Ripunjay Bordoloi

বিজ্ঞান চৰ্চাত মগ্ন এজন ব্যক্তিৰ কথাৰে...

– published on Natun Rongmela, 2015

আজি এই প্ৰৱন্ধটিত, ২০১৪ বৰ্ষত শিশুৰ মাজত বিজ্ঞান মানসিতা গঢ় দিয়াত সহায় কৰা ব্যক্তি হিচাপে স্বীকৃতি দিয়া অভিজিত শৰ্মা বৰুৱাৰ বিষয়ে পাঠক সমাজক কিছু কথা জনাবলৈ বিচৰা হৈছে৷
ভাৰত-চীন যুদ্ধৰ এবছৰৰ আগতে ১৯৬১ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে এইজনা লিখি লিখি হেঁপাহ নপলোৱা ব্যাক্তিৰ জন্ম হৈছিল৷ সঁচাকৈয়ে ১৯৭৬ চনত যোৰহাটৰ বাল্যভৱনৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্ছতৰ শাখা উত্তীৰ্ণ হোৱাৰ পাছত যোৰহাটৰ ইঞ্জিনীয়াৰিঙৰ পৰা ১৯৮৪ চনত বি ই লোৱাৰ পৰা এতিয়ালৈকে তেখেতে কেৱল লিখি গৈছে৷
অসম বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্তব্যপৰায়ণ অভিযন্তা হিচাপে নাম থকা বৰুৱাই কেনেকৈনো লিখনিৰ ধাৰা নিৰৱিচ্চিন্নভাৱে চলাই আছে ভাবিলেই আচৰিত লাগে৷ তেখেতৰ সমাজখনৰ বিশেষকৈ শিশু সমাজৰ প্ৰতি দেখুওৱা দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়৷ তেখেতৰ কিতাপসমূহে অসমীয়া জাতিৰ জনকসকলক আজিৰ নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াত যথেষ্ট সহায়ক হৈছে৷
তেখেতৰ শিশুপ্ৰধান গল্প, উপন্যাসসমূহে সঁচাকৈয়ে নৱপ্ৰজন্মক শুদ্ধ বাট দেখুৱাই নিব পাৰিব বুলি ভবা হয়৷ বৰুৱা ডাঙৰীয়াৰ বিজ্ঞানভিত্তিক প্ৰৱন্ধ, গল্প, উপন্যাসসমূহে শিশুৰ মাজত বিজ্ঞান সানসিকতা গঢ়াত গুৰূত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ বৰ্তমানলৈকে বৰুৱা ডাঙৰীয়াৰ ৭৭ খন কিতাপ প্ৰকাশ কৰি উলিওৱা হৈছে৷ বিভিন্ন বাতৰি কাকত, আলোচনীত ৫০০ ৰো অধিক চুটি গল্প, ৭০০ টামান বিজ্ঞানভিত্তিক প্ৰবন্ধ, ৫০ খন উপন্যাসৰ ভিতৰত ৬ খনৰ টি ভি ছিৰিয়েল নিৰ্মাণ কৰা হৈছে৷ ৯০ খন উপন্যাসিকাৰ ভিতৰত ৫০ খন শিশু উপযোগী উপন্যাসিকা বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত হৈছে৷ ৩০০ ৰো অধিক সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিষয়ৰ প্ৰৱন্ধ, ৫০ টাৰো অধিক গ্ৰন্থ সমালোচনা, প্ৰায় পঞ্চাছটা প্ৰচ্চদ নিৱন্ধ, ৮খন অনুবাদ কিতাপ [দুখন বিজ্ঞান ভিত্তিক আৰু ৬য়খন কালজয়ী সাহিত্য ছিৰিজৰ]৷ অভিজিত শৰ্মাই ৮ খন বিজ্ঞানভিত্তিক আলেখ্য আৰু পাঁচটা গল্প অনাতাঁৰ কেন্দ্ৰৰ বাবে লিখিছে৷
