Ripunjay Bordoloi

কৰ’নাৰ লকডাউন আৰু নম’ফবিয়া

– published on Niyamia Barta, 2020

আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ২০০ ৰো অধিক দেশলৈ বিয়পি পৰা কভিড-১৯ বা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাবদ্ধ কৰিলে৷ সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, ক’ৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ এনৰ, এইচ আই ভি আদি ভাইৰাছবোৰ৷ আন ভাইৰাছতকৈ ক’ৰ’না ভাইৰাছ কম শক্তিশালী হ’লেও কভিড-১৯ ৰ সংক্ৰমণ ইমান তীব্ৰগতিত হয়যে বিশ্বৰ প্ৰায় সকেলা দেেশ ইয়াৰ সংক্ৰমণৰ পৰা বাচিবলৈ লক ডাইন ঘোষণা কৰিব লগা হৈছে৷ দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত থকা প্ৰথম বিশ্বৰ বাসিন্দাই আজি ঘৰৰ ভিতৰত শুই-বহি দিনৰ পিছত দিন পাৰ কৰিবলগীয়া হৈছে৷ চীন আৰু আমেৰিকাৰ দৰে বিশ্বৰ আন দেশসমূহৰ বাসিন্দা সকলে লকডাউনৰ এই সময়ছোৱাত ঘৰৰ ভিতৰতে নিজকে বন্দী কৰি ৰাখিবলৈ বাধ্য হ’ল৷ ঘৰতে বন্দী হৈ থাকি কি কৰি আছে সকলোৱে? এক সমীক্ষামতে ক’ৰ’নাতংকৰ লক ডাউনে সমগ্ৰ বিশ্বতে হোৱাট্‌ছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱৰ ব্যৱহাৰ কৰা ৬০ শতাংশ বৃদ্ধি কৰিলে৷ আচৰিত ধৰণে সমগ্ৰ বিশ্বতে অকল হোৱাট্‌ছএপৰ ব্যৱহাৰ ৪০ শতাংশ, ভিডিঅ’ কলিং ৭০ শতাংশ, ফেচবুক, ইনষ্টাগ্ৰামৰ আৰু ইউটিউবৰ ভিডিঅ’ চোৱাৰ শতাংশ অকল্পনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ কেৱল ইটালীত এই ব্যৱহাৰ ১০০ শতাংশতকৈ বেছি বৃদ্ধি পাইছে৷ বৰ্তমানে ক’ৰ’নাতংকই এই তথ্যক গুৰুত্বহীন কৰি তুলিছে৷ তাতকৈয়ো ভয়াৱহ এক সমীক্ষা আমাৰ ওচৰত দেখা দিছে৷ ক’ৰ’নাৰ এই দীঘলীয়া লক ডাউনৰ সময়ত সমগ্ৰ বিশ্ব চাইবাৰ পৰ্ন’গ্ৰাফীৰ কৰালগ্ৰাসত সোমাই পৰিছে৷ আচৰিত ধৰণে ২৪ মাৰ্চৰ পৰা ভাৰতত হোৱা লকডাউনৰ বাবে ৯৫ শতাংশ গ্ৰাহক বৃদ্ধি পাইছে৷ বিশ্বজুৰী মহামাৰীৰ দৰে বৃদ্ধি পোৱা পৰ্ন’গ্ৰাফীয়ে ফ্ৰান্সত ৪০ শতাংশ, জাৰ্মানীত ৪৮ শতাংশ, ইটালী ৫৫ শতাংশ, ৰাছিয়াত ৬৫ শতাংশ, দক্ষিণ কোৰিয়াত ৫৬ শতাংশ, স্পেইনত ৫৮ শতাংশ, ছুইজাৰলেণ্ডত ২৫ শতাংশ, স্পেইনত ৬০ শতাংশ আৰু আমেৰিকাত দৃষ্টিকটুভাৱে পৰ্ন’গ্ৰাফীৰ ৱেবছাইটৰ দৰ্শক বৃদ্ধি পাইছে৷ আজিৰ বিশ্বত নৈশ ক্লাৱ, বিয়েৰ বাৰ, চিনেমা গৃহ আদি বন্ধ হৈ থকাৰ ফলত এই মহামাৰীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে৷ আনকি ভাৰতীয় টেলিকম অপাৰেটৰসকলে ব্লক কৰি দিয়া অনেক পৰ্ন’গ্ৰাফী ৱেবছাইট দৰ্শকে খোলাৰ চেষ্টা চলোৱাৰ তথ্য পোৱা গৈছে৷ এই ভয়ানক তথ্য লাভ কৰাৰ পিছতো আমি আজিৰ তাৰিখত এটাই চিন্তা কৰিম, যি কৰে কৰক মুঠতে ঘৰৰ ভিতৰতে শিশু-বৃদ্ধ-বণিতা সকলো সোমাই থাকক৷
এইখিনিতে আমাৰ ভুল হ’বলৈ গৈ আছে৷ ঘৰতে সোমাই থকা মানে অকল ম’বাইল চাই থকাৰ বাহিৰে অন্য উপায় নাই নেকি? দিনটোৰ প্ৰতিক্ষণত ম’বাইলৰ ব্যৱহাৰে আপোনাক আন এটা ব্যাধিত আক্ৰান্ত কৰিব পাৰে যাৰ নাম হ’ল ন’ম’ফবিয়া৷ ন’ম’ফবিয়া নামটো কোনো নতুন নাম নহয়, এই ফবিয়া বা ভয়ৰ ওপৰত বহুকেইখন গৱেষণা পত্ৰ ইতিমধ্যে প্ৰকাশিত হৈছে৷ এই ৰোগত আক্ৰান্ত হোৱাসকলৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ ন’ম’ফবিয়া হ’ল ত্ত্বপ্স Mobile Phone Phobia অৰ্থাৎ আপোনাৰ লগত ম’বাইল নাথাকিলে অনুভৱ হোৱা ভয়ভাব৷ ক’ৰ’না ভাইৰাছে আক্ৰমণ কৰাৰ আগতে সমগ্ৰ বিশ্বৰ বিশেষকৈ যুৱ-প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ন’ম’ফবিয়াৰ নামত বহুতো সজাগতামূলক কৰ্মশালা, আলোচনাচক্ৰৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছিল৷ কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই ম’বাইল ফ’নৰ আসক্তিক একবিংশ শতিকাৰ আটাইতকৈ ভয়াৱহ ড্ৰাগছবিহীন এক আসক্তি বুলি ঘোষণা কৰিছে৷ এই আসক্তি বিশেষকৈ দেখা গৈছে ১০ ৰ পৰা ৪০ বছৰৰ পুৰুষ মহিলাৰ মাজত৷ বিশেষজ্ঞসকলৰমতে ন’ম’ফবিয়াত আমাৰ সমাজৰ ৮০ শতাংশ কিশোৰ-কিশোৰী আক্ৰান্ত হোৱাতো আতাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷ ন’ম’ফবিয়াত আক্ৰান্ত হোৱাসকলে হাতত ম’বাইল নাথাকিলে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে, কিবা এটা দুৰ্ঘটনা হ’ব বুলি