বস্তুবোৰৰ ব্যৱহাৰ সীমাৱদ্ধ হৈ পৰিল৷
কৰ’নাতংকৰ ফলত হোটেল, ৰেস্তোঁৰা বন্ধ হৈ পৰাৰ লগে লগে খাদ্য অপচয়ো ৰোধ হ’ল৷ কাৰণ নিজ চকুৰে দেখি আছোঁ মানুহে খাদ্য খোৱাৰ নামত কিমান অপচয় কৰে৷ চীনৰ য়ুহান চহৰৰ সেই বিখ্যাত বজাৰখনত এটা জীৱ হত্যা কৰে তাৰ কোনো এক বিশেষ অংগ খোৱাৰ বাবদ৷
আমাৰো বিয়া-বাৰু, সকাম-নিকাম, সভা-সমিতি, জন্মদিন আদিত কিমান খাদ্য অপচয় হয় দেখি আছোঁ৷ কৰ’নাই জীৱ হত্যা ১০০ শতাংশ হ্ৰাস কৰিলে বুলি ক’লেও ভুল নহব৷ কাৰণ লক ডাউনৰ এই সময়ছোৱাত খাদ্যৰ বাবে কোনেও জীৱ হত্যা কৰিবলৈ সুবিধা পোৱা নাই৷ খাদ্যৰ নামত নদীৰ মাছ-কাছ, চৰাই-চিৰিকতি, জন্তুৰ হত্যা বন্ধ হৈ পৰিছে৷ চীনৰ দৰে দেশবোৰৰ এই দুৰৱস্থাই অভয়াৰণ্যসমূহৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱবোৰকো সাময়িকভাৱে সুৰক্ষিত কৰিলে৷ কাৰণ আমাৰ অসমৰ গঁড়ৰ খৰ্গ, গুঁইসাপ, হাতীৰ দাঁত আদিৰ ক’লা বজাৰখনো চীনে নিয়ন্ত্ৰণ কৰি চোৰাং চিকাৰীক অৰ্থৰ যোগান ধৰি আছিল৷
কৰ’নাই সমগ্ৰ বিশ্বৰ পৰিৱেশৰ লগতে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাইছে৷
আপোনালোকে হয়তো আচৰিত হৈছে নহয়নে?
এবাৰ ভাবি চাওকচোন, কৰ’নাতংকৰ ফলত আপুনি ঘৰৰ ভিতৰত পৰিয়ালৰ লগত থাকি জাংক ফুড, ফাষ্ট ফুড আদি খাবলৈ বাদ দিছে৷ পৰিয়ালৰ আটায়ে একেলগে পুৰণি সুখৰ দিনবোৰৰ দৰে ঘৰতে বনোৱা খাদ্য খাইছে, সুখ-দুখৰ কথা পাতিছে৷ ৰাজনীতি, কূটনীতি, সীমাৰ সমস্যা, বিদেশী সমস্যা, অৰ্থনৈতিক দুৰৱস্থা, ব্যৱসায়, বাণিজ্য, কেৰিয়াৰ, চাকৰি, পৰীক্ষা আদি কোনো আলোচনাৰ আৰু চিন্তাৰ বিষয় হৈ থকা নাই৷
ৰজাৰ পৰা প্ৰজালৈকে সকলোৱে কেৱল এটাই কথা জানে, জনসমাগমৰ পৰা আঁতৰি থাকিলেহে বাচি থাকিব পৰা যাব৷
কিমান বছৰৰ মূৰকত পৰিয়ালৰ সকলো সদস্যই একেলগে এসাঁজ খাবলৈ পাইছে৷ আপোনাক হীনমন্যতা, বিষাদগ্ৰস্ততাই অশান্তি দিব পৰা বিষয় নোহোৱা হৈ পৰিল৷
উচ্ছাকাংক্ষাৰে পৰিপূৰ্ণ মানুহৰ মনবোৰত কৰ’নাই কিছু হ’লেও য’তি পেলাইছে৷
সুখৰ নিদ্ৰাত আঘাট হানিবলৈ কৰ’নাৰ বাহিৰে অন্য কোনো বিষয় নোহোৱা হৈ পৰিল৷ কেৱল খাব লাগে আৰু শুবলাগে৷কিতাপ পঢ়িবলৈ সময় নোপোৱা মানুহে কিতাপ পঢ়িবলৈ সময় পালে৷ কোনোবাই মনৰ ভিতৰতে কবিতা, গল্প, উপন্যাস লিখিম বুলি ভাবিছিল যদি কৰ’নাই সুবিধা কৰি দিলে৷
সন্তানৰ বদ-অভ্যাস দূৰ কৰিবলৈও এইয়াই হ’ল উত্তম সময়৷ সন্তানক আপুনি সম্পূৰ্ণ সময় দি তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰাও এইকণ বৰ উপযুক্ত সময়৷ কাৰণ জীৱনযুদ্ধত দৌৰ দি থাকোতে আপুনি এইবোৰ কৰিবলৈ সময় পোৱা নাছিল৷
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা, মৃত্যুৰ কিৰিলি মৰা কৰ’না ভাইৰাছে সৃষ্টি কৰা বিপৰ্যয়ৰ সময়ত মোৰ লেখনিটো কিমান যুক্তিসম্পন্ন সেইটো পাঠক সমাজলৈ এৰি দিলোঁ৷ কিন্তু এইটো ঠিক যে জন্মৰে পৰা দৌৰিবলৈ শিকা মানুহবোৰৰ গতি ৰুদ্ধ কৰি কৰ’নাই জীৱনটোক উপভোগ কৰিবলৈ এক নিৰিবিলি পৰিৱেশ দিলে৷
যিসকলে এই ৰোগত আক্ৰান্ত হৈছে তেওঁলোকলৈ সমবেদনা থাকিল৷
মানুহৰ কৃতকৰ্মই কিমান ভয়ানক ৰূপ ল’ব পাৰে তাৰ এটা ক্ষুদ্ৰ আভাসহে কৰ’না ভাইৰাছ৷
প্ৰকৃতিৰ বিৰুদ্ধে যঁুজি কোনো জয়ী হ’ব নোৱাৰে৷
সেইবাবে কৰ’নাক পৰিৱেশৰ বন্ধু বুলি ক’বলৈ মই দ্বিধাবোধ কৰা নাই৷
শেষত, লক ডাউনৰ এই সময়ছোৱাত সকলো ঘৰৰ ভিতৰতে থাকক, সুৰক্ষিত হৈ থাকক তাৰে কামনা কৰিলোঁ৷
[২৭ মাৰ্চ, নিয়মীয়া বাৰ্তা, ২০২০]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!