শৰ্মা ডাঙৰীয়া বৰ্তমানে অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত ‘বিজ্ঞান জেউতি’ৰ সম্পাদকৰ দায়িত্বত আছে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়মীয়া ‘নিউজ লেটাৰ’ আৰু ‘বিজুলী’ৰো সম্পাদক৷ শৰ্মা ডাঙৰীয়াই দুখন বাতৰি কাকতৰ নিয়মীয়া বিজ্ঞান নিৱন্ধ আৰু প্ৰবন্ধ লিখি থকাৰ লগতে দুখন বিজ্ঞান আলোচনী আৰু এখন কেৰিয়াৰ আলোচনীৰ নিয়মীয়া বিজ্ঞান লেখক৷ বিগত চাৰি বছৰ ধৰি এখন নিয়মীয়া বাতৰি কাকতৰ শনিবাৰৰ সম্পাদকীয় তেখেতে লিখি আছে৷
বৰ্তমানে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ আৰ এ পি ডি আৰ পিৰ সহকাৰী মহাপ্ৰৱন্ধক হিচাপে গুৱাহাটী পল্টন বজাৰৰ বিজুলী ভৱনত কৰ্মৰত অভিজিত শৰ্মা বৰুৱাৰ প্ৰকাশিত সকলো পুথিৰ বিষয়ে পাঠক সমাজৰ জ্ঞাতাৰ্থে উল্লেখ কৰা হ’ল৷
প্ৰকাশিত উপন্যাসৰ পুথি- প্ৰত্যাৱৰ্তন, যাত্ৰিকৰ ডায়েৰী, আন্ধাৰত জোনাক, মায়া বন্ধন, ইঞ্জিনিয়াৰিং কলেজ, ইপাৰ সিপাৰ, প্ৰেমৰ এদিন, সব্যসাচী৷
গল্পসংকলন- অজ্ঞাতবাসৰ এদিন আৰু এখন চিঠিৰ কথাৰে৷
অনুবাদ [কালজয়ী সাহিত্য]- অদৃশ্য মানৱ, ফ্ৰেংকেনষ্টাইন, ৰহস্যময় দ্বীপ, দুই জগতৰ যুদ্ধ৷
অনুবাদ [বিজ্ঞানমূলক]- চমকপ্ৰদ দ্ৰব্যৰ বিষ্ময়কৰ কাহিনী, নেন’- পৰৱৰ্তী বিপ্লৱ৷
অনুবাদ [শিশু গ্ৰন্থ, ক্লাছিক ছিৰিজ]- হানছেল আৰু গ্ৰেটেল, বুট জোটা পিন্ধা মেকুৰীটো, আল্লাদিন আৰু যাদুকৰী চাকিটো, গালিভাৰৰ ভ্ৰমণ, দুজন কণমানি দেৱতা আৰু মুচীজন, ৰূপকুঁৱৰী আৰু জন্তুটো, হেইডি, ৰঙা উৰণিৰ কণমানিজনী, সঞ্চিত সম্পদৰ দ্বীপটো, চিনড্ৰেলা, আলিবাবা আৰু চল্লিছজন চোৰ, স্ন’ হোৱাইত আৰু সাতটা বাওনা৷
শিশু- কিশোৰৰ বাবে- বিদ্যুতৰ বিচিত্ৰ কাহিনী, ৰিংকু, মাইনী আৰু ইটো সিটো বহুতো, এক অনন্য শক্তি-বিদ্যুত, এলবাৰ্ট আইনষ্টাইন, আইজাক নিউটন, গেলিলিও গেলিলি, মেৰী আৰু পিয়েৰী কুৰী, টমাছ আলভা এডিছন, আৰ্কিমিডিছ, চাৰ্লছ ডাৰউইন, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ, মাদাৰ টেৰেছা, পঞ্চত ন্ত্ৰৰ সাধু, হিতোপদেশৰ সাধু, আকাশী গংগা বিচৰা নাই, তৰস্বিনী মামণি, নতুন পৃথিৱী, মহাবীৰ লাচিত, বীৰ চিলাৰায়, ছায়েন্স প্ৰজেক্ট, ১০১ বিজ্ঞান পৰীক্ষা, নষ্ট পিতৃৰ নষ্ট পুত্ৰ৷
নীতি সাধু কথাৰ চিৰিজ – এটা হাতী আৰু এটা কেঁকোৰা, বৰটোকোলা পোৱালিটো, মাছবোৰ, এটা কাছ আৰু তাৰ বন্ধুবোৰ, কাটল মাছটোৱে তাৰ প্ৰাণ হেৰুৱালে, আৰ্চাৰ মাছটো আৰু তাৰ বিশেষ কৌশল, বুধিয়ক নিগনিটো, ফুলবোৰ, কৌতুহল, উপকাৰী দীঘল নেজডাল, শহা পোৱালিটোৱে গছত বগাবলৈ শিকিলে৷
পঞ্চতন্ত্ৰৰ বিশেষ চিৰিজ –
1] সিংহক জীৱনদান দিয়া মানুহজন, চন্দ্ৰৰ হ্ৰদটো, প্ৰভুভক্ত নেউলটো৷
2] এডাল সাপ আৰু মূৰ্খ ভে কুলীজাক, বুধিয়ক কাউৰী, এটাও হাতী মাৰিব নোৱাৰা শিয়ালটো৷