নিজৰ মনত ভয়ভাবে খেলা কৰি থাকে৷ ম’বাইল লগত থকা মানে নিজৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি হোৱাৰ দৰে পৰিৱেশ আজিৰ তাৰিখত সকলোৰে মনত অংকুৰিত হৈ পৰিছে৷ ভাৰতীয় টি ভি চেনেলৰ এটা বিজ্ঞাপনত ম’বাইল ফ’নৰ এই আসক্তিক মৃগী বেমাৰৰ লগত তুলনা কৰিছে৷ মাজৰাস্তাত মূৰ ঘুৰাই পৰি যোৱা ছোৱালীজনীৰ হাতত ম’বাইল ফ’নটো লগাই দিয়াৰ লগে লগে তাই থিয় হৈ পুনৰ কথা পাতিবলৈ ধৰে৷ ম’বাইল ফ’নৰ অনুপস্থিতিত মানুহৰ মনবোৰ ভয়াতুৰ, আত্মবিশ্বাসহীন, উৎক_া বৃদ্ধি, দৃষ্টিশক্তি দুৰ্বল কৰা, উশাহ-নিশাহ লবলৈ কষ্ট পোৱা, বিষাদগ্ৰস্ততা, অকলশৰীয়া, আশ্ৰয়হীন আদিৰ দৰে লক্ষণ দেখা পোৱা বাবে এই ৰোগক ন’ম’ফবিয়া বুলি চিকিৎসা শাস্ত্ৰত নামাকৰণ কৰা হৈছে৷ বেয়া লাগে যেতিয়া অনবৰতে ম’বাইলৰ ভিডিঅ’ চাই থকা সুস্থ-সবল শিশু এগৰাকীয়ে ভালদৰে শুব নোৱাৰি ছটফটাই থাকে৷ ৰাতিপুৱা শুৱাপাটিৰ পৰা নুঠাকৈয়ে গাৰুৰ তলত থকা ম’বাইল উলিয়াই পুনৰ দিনটোৰ কাৰণে নিজ মন-মস্তিষ্ক ম’বাইলৰ বিভিন্ন ক্ৰিয়াকলাপত ব্যস্ত কৰাত নিমগ্ন হৈ পৰে৷ নম’ফবিয়াক উদগনি দিয়া পৰ্ন’গ্ৰফীৰ দৰ্শক বৃদ্ধি কিন্তু ভয়ানক এক মানসিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে৷ পৰ্ন’গ্ৰাফীৰ নিচাই কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ পৰা প্ৰায় সকলো বয়সৰ লোকৰ মন-মস্তিষ্কত এক নিষি¸দ্ধ যৌন ক্ষুধাৰ সৃষ্টি কৰে৷ দিনে-ৰাতিয়ে পৰ্ন’গ্ৰাফী ৱেবছাইটত ভিডিঅ’, ফটো বা অনলাইন চাট কৰি থকা সেইসকল ব্যক্তিৰ যৌন লিস্পা ইমানেই তীব্ৰতৰ হৈ পৰে যে তেওঁলোকৰ বাবে যৌন সংগম সুখ অনবৰতে কেনেকৈ আৰু ক’ত পাব তাকে লৈ চিন্তিত হৈ থাকে৷ তাৰে পৰিণতিত ঘৰ-বিদ্যালয়, বাটে-ঘাটে, ট্ৰেইন-বাছ, মেলা, উৎসৱ-পাৰ্বন দৰে স্থানত এই নিষিদ্ধ কামনা পূৰণ কৰিবলৈ বন্য প্ৰয়াস কৰে৷ তাৰ পৰিণতিত ‘নিৰ্ভয়া কাণ্ড’, ‘শিক্ষকৰ দ্বাৰা ছাত্ৰীক..’, ‘পৰিয়ালৰ সদস্যৰ দ্বাৰা শিশুক..’, ‘ৰেল আৰক্ষীৰ কনিষ্টবলৰ দ্বাৰা মহিলা যাত্ৰীক…’, ‘চিকিৎসকৰ দ্বাৰা মহিলা ৰোগীক..’ আদিৰ দৰে মানৱ সভ্যতাক লজ্জানত কৰা ঘটনাবোৰ তীব্ৰগতিত বৃদ্ধি হৈ পৰিছে৷
