Ripunjay Bordoloi

ভূত থকা গছজোপাৰ কথাৰে...

– published on Natun Rongmela, May, 2015

‘‘ভয়েই ভূত’’– অৰ্থাৎ, যাৰ অন্তৰত ভয় আছে তেওঁ সকলোতে ভূত দেখে৷ তাৰোপৰি কিছুমান ক্ষেত্ৰত অজ্ঞানতাও ভূত বিশ্বাস কৰাৰ কাৰণ হয়৷ যেতিয়া কোনো ব্যক্তিয়ে প্ৰকৃতিত ঘটা ঘটনা কিছুমানৰ কাৰণ নাজানে তেতিয়া তেনে কৰ্মসমূহ কোনো অদৃষ্ট শক্তিয়ে কৰিছে বুলি ধৰি লয়৷
এতিয়া আচল কথালৈ আহোঁ৷ ভূত থকা এই চয়তান গছজোপাৰ নাম হ’ল আমাৰ সকলোৰে পৰিচিত চতিয়না গছ৷
নয়নতৰা গোত্ৰৰ চতিয়না গছজোপাৰ ইংৰাজী নাম ইণ্ডিয়ান ডেভিল্‌ছ ত্ৰী টোৱে [Indian devil’s tree] ইয়াৰ পৰিচয় দিয়ে৷ চতিয়না গছৰ বৈজ্ঞানিক নাম এলষ্টোনিয়া স্কলাৰিছ [Alstonia scholaris]৷
ভাৰত উপমহাদেশৰ প্ৰায় সকলোবোৰ অঞ্চলতে পোৱা এই চিৰহৰিৎ বৃক্ষজোপা পূবে জাভা আৰু পশ্চিমে অষ্ট্ৰেলিয়ালৈ বিস্তৃত হৈ আছে৷ চতিয়না গছজোপাৰ বৈজ্ঞানিক নামটোৱে এক বিশেষ তাৎপৰ্য্য বহন কৰি আছে৷
এডিন বাৰ্গৰ বিশিষ্ট উদ্ভিদবিদ অধ্যাপক চি এলষ্টোনৰ নাম ইয়াৰ লগত জড়িত হৈ আছে৷ লগতে স্কলাৰিছ শব্দটো আহিছে ফলিৰ পৰা৷ এই গছৰ কাঠ স্কুললৈ যোৱা ল’ৰা-ছোৱালীৰ ফলি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল বাবে, প্ৰজাতিটোৰ নাম স্কলাৰিছ ৰখা হয়৷
বৰ্তমানৰ প্লাষ্টিকৰ ব্যৱহাৰে ইয়াৰ চাহিদা কমাই দিছে, যাৰ বাবে গছজোপা সুৰক্ষিত হৈ পৰিছে৷ গছৰ ডালৰ যিকোনো গাঁঠিৰ পৰা একেলগে চাৰিওফালে সাতোটা পাত ওলায় বাবে মাৰাঠী নাম– ‘চাতৱিন’ বুলি জনা যায়৷ আনহাতে সকলোতে জনাজাত চয়তান নামটো আহিছে গছজোপাত ক্ষতিকাৰক যাদুৰ গুণ থকা বুলি ভবা ভ্ৰান্ত ধাৰণাৰ পৰা৷
বৰ্ণনা
চয়তান বুলি জনা গছজোপা ওখ, বাকলি ধূসৰ বৰণীয়া, খহটা এজোপা সুন্দৰ গছ৷ গছজোপাৰ পাত আম গছৰ পাতৰ দৰে, পাতৰ ৰং গভীৰ সেউজীয়া, তলৰ ফালে বগা নোমেৰে আবৃত৷ সৰু থোপাহৈ ফুল ফুলে, ফুলৰ সোৱাদ মিঠা গোন্ধৰ৷ চতিয়না গছৰ ফল ৩০ ৰ পৰা ৫০ ছেণ্টিমিটাৰ দীঘল, 3 ৰ পৰা 4 মিলিমিটাৰ শকত যোৰা হৈ ওলমি থাকে৷ এই গছৰ ফল অতিমাত্ৰাত লাগে যাৰ বাবে ফল হোৱাৰ পাছত গছজোপা দেখিবলৈ অতি সুন্দৰ হৈ পৰে৷
ব্যৱহাৰ
চতিয়না গছৰ কাঠ কোমল হোৱা বাবে ইয়াৰ কাঠৰে পেকিং বাকচ, ব্লেকব’ৰ্ড, ফ লি আদি তৈয়াৰ কৰা হয়৷ এই গছৰ বাকলিক বাণিজ্যিক ক্ষেত্ৰত ‘ডিটাবাৰ্ক’ বুলি জনা যায়৷
ইয়াৰ সোৱাদ তিতা হোৱা বাবে জ্বৰ, গ্ৰহণী, আলচাৰ, ডায়েৰিয়া, অজীৰ্ণ ৰোগ, গেষ্ট্ৰিক, বিজলুৱা শৌচ, বাতবিষ, অণ্ডাশয় সম্বন্ধীয় ৰোগ, হাৰ্ণিয়া, গাঠিৰ বিষ আদি ৰোগত সংকোচক ৰূপে ব্যৱহাৰ কৰা হয়৷
অন্ধবিশ্বাসৰ সুফল
ভাৰতৰ পশ্চিম অঞ্চলত থকা জনগোষ্ঠীয় লোকসকলে চতিয়না গছৰ তলত বহিবলৈ, আনকি গছৰ ছাঁৰ তলেদি যাবলৈও ভয় কৰে৷ চতিয়না গছৰ তলত টোপনি গ’লে গছৰ ভূতে মাৰি পেলায় বুলি ধাৰণা আছে! এই বিশ্বাসৰ বাবেই গছজোপাৰ ওপৰত মানৱজাতিৰ অত্যাচাৰ কমি আছে আৰু সম্পূৰ্ণ ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰি আছে৷
তথ্যৰ উৎস ঃ আমাৰ দেশৰ গছ, নেশ্যনেল বুক ট্ৰাষ্ট, এইচ. ছান্তাপৌ, ১৯৬৬
www. indiandevil’stree.com, date:01-05-2014
en.wikipedia.org/wiki/Alstonia_scholaris, date: 04-05-2014
www.flowersofindia.net/catalog/slides/Devil%20Tree.htm, date: 04-05-2014
উদ্ভিদৰ বৈজ্ঞানিক আৰু অসমীয়া নামৰ হাতপুথি, আৰণ্যক, ড॰ অনন্ত বৰা, ২০০৩
[নতুন ৰংমেলা, মে’, ২০১৫]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!