3] মূৰ্খ বামুণজন, মগজু নথকা গাধটো, যি পায় সি পায়৷
4] গান গোৱা গাধটো, এটা নীলা শিয়াল, এটা বান্দৰ আৰু এটা ঘৰিয়াল৷
5] টেঙা আঙুৰ, এজন টুপী বেপাৰী, এটা কাছ আৰু তাৰ বন্ধুবোৰ৷
6] এটা কাছ আৰু দুটা হাঁহ, নতুন আলহীজন, জ্ঞানী বয়োবৃদ্ধ চৰাইটো৷
7] মূৰ্খ কাউৰীটো, শহা আৰু সিংহ, জ্ঞানী কাছ আৰু তাৰ বন্ধুবোৰ৷
8] এটা সিংহ আৰু এটা নিগনি, যেনে কুকুৰ তেনে টাঙোন, পাৰ চৰাইজাক আৰু নিগনিটো৷
9] বামুণজনৰ সপোন, এটা চোৰৰ ত্যাগ, হাতী আৰু নিগনি৷
10] তিনিজনী মাছ, এটা ফেঁচা আৰু এটা ৰাজহাঁহ, বুঢ়া বৰটোকোলা আৰু কেঁকোৰাটো৷
অভিজিত শৰ্মা বৰুৱাই বিজ্ঞান বিশ্বকোষ, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, সহস্ৰাব্দৰ বিশ্ব, বনলতা নলেজ বেংক, বিশ্ব পৰিক্ৰমা, সাহিত্যৰ ইয়েৰ বুক, অসমীয়া বুক অব্‌ ৰেকৰ্ডছ, সংজ্ঞা অভিধান আদিত সহলেখক হিচাপে সেৱা আগবঢ়াইছে৷ শৰ্মা ডাঙৰীয়াৰ অচিৰেই প্ৰকাশ পাবলগীয়া কিতাপ কেইখনমান হ’ল– ৰং ভৰা দিনবোৰ, স্বামী বিবেকানন্দ, ৰহস্যৰ পম খেদি, আব্দুল কালাম৷
শৰ্মা ডাঙৰীয়া ১৯৮৭ চনত দৈনিক অসমে সদৌ অসম ভিত্তিত পতা উপন্যাস প্ৰতিযোগিতাত শ্ৰেষ্ঠ উপন্যাসৰ বঁটা লাভ কৰিছিল৷ সেই উপন্যাসখনকে লৈ ১৯৯৩ চনত ‘প্ৰত্যাৱৰ্তন’ নামৰ তপন দাস, মৃদুলা বৰুৱা অভিনীত এখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা নিমাৰ্ণ কৰা হৈছিল৷
তেখেতে সাহিত্য একাডেমীৰ একাধিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ নিৰ্বাচক হিচাপে দায়িত্ব পালন কৰিছে৷ তেখেতৰ বহুতো গল্প ইংৰাজী, হিন্দী, তেলেগু ভাষালে অনুবাদ হৈছে৷ ‘জীৱন আৰু সংঘাত’, ‘ ত্ৰিভূৱন বৰদেউতাৰ ভূৱন’, ‘চুৰ, তাল আৰু শব্দ [হিন্দী]’, ‘গুৰু দক্ষিণা [হিন্দী]’, ‘মায়া বন্ধন [হিন্দী]’, ‘যাত্ৰিক ডায়েৰী’, ‘ডাৱৰ ফালি এজাক বৰষুণ’ নামৰ সাতখন টিভি চিৰিয়েল আৰু সংলাপৰ দায়িত্বত আছিল৷
শৰ্মা ডাঙৰীয়াই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ এখনি শিশু ধাৰাবাহিকৰ ১৩ টা খণ্ডৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল৷
অভিজিত শৰ্মা ডাঙৰীয়াৰ আৰু বহুতো তথ্য ঠাইৰ অভাৱত ইয়াত উল্লেখ কৰিব পৰা নগ’ল৷ তেখেতে অসমবাসীলৈ আগবঢ়োৱা সেৱাৰ বাবে আজি ভাৰতবৰ্ষৰ ভিতৰতে নমস্য ব্যক্তি হৈ পৰিছে৷
ৰংমেলা শিশু সমাজ [অসম], আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ [বিশ্বনাথ চাৰিআলি]ৰ লগতে সদৌ অসমৰ শিশুসকলৰ ফালৰ পৰা এইগৰাকী ব্যক্তিলৈ শুভেচ্চা জ্ঞাপন কৰিছোঁ৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!