আজিৰ এই লক ডাউনৰ সময়ত গাখীৰতে ম’হৰ খুটি হোৱাদি ঘৰৰ সকলো সদস্যই ম’বাইল ফ’নৰ ওপৰত জপিয়াই পৰিল, ওপৰত দিয়া সমীক্ষাই এই কথাকে প্ৰতিপন্ন কৰে৷ ফ্লেটত বা ভাড়াঘৰত থকাসকলেই হওক, নতুবা গাঁৱত থকাসকলেই হওক সকলো ম’বাইল টিপাত ব্যস্ত এই লক ডাউনৰ সময়ত৷ দ্ৰোণ এখনৰে এখন গাঁৱৰ আৰু টাউনৰ ভিডিঅ’ কৰাৰ সুবিধা কৰাহ’লে দেখিলেহেতেন, কি গাঁৱ, কি চহৰ সকলোতে ম’বাইল টিপি থকা মানুহৰ দৃশ্যহে দেখা যাব৷ বহুতে ক’ব বিচাৰিব ম’বাইলৰ সহায়ত বা-বাতৰি লৈ নাথাকিলে কেনকৈ হ’ব? বিদ্যালয় বন্ধ যেতিয়া অনলাইন পঢ়ি আছোঁ বা ভিডিঅ’ বোৰ চাই আছোঁ৷ এনেয়ে বন্ধ গতিকে ইউটিউবত ভিডিঅ’ চাই দিনটো পাৰ কৰি আছোঁ, নহ’লেনো কেনেকৈ ঘৰৰ ভিতৰখনত সোমাই থাকিব? হয় আপোনালোকৰ যুক্তি সম্পূৰ্ণ শুদ্ধ৷ আজিৰ তাৰিখত আপুনি আৰু মই ম’বাইলবিহীন জীৱন এটা আমি কল্পনাই কৰিব নোৱাৰোঁ৷ কিন্তু ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে ম’বাইল চাই থকাৰ যুক্তি ক’ত সেইটোহে মই বুজি নাপাওঁ৷ পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ বাতৰি চালেই দিনটোৰ সকলো খবৰ পাই থাকিব৷ অনলাইন পঢ়াৰ সময় দুঘণ্টা নিজে ঠিক কৰি লওক, বাকী সময় নিজে পঢ়ক৷ চাকৰিয়ালসকলে ইউটিউবত ভিডিঅ’ চাই থকাৰ সলনি বিদ্যালয়ত পঢ়ি থকা ঘৰৰ ছাত্ৰ-ছাত্ৰীক সিহঁতৰ পাঠ্যপুথিৰ নিজৰ আয়ক্তত থকা বিষয়বোৰ পঢ়াওক৷ দেশৰ বা-বাতৰিৰ কাৰণে বাতৰি কাকতখন পঢ়ক, ফেচবুক আৰু হোৱাট্‌ছএপত শুদ্ধ বাতৰিতকৈ উৰাবাতৰিয়েহে বেচিকৈ খলকনি লগাই থকা দেখা যায়৷ লক ডাউনৰ সময়খিনি মহিলাসকলৰ কাৰণে উত্তম সময় কাৰণ এইখিনি সময়ত পৰিয়ালৰ সকলো সদস্যই মিলি সুখৰে এসাজ খাবলৈ পাইছে৷ স্কুল, টিউচন, অফিচ বুলি কোনো দৌৰা-দৌৰি নাই৷ সদায় অকলে ঠাণ্ডা ভাত খাবলগীয়া হোৱা মাক সকলে একেলগে বহি সকলোৰে লগত এসাজ খাবলৈ পাৰিছে৷ টাউনেই হওঁক গাঁৱেই হওক সকলোৱে ম’বাইলৰ লগত লাগি থকাতকৈ কিছুমান বেলেগ কামো কৰিবপাৰোঁ৷ যেনে শিশুসকলক লুডু, কেৰম, দবা, কড়ি আদি খেল খেলিবলৈ শিকাব পাৰোঁ৷ শিকোৱা কথাটো এইকাৰণে ক’লে যে আজিৰ তাৰিখত বহু শিশুয়ে কড়িৰ গুটি পৰ্যন্ত চিনি নাপায়৷ দবা, লুডু মই ম’বাইলত খেলিব কোৱা নাই, সকলোৱে বাহিৰৰ বাৰাণ্ডাত বহি মুকলিকৈ লগত বহুৱাই খেলক৷ সেই তাহানিৰ বহাগ বিহুৰ দিনা ঘৰৰ সকলো সদস্যই কড়ি খেলাৰ দৰে৷ ককাক, আইতাক লগত লৈ ৰাতিৰ আকাশখন চাওকচোন৷ কৰ্মব্যস্ততাৰ মাজত আৰু বা কেতিয়া সময় পায় আকাশখন চাবলৈ? ৰাতিৰ আকাশৰ জোনবাইটো, বৰ্তমানে ইয়াৰ কাষতে থকা শুক্ৰগ্ৰহটো, কালপুৰুষ, লুব্ধক তৰাটো চাওকচোন৷ ক’ৰ’না আতংকই ভাৰাক্ৰান্ত কৰি থকা মনবোৰ আকাশৰ বিশালতাই ফৰকাল কৰি পেলাব৷ ম’বাইলৰ প্ৰতি বেছিকৈ আসক্তিত ভোগা কিশোৰ-কিশোৰীসকলক পিতৃ-মাতৃয়ে ঘৰৰ কামত সহায় কৰিবলৈ লগত ৰাখি শিকাওক৷ এনেয়েতো আপুনি পঢ়া ক্ষতি হয় বুলি পানী এগিলাচো লৈ খাব নিদিয়ে৷ গাঁৱৰ ঘৰত থকা পুখুৰীত শিশুসকলক লগত লৈ বৰশী মাৰিবলৈ শিকাওক, শিশুৰ ধৈৰ্য্য গুণ বৃদ্ধি পাব৷ এই ধৈৰ্য্য গুণৰ অভাৱৰ বাবে আজিৰ শিশুয়ে আত্মহত্যাৰ পথ বাছি লয় সৰু সৰু কথাৰ বাবে৷ আগতে হাজিৰা লগাই চাফা কৰা বাৰীখনত সন্তানক লগত লৈ দা-কোৰ মাৰি চাফা কৰক৷ ককাক আইতাকে শিশুসকলক লগত লৈ তেওঁলোকৰ সময়ৰ সোণোৱালী কাহিনী যেন লগা কথাবোৰ ক’বলৈ এয়াই উত্তম সময়৷ এই বাস্তৱিক কাহিনীতে সোমাই আছে আমাৰ অসমীয় সমাজখনৰ বহুতো হেৰাই যোৱাৰ উপক্ৰম ঘটা ৰীতি-নীতি সমূহ৷ চাকৰিয়াল পুৰুষ মহিলা সকলে ম’বাইল থওক, আপোনালোকে নিজৰ ভালপোৱা বিষয়বোৰ এবাৰ ভাবি চাওকচোন৷ সময়ৰ নাটনিৰ লগতে ম’বাইলৰ আসক্তিয়ে আপোনালোকক কবিতা,গল্প, উপন্যাস আদিৰ লগতে ঊণ গুঠা, তাঁতশাল, এম্ৰ’ডাৰী আদি লেখিবলৈ-কৰিবলৈ পাহৰি যোৱাৰ দৰে হ’ল৷ যাৰবাবে আপোনাৰ দেহ মেদবহুলতা, কলেষ্ট’ৰল, ব্লাড প্ৰেছাৰ, চুগাৰ, হীন্যমন্যতা, নিদ্ৰাহীনতাৰে আক্ৰান্ত হৈ পৰিল৷ শেষত, ক’ৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ ঘৰতে থাকক কিন্তু ন’ম’ফবিয়াৰ দৰে ৰোগৰ পৰা নিজৰ সন্তানৰ লগতে নিজেও আক্ৰান্ত হোৱাৰ পৰা আঁতৰি থাকিবলৈ ব্যৱস্থা লওঁক৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!